--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অশান্ত মণিপুৰ শান্ত হ’ব নে? ছেগা-চোৰোকাকৈ মণিপুৰত উত্তপ্ত পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈ আহিছে৷ শেহতীয়কৈ মণিপুৰত দুজন যুৱকৰ অপহৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷

প্ৰাপ্ত তথ্য অনুসৰি মণিপুৰত দুজন যুৱকক অপহৰণৰ প্ৰতিবাদত মেইটেই গোটৰ যুটীয়া কৰ্ম সমিতিয়ে বন্ধৰ আহ্বান জনাইছে৷ প্ৰতিবাদকাৰীসকলে  উত্তাৱল হৈ ৰাজপথত অগ্নিসংযোগতো লিপ্ত হোৱা বুলি জালিব পৰা গৈছে। মহিলাসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। যুটীয়া কৰ্ম সমিতিৰ বন্ধৰ আহ্বানত সকলো দোকান-পোহাৰ আৰু কাৰ্যালয় বন্ধ হৈ থাকা পৰিলক্ষিত হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে প্ৰতিবাদতকাৰী সকলে থৌবাল, ৱাংজিং, ইয়াৰিপক আৰু খাংবকৰ মেলা খেলপথাৰত ১০২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। প্ৰতিবাদতকাৰী মহিলাসকলে পথত শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে, আনহাতে যুৱকসকলে পথত টায়াৰ জ্বলাই যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া পৰিলক্ষিত হয়। জেএচিৰ সমন্বয়কে অপহৃত যুৱক দুজনে মুক্তি নোপোৱালৈকে এই প্ৰতিবাদ অব্যাহত থাকিববুলি স্পষ্ট কৰি দিয়ে৷

বিগত সপ্তাহত থৌবাল জিলাৰ কাংপকপিত তিনিজন যুৱকক অপহৰণ কৰা হৈছিল।শনিবাৰে বিয়লি ইম্ফল পশ্চিম জিলাৰ নিউ কিথেলমানবিত নিযুক্তি পৰীক্ষাত হাজিৰ হ’বলৈ যাওঁতে অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল তিনি যুৱকক। দেওবাৰে যদিও সেনাৰ অনুসন্ধান অভিযানত নিংগোম্বাম জনছন সিং নামৰ এজন যুৱকক উদ্ধাৰ কৰিছে৷ আন দুজন যুৱক অইনাম থোইথ’ই সিং আৰু থ’কচোম থোইথ’ইবা সিংএতিয়াও উগ্ৰপন্থীৰ জিম্মাত।

এই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ ৰাজ্যিক গোটে ৰাজ্য চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী কে মেঘচন্দ্ৰই কয় যে যুৱকজনক অপহৰণ কৰা ঘটনাই ৰাজ্যখনৰ আইন-শৃংখলাৰ ব্যৰ্থতাকে প্ৰদৰ্শন কৰিছে বুলি বক্তব্য প্ৰদান কৰিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু বিধায়কসকলৰ সৈতে এক যৌথ বৈঠকত তেওঁ মুখ্যমন্ত্ৰীক দেশৰ সাংবিধানিক বিধান আৰু আইন কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাইছিল বুলিও বক্তব্য প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় যে যুৱক দুজনক উদ্ধাৰ কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰাও সহায় বিচাৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে বুলি সদৰি কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু