--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গেঠেলা মাৰিছে মধ্যপ্ৰদেশৰ ডাৱল ইঞ্জিন চৰকাৰ ৷ বিগত ডেৰ বছৰত মধ্যপ্ৰদেশত ৭৩৩খন নিয়োগ মেলাৰ আয়োজন কৰা হৈছে কিন্তু এতিয়াও চাকৰিৰ বাবে নিৰন্তৰ যুঁজি আছে লাখ লাখ উচ্চ ডিগ্ৰীধাৰী, অভিযন্তা আৰু স্নাতকোত্তৰ। 

এক প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশত অভিযান্ত্ৰিক ডিগ্ৰীধাৰী প্ৰায় ১ লাখ ২০ হাজাৰ লোকে চাকৰি বিচাৰিছে। একে সময়তে প্ৰায় ডেৰ লাখ লোকেও স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি চাকৰি বিচাৰিছে।।  ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ দুৰৱস্থাক লৈ চৰকাৰে যেন ভ্ৰুকুটিহে কৰিছে এই মেলাৰ জৰিয়তে। চাকৰিৰ পৰিবৰ্তে চৰকাৰী নিয়োগ মেলাসমূহে যুৱক-যুৱতীসকলক কৰিছে হতাশা। 

Unemployment as Factor of International Migration - Research leap

প্ৰায় ২৬ লাখ নিবনুৱাৰ বোজাত কোঙা ৰাজ্যখন ৷ চৰকাৰৰ ৭৩৩খন ‘নিয়োগ মেলা’ৰে প্ৰবঞ্চনা নিবনুৱাক ৷ অভিযান্ত্ৰিক ডিগ্ৰীধাৰী প্ৰায় ১ লাখ ২৫ হাজাৰ লোক চাকৰিৰ দৌৰত৷ ডাৱল ইঞ্জিন চৰকাৰৰ এখন ৰাজ্যৰ নিবনুৱা সকলক লৈ চৰকাৰৰ দায়বদ্ধতা কিমান তাৰ এক অবাঞ্চিত উদাহৰণ দেখিবলৈ পোৱা গ’ল শেহতীয়া এক প্ৰতিবেদনত।‌

মধ্যপ্ৰদেশত চৰকাৰে বৃহৎ বিজ্ঞাপনৰ ঢাক-ঢোল বজাই নিয়োগ মেলাৰ বিষয়ে প্ৰচাৰ কৰিছিল ঠিকে। যদিও নিয়োগ মেলাৰ বাস্তৱিক ৰূপ আছিল অতি পীড়াদায়ক।


ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশত নিবনুৱা শ্ৰেণীত পৰে উচ্চ শিক্ষিত লোক। য'ত আছে এম বি এ স্নাতক, দন্ত চিকিৎসক আৰু চিকিৎসক। চৰকাৰী চাকৰি বিচৰাৰ তালিকাত আছে ১৬ হাজাৰৰো অধিক এম বি এ ডিগ্ৰীধাৰী,৩৬০০ৰো অধিক ডাক্তৰ আৰু বিডিএছ ডিগ্ৰীধাৰী ৷একে সময়তে স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যাও প্ৰায় ৮.৭ লাখ

উল্লেখযোগ্য যে মধ্যপ্ৰদেশ চৰকাৰে ২০২২ বৰ্ষত ৰাজ্যৰ চাৰি লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। দুৰ্ভাগ্য এই যে ২০২৪ চনৰ ৩১ মে’লৈকে চাকৰি পোৱাৰ আশাত ২৫ লাখ ৮২ হাজাৰ ৭৮৯ নিবনুৱাই নিয়োগ পৰ্টেলত পঞ্জীয়ন কৰিছে।পঞ্জীয়ন কৰাসকলৰ ভিতৰত স্নাতক আৰু তাৰ ওপৰৰ অৰ্হতা থকাৰ সংখ্যা প্ৰায় ১২ লাখ, যিটো মুঠ সংখ্যাৰ প্ৰায় ৪৫ শতাংশ।

How Does The Unemployment Rate Affect Hiring?

তাৰোপৰি মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা একো একোখন‌ ‘নিয়োগ মেলা’ৰ দৰে প্ৰহসনেৰে চৰকাৰে নিবনুৱাসকলক উপলুঙা কৰাৰ অভিযোগ উত্থাপন হৈছে। 

৭৩৩খন নিয়োগ মেলাই ৰাজ্যখনৰ লাখ লাখ নিবনুৱাক আকৌ এবাৰ প্ৰবঞ্চনাটো কৰাৰ লগতে কৰিলে উপলুঙাও। এই খবৰ অতি মৰ্মান্তিক নুবুলি নোৱাৰি। কিয়নো নিয়োগপ্ৰত্যাশী যোগ্য লোক এজনে কিমান আগ্ৰহেৰে এনেদৰে চাকৰি এটাৰ বাবে আবেদন কৰে সেয়া পুনৰ এবাৰ কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকক উচিত সংস্থাপন দিব নোৱাৰিলেও তেওঁলোকক নিয়োগ মেলাৰ নামত বাৰে বাৰে প্ৰবঞ্চনা কৰাৰ অধিকাৰো নিশ্চয় কাৰো নাই ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
Advertisement