--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেঠেলা মাৰিছে মধ্যপ্ৰদেশৰ ডাৱল ইঞ্জিন চৰকাৰ ৷ বিগত ডেৰ বছৰত মধ্যপ্ৰদেশত ৭৩৩খন নিয়োগ মেলাৰ আয়োজন কৰা হৈছে কিন্তু এতিয়াও চাকৰিৰ বাবে নিৰন্তৰ যুঁজি আছে লাখ লাখ উচ্চ ডিগ্ৰীধাৰী, অভিযন্তা আৰু স্নাতকোত্তৰ। 

এক প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশত অভিযান্ত্ৰিক ডিগ্ৰীধাৰী প্ৰায় ১ লাখ ২০ হাজাৰ লোকে চাকৰি বিচাৰিছে। একে সময়তে প্ৰায় ডেৰ লাখ লোকেও স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি চাকৰি বিচাৰিছে।।  ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ দুৰৱস্থাক লৈ চৰকাৰে যেন ভ্ৰুকুটিহে কৰিছে এই মেলাৰ জৰিয়তে। চাকৰিৰ পৰিবৰ্তে চৰকাৰী নিয়োগ মেলাসমূহে যুৱক-যুৱতীসকলক কৰিছে হতাশা। 

Unemployment as Factor of International Migration - Research leap

প্ৰায় ২৬ লাখ নিবনুৱাৰ বোজাত কোঙা ৰাজ্যখন ৷ চৰকাৰৰ ৭৩৩খন ‘নিয়োগ মেলা’ৰে প্ৰবঞ্চনা নিবনুৱাক ৷ অভিযান্ত্ৰিক ডিগ্ৰীধাৰী প্ৰায় ১ লাখ ২৫ হাজাৰ লোক চাকৰিৰ দৌৰত৷ ডাৱল ইঞ্জিন চৰকাৰৰ এখন ৰাজ্যৰ নিবনুৱা সকলক লৈ চৰকাৰৰ দায়বদ্ধতা কিমান তাৰ এক অবাঞ্চিত উদাহৰণ দেখিবলৈ পোৱা গ’ল শেহতীয়া এক প্ৰতিবেদনত।‌

মধ্যপ্ৰদেশত চৰকাৰে বৃহৎ বিজ্ঞাপনৰ ঢাক-ঢোল বজাই নিয়োগ মেলাৰ বিষয়ে প্ৰচাৰ কৰিছিল ঠিকে। যদিও নিয়োগ মেলাৰ বাস্তৱিক ৰূপ আছিল অতি পীড়াদায়ক।


ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশত নিবনুৱা শ্ৰেণীত পৰে উচ্চ শিক্ষিত লোক। য'ত আছে এম বি এ স্নাতক, দন্ত চিকিৎসক আৰু চিকিৎসক। চৰকাৰী চাকৰি বিচৰাৰ তালিকাত আছে ১৬ হাজাৰৰো অধিক এম বি এ ডিগ্ৰীধাৰী,৩৬০০ৰো অধিক ডাক্তৰ আৰু বিডিএছ ডিগ্ৰীধাৰী ৷একে সময়তে স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যাও প্ৰায় ৮.৭ লাখ

উল্লেখযোগ্য যে মধ্যপ্ৰদেশ চৰকাৰে ২০২২ বৰ্ষত ৰাজ্যৰ চাৰি লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। দুৰ্ভাগ্য এই যে ২০২৪ চনৰ ৩১ মে’লৈকে চাকৰি পোৱাৰ আশাত ২৫ লাখ ৮২ হাজাৰ ৭৮৯ নিবনুৱাই নিয়োগ পৰ্টেলত পঞ্জীয়ন কৰিছে।পঞ্জীয়ন কৰাসকলৰ ভিতৰত স্নাতক আৰু তাৰ ওপৰৰ অৰ্হতা থকাৰ সংখ্যা প্ৰায় ১২ লাখ, যিটো মুঠ সংখ্যাৰ প্ৰায় ৪৫ শতাংশ।

How Does The Unemployment Rate Affect Hiring?

তাৰোপৰি মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা একো একোখন‌ ‘নিয়োগ মেলা’ৰ দৰে প্ৰহসনেৰে চৰকাৰে নিবনুৱাসকলক উপলুঙা কৰাৰ অভিযোগ উত্থাপন হৈছে। 

৭৩৩খন নিয়োগ মেলাই ৰাজ্যখনৰ লাখ লাখ নিবনুৱাক আকৌ এবাৰ প্ৰবঞ্চনাটো কৰাৰ লগতে কৰিলে উপলুঙাও। এই খবৰ অতি মৰ্মান্তিক নুবুলি নোৱাৰি। কিয়নো নিয়োগপ্ৰত্যাশী যোগ্য লোক এজনে কিমান আগ্ৰহেৰে এনেদৰে চাকৰি এটাৰ বাবে আবেদন কৰে সেয়া পুনৰ এবাৰ কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকক উচিত সংস্থাপন দিব নোৱাৰিলেও তেওঁলোকক নিয়োগ মেলাৰ নামত বাৰে বাৰে প্ৰবঞ্চনা কৰাৰ অধিকাৰো নিশ্চয় কাৰো নাই ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু