--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত সাম্প্ৰদায়িক উত্তেজনাই গা কৰি উঠাৰ সময়তে ৰাজস্থানৰ আলোৱাৰত এটা হিন্দু মন্দিৰ ভঙাক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। এই ঘটনাক লৈ শাসক, বিৰোধীৰ মাজত সংঘাতৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। আলোৱাৰ জিলাৰ ‘ছাৰাই মোহাল্লা’ত থকা এটা ৩০০ বছৰীয়া এটা শিৱ মন্দিৰ ভঙাক লৈ ৰাজনৈতিক বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটা দেখিবলৈ পোৱা গৈছে। এই ঘটনাৰ পাছতে নগৰ পঞ্চায়তৰ কাৰ্যবাহী বিষয়া আৰু ছাব ডিভিজনেল মেজিষ্ট্ৰেট তথা ৰাজগড়ৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে বিজেপিয়ে।

এই উচ্ছেদ অভিযানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপি নেতা অমিত মালব্যই শাসকীয় কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ কয় যে, কাৰাউলী আৰু জাহাংগীৰপুৰীক লৈ চকুপানী টোকা আৰু ইয়াত এনেদৰে হিন্দুৰ বিশ্বাসত আঘাত হনাটোৱেই হৈছে কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতা। তেওঁ আন এটা টুইটত লগতে অভিযোগ কৰে যে, ১৮ এপ্ৰিলত ৰাজস্থানৰ ৰাজগড় চহৰত প্ৰশাসনে কোনো জাননী জাৰি নকৰাকৈ ৮৫ হিন্দু পৰিয়ালৰ ঘৰ আৰু দোকানত বুলড’জাৰ চলাইছিল।

ইফালে, ৰাজস্থানৰ মন্ত্ৰী প্ৰতাপ সিং কাচাৰিয়াই বিজেপিয়ে কৰা দাবীক মিথ্যাচাৰ আখ্যা দিছে। তেওঁ প্ৰতিঅভিযোগ উত্থাপন কৰি কয় যে, ৰাজগড় পৌৰ নিগমৰ মুৰব্বী তথা এগৰাকী বিজেপি নেতাগৰাকীয়েহে মন্দিৰ আৰু ঘৰ উচ্ছেদ কৰাৰ বাবে প্ৰস্তাৱ দিছিল। কাচাৰিয়াৰ নিৰ্দেশতে এই উচ্ছেদ অভিযান চলিছিল অথচ এগৰাকী কংগ্ৰেছ বিধায়কে ইয়াৰ বিৰোধিতাহে কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ