--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাৱী অভিনেতা দীৰ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু। কৃষক আন্দোলনত চামিল হোৱা অভিনেতাজন যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত হোৱা হিংসাৰ গোচৰত অভিযুক্ত হৈছিল। তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ জামিনত মুকলি হৈ আছিল। আজি অভিনেতাজনৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। কুণ্ডিল-মানেছাৰ-পালৱাল এক্সপ্ৰেছ ৱে’ত তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। দিল্লীৰ পৰা ভাটিণ্ডালৈ গৈ আছিল দীপ সিদ্ধু। তেনেতে নিশা প্ৰায় ৯.৩০বজাত তেওঁৰ গাড়ীখনে ট্ৰাকৰ পিছফালে খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। আৰক্ষীয়ে এই দুৰ্ঘটনাৰ তথ্য সদৰি কৰিছে। হাস্পতালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ পাছত সিদ্ধুক মৃত অৱস্থাত হাস্পতাললৈ অনা হৈছিল। অভিনেতাজনৰ আকস্মিক মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে, যোৱা বছৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ মাজতে প্ৰতিবাদী কৃষকে চলোৱা আন্দোলনত চামিল হৈছিল সিদ্ধু। লালকিল্লাত এই আন্দোলনৰ সময়ত ভালেমান প্ৰতিবাদকাৰীয়ে সংঘাতৰ সৃষ্টি কৰিছিল। কিন্তু আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু ভালেমান লোকে আৰক্ষীৰ সৈতে হিংসাত্মক সংঘাতত লিপ্ত হয়। সিদ্ধুক এই হিংসাত জড়িত থকাৰ অভিযোগত ফেব্ৰুৱাৰী মাহত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বিগত এপ্ৰিল মাহত তেওঁ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন