--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধৰ দামামা বাজি উঠা ইজৰাইলত এতিয়া সকলোতে কেৱল এক ভয়ৰ পৰিবেশে বিৰাজ কৰিছে।যুদ্ধভূমি গাজাৰ পৰা অপহৰণ কৰা হৈছে বহু বিদেশী লোকক।    হামাছে অপহৰণ কৰি নিয়া এগৰাকী  জাৰ্মান যুৱতী  ছনি লুকৰ মৃত্যুৰ কথা ঘোষণা কৰিছে। তেওঁৰ মৃতদেহ উদ্ধাৰো কৰা হৈছে। ইয়াৰ মাজতে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগে ছনিৰ মৃত্যুৰ প্ৰসংগকলৈ হামাছক কঠোৰ সমালোচনা কৰিছে। জাৰ্মান যুৱতীগৰাকীক হামাছে শিৰচ্ছেদ কৰি   হত্যা কৰা বুলি তেওঁ দাবী কৰিছে। 

হাৰজগে জাৰ্মান দৈনিক বিল্ডক কৈছে, "মই অত্যন্ত দুঃখিত। ছনিৰ মৃত্যুৰ খবৰ আমি পাইছো। এয়া  নিশ্চিত যে তেওঁক হত্যা কৰা হৈছে। ছনিৰ মূৰটো  উদ্ধাৰ কৰা হৈছে। যাৰ অৰ্থ হৈছে এয়াই যে সেই বৰ্বৰ জন্তুবোৰে তেওঁক শিৰচ্ছেদ কৰি   হত্যা  কৰিছে।’’ ইজৰাইলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় : "মানুহক নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে। বহুতকে  জ্বলাই হত্যা কৰা হৈছে। " 

 ইজৰাইলে কালি এক্স-হেণ্ডেলত এক বিবৃতিত কয়, "আমি হতবাক হৈছো। এগৰাকী ২৩ বছৰীয়া জাৰ্মান যুৱতী ছনি লুকৰ মৃত্যু হৈছে। তেওঁক হামাছে এটা সংগীত অনুষ্ঠানৰ পৰা অপহৰণ কৰি নিছিল। তেওঁক অকথ্যভাৱে অত্যাচাৰ কৰা হৈছিল। ’’
উল্লেখ্য ৭ অক্টোবৰত  হামাছে ইজৰাইলৰওপৰত  মাৰাত্মক আক্ৰমণ চলাইছিল। তাৰ পিছতে হামাছে  সাধাৰণ মানুহৰ ওপৰত চলোৱা  নিৰ্মম অত্যাচাৰৰ ছবি দেখি সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছিল। ছনিৰ ওপৰত হোৱা অত্যাচাৰৰ এটা ভিডিঅ' মুকলি কৰা হৈছিল। ইয়াত এগৰাকী যুৱতীৰ নগ্ন মৃতদেহ হামাছ  সন্ত্ৰাসবাদীয়ে এখন পিক-আপ ভানত কঢ়িয়াই নিয়া দেখা গৈছে। জানিব পৰা মতে মৃত্যু ঘটা  যুৱতীগৰাকী পেছাত এগৰাকী টাটু শিল্পী আছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা