--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় চিনেমাৰ এটি চিনাকি নাম ৰজনীকান্ত ৷ সোমবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁক, যাৰ বাবে অনুৰাগীসকল তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত ৷  অৱশ্যে তেওঁক অস্ত্ৰোপচাৰ নকৰাকৈ চিকিৎসা পদ্ধতিৰ মাজেৰে সুস্থ হৈ উঠিল ৷ এতিয়া অনুৰাগীৰ বাবে ভাল খবৰটো হ’ল যে ছুপাৰষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে।

‘জেলাৰ’ছবিৰ তাৰকা ৰজনীকান্তক পেটৰ বিষৰ বাবে চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁৰ হৃদযন্ত্ৰৰ সামান্য সমস্যা থকা বুলি ধৰা পৰিছিল। কোনো ধৰণৰ অস্ত্ৰোপচাৰ নকৰাকৈ এক প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াৰ চিকিৎসা সম্ভৱ হ’ল, যাৰ বাবে সোমবাৰে ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰা হয়।


Rajinikanth Health Update Thalaiva Back to Home After non surgical heart  treatment | Jansatta 

মঙলবাৰে চেন্নাই এপ’ল’ হাস্পতালে ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত মেডিকেল বুলেটিন জাৰি কৰে। তাত কোৱা হয় যে, ‘২০২৪ চনৰ ৩০ ছেপ্টেম্বৰত মিষ্টাৰ ৰজনীকান্তক গ্ৰীমছ ৰোডৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰা হৈছিল। ৰজনীকান্তৰ হৃদযন্ত্ৰৰ মূল ৰক্ত পৰিবাহী ধমনীত প্ৰদাহ হৈছিল, যাৰ অস্ত্ৰোপচাৰ নকৰি ট্ৰেন্সকেথেটাৰ পদ্ধতিৰে চিকিৎসা কৰা হৈছিল ।

জ্যেষ্ঠ ইন্টাৰভেনশ্যনেল কাৰ্ডিঅ’লজিষ্ট ডাঃ সাই সতীশে এই পদ্ধতি সম্পন্ন কৰিছিল, ফুলাটো বন্ধ কৰিবলৈ ষ্টেণ্ট স্থাপন কৰিছিল, যিটো কৌশল এণ্ড’ভেছকুলাৰ ৰিপেয়াৰ বুলি জনা যায় । স্বাস্থ্য আপডেটত লিখা আছিল, “আমি তেওঁৰ শুভাকাংক্ষী আৰু অনুৰাগীসকলক জনাব বিচাৰিছো যে পৰিকল্পনা অনুসৰি এই পদ্ধতি চলিছে । ৰজনীকান্তৰ অৱস্থা সুস্থিৰ আৰু স্বাস্থ্যও ভাল । তেওঁ দুদিনৰ পিছত ঘৰলৈ যাব পাৰিব ।”


Rajinikanth Health Update: Actor Is Currently Stable And Under Observation  Expected To Be Discharged In 3 Days - Amar Ujala Hindi News Live - Rajinikanth  Health Update:अब कैसी है रजनीकांत की तबीयत?

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰি ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত খবৰ লয়। তামিলনাডু বিজেপি নেতা কে. আন্নামলাই, মোদীৰ সৈতে ৰজনীকান্ত আৰু তেওঁৰ পত্নী লতাৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি কয় যে ,‘আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে ছুপাৰষ্টাৰ ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত শ্ৰীমতী লতা ৰজনীকান্তৰ সৈতে টেলিফোনযোগে কথা পাতিছিল। অস্ত্ৰোপচাৰৰ অন্তত প্ৰধানমন্ত্ৰীক ৰজনীকান্তৰ মংগলৰ বিষয়ে অৱগত কৰা হয় আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement