--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি চলিছে শাৰদীয়া দুৰ্গোৎসৱৰ প্ৰস্তুতি। ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া নৱৰাত্ৰি ১১ অক্টোবৰত নৱমী পূজাৰে সমাপ্ত হ’ব আৰু ১২ নৱেম্বৰত দেৱী বিসৰ্জন দিয়া হ’ব। এনে পৰিস্থিতিত ৰামনগৰী অযোধ্যাত আগন্তুক দুৰ্গোৎসৱৰ উৎসৱৰ বাবে খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে জাৰি কৰিছে এক নিৰ্দেশনা। অযোধ্যা প্ৰশাসনে ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ মাংস, মাছ বিক্ৰী কৰা দোকানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ পালন নকৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিছে প্ৰশাসনে।
 
সহকাৰী খাদ্য আয়ুক্ত মাণিকচান্দে সদৰি কৰা অনুসৰি আগন্তুক দুৰ্গোৎসৱৰ সময়ছোৱাত অযোধ্যা জিলাত মাংস, মাছ আদিৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ২০০৬ৰ ধাৰা অনুসৰি যিসকলে এই নিৰ্দেশনা অমান্য কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যদি এই সময়ছোৱাত কোনো দোকানত মাংস বিক্ৰী বা মজুত কৰা হৈছে তেন্তে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে। 
 
উল্লেখযোগ্য যে  জনবিশ্বাস মতে এই সময়ছোৱাত ভক্তসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।সেয়ে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে। এই সময়ছোৱাত মাংস বিক্ৰীৰ অনুজ্ঞাপত্ৰথকা দোকানসমূহত মাংস বিক্ৰী কৰিলে, চৰকাৰী নিৰ্দেশ অনুসৰি এইবোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে যিসকলে অনুজ্ঞাপত্ৰ অবিহনে বা পথৰ দাঁতিত মাংস মাছ বিক্ৰী কৰি আছে। তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সদৰি কৰিছে৷

প্ৰশ্ন হয় যি সকল লোকৰ মাছ-মাংস বিক্ৰী উপাৰ্জনৰ এক মাত্ৰ সম্বল এইসকল লোকক শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত ৯ দিন কৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, প্ৰশাসনে এই ৯ টা দিনৰ ক্ষতিপূৰণ দিব নে? প্ৰশাসনে এবাৰ ভাবিচাইছে নে ৯ দিনকৈ উপাৰ্জনৰ পথ বন্ধ হৈ থাকিলে এই লোকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হ’ব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হ'ব কাজিৰঙা, উত্তৰ-পূবৰ ৮ স্থানক লৈ ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘোষণা
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে