--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধৰ দামামা বাজি উঠা ইজৰাইলত এতিয়া সকলোতে কেৱল এক ভয়ৰ পৰিবেশে বিৰাজ কৰিছে।যুদ্ধভূমি গাজাৰ পৰা অপহৰণ কৰা হৈছে বহু বিদেশী লোকক।    হামাছে অপহৰণ কৰি নিয়া এগৰাকী  জাৰ্মান যুৱতী  ছনি লুকৰ মৃত্যুৰ কথা ঘোষণা কৰিছে। তেওঁৰ মৃতদেহ উদ্ধাৰো কৰা হৈছে। ইয়াৰ মাজতে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগে ছনিৰ মৃত্যুৰ প্ৰসংগকলৈ হামাছক কঠোৰ সমালোচনা কৰিছে। জাৰ্মান যুৱতীগৰাকীক হামাছে শিৰচ্ছেদ কৰি   হত্যা কৰা বুলি তেওঁ দাবী কৰিছে। 

হাৰজগে জাৰ্মান দৈনিক বিল্ডক কৈছে, "মই অত্যন্ত দুঃখিত। ছনিৰ মৃত্যুৰ খবৰ আমি পাইছো। এয়া  নিশ্চিত যে তেওঁক হত্যা কৰা হৈছে। ছনিৰ মূৰটো  উদ্ধাৰ কৰা হৈছে। যাৰ অৰ্থ হৈছে এয়াই যে সেই বৰ্বৰ জন্তুবোৰে তেওঁক শিৰচ্ছেদ কৰি   হত্যা  কৰিছে।’’ ইজৰাইলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় : "মানুহক নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে। বহুতকে  জ্বলাই হত্যা কৰা হৈছে। " 

 ইজৰাইলে কালি এক্স-হেণ্ডেলত এক বিবৃতিত কয়, "আমি হতবাক হৈছো। এগৰাকী ২৩ বছৰীয়া জাৰ্মান যুৱতী ছনি লুকৰ মৃত্যু হৈছে। তেওঁক হামাছে এটা সংগীত অনুষ্ঠানৰ পৰা অপহৰণ কৰি নিছিল। তেওঁক অকথ্যভাৱে অত্যাচাৰ কৰা হৈছিল। ’’
উল্লেখ্য ৭ অক্টোবৰত  হামাছে ইজৰাইলৰওপৰত  মাৰাত্মক আক্ৰমণ চলাইছিল। তাৰ পিছতে হামাছে  সাধাৰণ মানুহৰ ওপৰত চলোৱা  নিৰ্মম অত্যাচাৰৰ ছবি দেখি সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছিল। ছনিৰ ওপৰত হোৱা অত্যাচাৰৰ এটা ভিডিঅ' মুকলি কৰা হৈছিল। ইয়াত এগৰাকী যুৱতীৰ নগ্ন মৃতদেহ হামাছ  সন্ত্ৰাসবাদীয়ে এখন পিক-আপ ভানত কঢ়িয়াই নিয়া দেখা গৈছে। জানিব পৰা মতে মৃত্যু ঘটা  যুৱতীগৰাকী পেছাত এগৰাকী টাটু শিল্পী আছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক