--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেংক জালিয়াতি কাণ্ডই বিগত দীঘলীয়া সময় ধৰি দেশত আলোড়ন সৃষ্টি কৰি আহিছে। বিজয় মালিয়াৰ পৰা মেহুল ছোক্সী, নীৰৱ মোদীলৈ ইজনৰ পাছত সিজন প্ৰৱঞ্চকে বিভিন্ন বেংকৰ হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিছে পলায়ন কৰিছে বিদেশলৈ। ভাৰতীয় নাগৰিকৰ কষ্টোপাৰ্জিত ধন একাংশ অসাধু বেংক বিষয়াৰ সহযোগত হৰলুকি হৈছে বেংকৰ পৰাই। এই পৰম্পৰাৰ যেন এতিয়া অৱসান নঘটিবই! বিজয় মালিয়া, নীৰৱ মোদীৰ দৰে প্ৰৱঞ্চকৰ প্ৰতাৰণাৰ কাহিনীক চেৰ পেলাই এইবাৰ পোহৰলৈ আহিছে আন এটা বৃহৎ বেংক জালিয়াতি কাণ্ড। দেশৰ ভিতৰতে সৰ্ববৃহৎ প্ৰবঞ্চনাৰ ঘটনা বুলি চিহ্নিত হৈছে এই জালিয়াতি। চিবিআই-এ তদন্ত কৰি থকা এই জালিয়াতি কাণ্ডত জড়িত লোকসকলক বিচাৰি এতিয়া জাৰি কৰা হৈছে লুকআউট নটিচ। দেশ এৰি যোৱাৰ পৰা অভিযুক্তক বাধা দিবলৈ তীক্ষ্ণ নজৰদাৰি আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে। বিমানবন্দৰ বা দেশৰ সীমান্ত অঞ্চলেৰে অভিযুক্তসকল যাতে পলাই যাব নোৱাৰে তাৰ বাবে জাৰি কৰা হৈছে জাননী। এবিজি শ্বিপয়াৰ্ড নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ক্ৰমে ঋষি আগৰৱাল, সন্থানম মুথুস্বামী আৰু অশ্বিনী কুমাৰ সহিতে কোম্পানীটোৰ অন্যান্য বিষয়ববীয়া তথা শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলক তদন্তৰ বাবে বিচাৰিছে চিবিআই-এ। দেশৰ সৰ্ববৃহৎ বেংক জালিয়াতি কাণ্ড বুলি চিহ্নিত হোৱা এই কাণ্ডত এবিজি শ্বিপয়াৰ্ডে ২২,৮৪২কোটি টকাৰ কেলেংকাৰী কৰা বুলি পোহৰলৈ আহিছে। ষ্টেট বেংক অব ইণ্ডিয়াকে ধৰি ২৮টা বেংকৰ পৰা এই বৃহৎ পৰিমাণৰ ঋণ লৈ কোম্পানীটোৱে ঘূৰাই দিয়া নাই বুলি তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে। তাৰ সলনি কোম্পানীটোৱে এই বৃহৎ পৰিমাণৰ ধনৰাশি কমেও ৯৮টা সহযোগী কোম্পানীলৈ প্ৰেৰণ কৰা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। এবিজি গ্ৰুপৰ মূল অংশ হিচাপে বিবেচিত এবিজি শ্বিপয়াৰ্ড কোম্পানীটো জাহাজ নিৰ্মাণ আৰু মেৰামতিৰ কামত জড়িত। গুজৰাটৰ ছুৰাটৰ দাজেত এই কোম্পানীটো আছে। কোম্পানীটোৰ এই বৃহৎ জালিয়াতি পোহৰলৈ অহাৰ পাছতে পুনৰ দেশত তোলপাৰ লাগিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে নীৰৱ মোদী আৰু মেহুল ছোক্সীয়ে পাঞ্জাব নেচনেল বেংকৰ কেইবাহাজাৰ কোটি টকা আত্মস্যাৎ কৰি দেশ এৰি পলাইছিল। একেদৰে সুৰা সম্ৰাট বুলি পৰিচিত বিজয় মালিয়াৰ কাহিনীও অনুৰূপ। এতিয়া এবিজি শ্বিপয়াৰ্ডৰ এইসকল বেংক লুণ্ঠনকাৰী তদন্তকাৰীৰ জালত পৰে নে নাই সেয়াহে লক্ষ্যণীয় হ’ব। দেশৰ বেংক ব্যৱস্থাৰ ৰাজহাড় ভাঙি দিয়া এনে লুণ্ঠনকাৰ্য প্ৰতিৰোধ কৰাটো এতিয়া দেশৰ বাবেই এক বৃহৎ প্ৰত্যাহ্বানত পৰিণত হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ