--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাৱী অভিনেতা দীৰ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু। কৃষক আন্দোলনত চামিল হোৱা অভিনেতাজন যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত হোৱা হিংসাৰ গোচৰত অভিযুক্ত হৈছিল। তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ জামিনত মুকলি হৈ আছিল। আজি অভিনেতাজনৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। কুণ্ডিল-মানেছাৰ-পালৱাল এক্সপ্ৰেছ ৱে’ত তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। দিল্লীৰ পৰা ভাটিণ্ডালৈ গৈ আছিল দীপ সিদ্ধু। তেনেতে নিশা প্ৰায় ৯.৩০বজাত তেওঁৰ গাড়ীখনে ট্ৰাকৰ পিছফালে খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। আৰক্ষীয়ে এই দুৰ্ঘটনাৰ তথ্য সদৰি কৰিছে। হাস্পতালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ পাছত সিদ্ধুক মৃত অৱস্থাত হাস্পতাললৈ অনা হৈছিল। অভিনেতাজনৰ আকস্মিক মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে, যোৱা বছৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ মাজতে প্ৰতিবাদী কৃষকে চলোৱা আন্দোলনত চামিল হৈছিল সিদ্ধু। লালকিল্লাত এই আন্দোলনৰ সময়ত ভালেমান প্ৰতিবাদকাৰীয়ে সংঘাতৰ সৃষ্টি কৰিছিল। কিন্তু আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু ভালেমান লোকে আৰক্ষীৰ সৈতে হিংসাত্মক সংঘাতত লিপ্ত হয়। সিদ্ধুক এই হিংসাত জড়িত থকাৰ অভিযোগত ফেব্ৰুৱাৰী মাহত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বিগত এপ্ৰিল মাহত তেওঁ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়