--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি চলিছে শাৰদীয়া দুৰ্গোৎসৱৰ প্ৰস্তুতি। ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া নৱৰাত্ৰি ১১ অক্টোবৰত নৱমী পূজাৰে সমাপ্ত হ’ব আৰু ১২ নৱেম্বৰত দেৱী বিসৰ্জন দিয়া হ’ব। এনে পৰিস্থিতিত ৰামনগৰী অযোধ্যাত আগন্তুক দুৰ্গোৎসৱৰ উৎসৱৰ বাবে খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে জাৰি কৰিছে এক নিৰ্দেশনা। অযোধ্যা প্ৰশাসনে ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ মাংস, মাছ বিক্ৰী কৰা দোকানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ পালন নকৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিছে প্ৰশাসনে।
 
সহকাৰী খাদ্য আয়ুক্ত মাণিকচান্দে সদৰি কৰা অনুসৰি আগন্তুক দুৰ্গোৎসৱৰ সময়ছোৱাত অযোধ্যা জিলাত মাংস, মাছ আদিৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ২০০৬ৰ ধাৰা অনুসৰি যিসকলে এই নিৰ্দেশনা অমান্য কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যদি এই সময়ছোৱাত কোনো দোকানত মাংস বিক্ৰী বা মজুত কৰা হৈছে তেন্তে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে। 
 
উল্লেখযোগ্য যে  জনবিশ্বাস মতে এই সময়ছোৱাত ভক্তসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।সেয়ে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে। এই সময়ছোৱাত মাংস বিক্ৰীৰ অনুজ্ঞাপত্ৰথকা দোকানসমূহত মাংস বিক্ৰী কৰিলে, চৰকাৰী নিৰ্দেশ অনুসৰি এইবোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে যিসকলে অনুজ্ঞাপত্ৰ অবিহনে বা পথৰ দাঁতিত মাংস মাছ বিক্ৰী কৰি আছে। তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সদৰি কৰিছে৷

প্ৰশ্ন হয় যি সকল লোকৰ মাছ-মাংস বিক্ৰী উপাৰ্জনৰ এক মাত্ৰ সম্বল এইসকল লোকক শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত ৯ দিন কৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, প্ৰশাসনে এই ৯ টা দিনৰ ক্ষতিপূৰণ দিব নে? প্ৰশাসনে এবাৰ ভাবিচাইছে নে ৯ দিনকৈ উপাৰ্জনৰ পথ বন্ধ হৈ থাকিলে এই লোকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হ’ব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement