--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত সাম্প্ৰদায়িক উত্তেজনাই গা কৰি উঠাৰ সময়তে ৰাজস্থানৰ আলোৱাৰত এটা হিন্দু মন্দিৰ ভঙাক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। এই ঘটনাক লৈ শাসক, বিৰোধীৰ মাজত সংঘাতৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। আলোৱাৰ জিলাৰ ‘ছাৰাই মোহাল্লা’ত থকা এটা ৩০০ বছৰীয়া এটা শিৱ মন্দিৰ ভঙাক লৈ ৰাজনৈতিক বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটা দেখিবলৈ পোৱা গৈছে। এই ঘটনাৰ পাছতে নগৰ পঞ্চায়তৰ কাৰ্যবাহী বিষয়া আৰু ছাব ডিভিজনেল মেজিষ্ট্ৰেট তথা ৰাজগড়ৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে বিজেপিয়ে।

এই উচ্ছেদ অভিযানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপি নেতা অমিত মালব্যই শাসকীয় কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ কয় যে, কাৰাউলী আৰু জাহাংগীৰপুৰীক লৈ চকুপানী টোকা আৰু ইয়াত এনেদৰে হিন্দুৰ বিশ্বাসত আঘাত হনাটোৱেই হৈছে কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতা। তেওঁ আন এটা টুইটত লগতে অভিযোগ কৰে যে, ১৮ এপ্ৰিলত ৰাজস্থানৰ ৰাজগড় চহৰত প্ৰশাসনে কোনো জাননী জাৰি নকৰাকৈ ৮৫ হিন্দু পৰিয়ালৰ ঘৰ আৰু দোকানত বুলড’জাৰ চলাইছিল।

ইফালে, ৰাজস্থানৰ মন্ত্ৰী প্ৰতাপ সিং কাচাৰিয়াই বিজেপিয়ে কৰা দাবীক মিথ্যাচাৰ আখ্যা দিছে। তেওঁ প্ৰতিঅভিযোগ উত্থাপন কৰি কয় যে, ৰাজগড় পৌৰ নিগমৰ মুৰব্বী তথা এগৰাকী বিজেপি নেতাগৰাকীয়েহে মন্দিৰ আৰু ঘৰ উচ্ছেদ কৰাৰ বাবে প্ৰস্তাৱ দিছিল। কাচাৰিয়াৰ নিৰ্দেশতে এই উচ্ছেদ অভিযান চলিছিল অথচ এগৰাকী কংগ্ৰেছ বিধায়কে ইয়াৰ বিৰোধিতাহে কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে