--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেংক জালিয়াতি কাণ্ডই বিগত দীঘলীয়া সময় ধৰি দেশত আলোড়ন সৃষ্টি কৰি আহিছে। বিজয় মালিয়াৰ পৰা মেহুল ছোক্সী, নীৰৱ মোদীলৈ ইজনৰ পাছত সিজন প্ৰৱঞ্চকে বিভিন্ন বেংকৰ হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিছে পলায়ন কৰিছে বিদেশলৈ। ভাৰতীয় নাগৰিকৰ কষ্টোপাৰ্জিত ধন একাংশ অসাধু বেংক বিষয়াৰ সহযোগত হৰলুকি হৈছে বেংকৰ পৰাই। এই পৰম্পৰাৰ যেন এতিয়া অৱসান নঘটিবই! বিজয় মালিয়া, নীৰৱ মোদীৰ দৰে প্ৰৱঞ্চকৰ প্ৰতাৰণাৰ কাহিনীক চেৰ পেলাই এইবাৰ পোহৰলৈ আহিছে আন এটা বৃহৎ বেংক জালিয়াতি কাণ্ড। দেশৰ ভিতৰতে সৰ্ববৃহৎ প্ৰবঞ্চনাৰ ঘটনা বুলি চিহ্নিত হৈছে এই জালিয়াতি। চিবিআই-এ তদন্ত কৰি থকা এই জালিয়াতি কাণ্ডত জড়িত লোকসকলক বিচাৰি এতিয়া জাৰি কৰা হৈছে লুকআউট নটিচ। দেশ এৰি যোৱাৰ পৰা অভিযুক্তক বাধা দিবলৈ তীক্ষ্ণ নজৰদাৰি আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে। বিমানবন্দৰ বা দেশৰ সীমান্ত অঞ্চলেৰে অভিযুক্তসকল যাতে পলাই যাব নোৱাৰে তাৰ বাবে জাৰি কৰা হৈছে জাননী। এবিজি শ্বিপয়াৰ্ড নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ক্ৰমে ঋষি আগৰৱাল, সন্থানম মুথুস্বামী আৰু অশ্বিনী কুমাৰ সহিতে কোম্পানীটোৰ অন্যান্য বিষয়ববীয়া তথা শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলক তদন্তৰ বাবে বিচাৰিছে চিবিআই-এ। দেশৰ সৰ্ববৃহৎ বেংক জালিয়াতি কাণ্ড বুলি চিহ্নিত হোৱা এই কাণ্ডত এবিজি শ্বিপয়াৰ্ডে ২২,৮৪২কোটি টকাৰ কেলেংকাৰী কৰা বুলি পোহৰলৈ আহিছে। ষ্টেট বেংক অব ইণ্ডিয়াকে ধৰি ২৮টা বেংকৰ পৰা এই বৃহৎ পৰিমাণৰ ঋণ লৈ কোম্পানীটোৱে ঘূৰাই দিয়া নাই বুলি তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে। তাৰ সলনি কোম্পানীটোৱে এই বৃহৎ পৰিমাণৰ ধনৰাশি কমেও ৯৮টা সহযোগী কোম্পানীলৈ প্ৰেৰণ কৰা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। এবিজি গ্ৰুপৰ মূল অংশ হিচাপে বিবেচিত এবিজি শ্বিপয়াৰ্ড কোম্পানীটো জাহাজ নিৰ্মাণ আৰু মেৰামতিৰ কামত জড়িত। গুজৰাটৰ ছুৰাটৰ দাজেত এই কোম্পানীটো আছে। কোম্পানীটোৰ এই বৃহৎ জালিয়াতি পোহৰলৈ অহাৰ পাছতে পুনৰ দেশত তোলপাৰ লাগিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে নীৰৱ মোদী আৰু মেহুল ছোক্সীয়ে পাঞ্জাব নেচনেল বেংকৰ কেইবাহাজাৰ কোটি টকা আত্মস্যাৎ কৰি দেশ এৰি পলাইছিল। একেদৰে সুৰা সম্ৰাট বুলি পৰিচিত বিজয় মালিয়াৰ কাহিনীও অনুৰূপ। এতিয়া এবিজি শ্বিপয়াৰ্ডৰ এইসকল বেংক লুণ্ঠনকাৰী তদন্তকাৰীৰ জালত পৰে নে নাই সেয়াহে লক্ষ্যণীয় হ’ব। দেশৰ বেংক ব্যৱস্থাৰ ৰাজহাড় ভাঙি দিয়া এনে লুণ্ঠনকাৰ্য প্ৰতিৰোধ কৰাটো এতিয়া দেশৰ বাবেই এক বৃহৎ প্ৰত্যাহ্বানত পৰিণত হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনত একেখন মঞ্চত থিয় হ'ব মোদী-জিনপিং-পুটিনসহ শীর্ষ নেতা
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান