--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অশান্ত মণিপুৰ শান্ত হ’ব নে? ছেগা-চোৰোকাকৈ মণিপুৰত উত্তপ্ত পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈ আহিছে৷ শেহতীয়কৈ মণিপুৰত দুজন যুৱকৰ অপহৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷

প্ৰাপ্ত তথ্য অনুসৰি মণিপুৰত দুজন যুৱকক অপহৰণৰ প্ৰতিবাদত মেইটেই গোটৰ যুটীয়া কৰ্ম সমিতিয়ে বন্ধৰ আহ্বান জনাইছে৷ প্ৰতিবাদকাৰীসকলে  উত্তাৱল হৈ ৰাজপথত অগ্নিসংযোগতো লিপ্ত হোৱা বুলি জালিব পৰা গৈছে। মহিলাসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। যুটীয়া কৰ্ম সমিতিৰ বন্ধৰ আহ্বানত সকলো দোকান-পোহাৰ আৰু কাৰ্যালয় বন্ধ হৈ থাকা পৰিলক্ষিত হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে প্ৰতিবাদতকাৰী সকলে থৌবাল, ৱাংজিং, ইয়াৰিপক আৰু খাংবকৰ মেলা খেলপথাৰত ১০২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। প্ৰতিবাদতকাৰী মহিলাসকলে পথত শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে, আনহাতে যুৱকসকলে পথত টায়াৰ জ্বলাই যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া পৰিলক্ষিত হয়। জেএচিৰ সমন্বয়কে অপহৃত যুৱক দুজনে মুক্তি নোপোৱালৈকে এই প্ৰতিবাদ অব্যাহত থাকিববুলি স্পষ্ট কৰি দিয়ে৷

বিগত সপ্তাহত থৌবাল জিলাৰ কাংপকপিত তিনিজন যুৱকক অপহৰণ কৰা হৈছিল।শনিবাৰে বিয়লি ইম্ফল পশ্চিম জিলাৰ নিউ কিথেলমানবিত নিযুক্তি পৰীক্ষাত হাজিৰ হ’বলৈ যাওঁতে অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল তিনি যুৱকক। দেওবাৰে যদিও সেনাৰ অনুসন্ধান অভিযানত নিংগোম্বাম জনছন সিং নামৰ এজন যুৱকক উদ্ধাৰ কৰিছে৷ আন দুজন যুৱক অইনাম থোইথ’ই সিং আৰু থ’কচোম থোইথ’ইবা সিংএতিয়াও উগ্ৰপন্থীৰ জিম্মাত।

এই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ ৰাজ্যিক গোটে ৰাজ্য চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী কে মেঘচন্দ্ৰই কয় যে যুৱকজনক অপহৰণ কৰা ঘটনাই ৰাজ্যখনৰ আইন-শৃংখলাৰ ব্যৰ্থতাকে প্ৰদৰ্শন কৰিছে বুলি বক্তব্য প্ৰদান কৰিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু বিধায়কসকলৰ সৈতে এক যৌথ বৈঠকত তেওঁ মুখ্যমন্ত্ৰীক দেশৰ সাংবিধানিক বিধান আৰু আইন কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাইছিল বুলিও বক্তব্য প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় যে যুৱক দুজনক উদ্ধাৰ কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰাও সহায় বিচাৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে বুলি সদৰি কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement