--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱতাৰ সৰ্বোত্তম নিদৰ্শন দি মৃত্যুৰ শীতল কোলাত পৰিল এগৰাকী বাছচালকে । মৃত্যুৰ পূৰ্বে তেখেতে দি গ'ল কৰ্তব্য পালনৰ এক বিৰল উদাহৰণ। দায়িত্ববোধ, মানৱতাবোধৰ নিদৰ্শনে পুনৰ প্ৰমাণ কৰিলে জীৱশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠতা। নিজৰ কৰ্তব্যনিষ্ঠাৰে ৩০ গৰাকীকৈ ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিলে তামিলনাডুৰ এগৰাকী বাছচালকে । অৱশ্যে তাৰ বিপৰীতে নিজে কৰুণ মৃত্যুক সাৱটিব লগা হ’ল এম আৰ’মুগম নামৰ ৪৪ বছৰীয়া বাছচালকগৰাকী। এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে তামিলনাডুৰ মাডুৰাই নামে এক অঞ্চলত৷

জানিব পৰা মতে তামিলনাডু চৰকাৰী পৰিবহণ সংস্থাৰ বাছ চালক এম আৰ’মুগমে বাছ চলাই থকা অৱস্থাতে তেঁও হৃদৰোগত আক্ৰান্ত হয়। ঘটনাৰ বিবৰণী অনুসৰি পুৱা প্ৰায় ৬ বাজি ২০ মিনিটত তেল ডিপ’লৈ তেল ভৰাবলৈ গৈছিল বাছ চালক আৰ’ মুগম। ঘটনাৰ সময়ত বাছখনত আছিল ৩০ গৰাকীকৈ লোক। হঠাৎ চালকজনে বুকুত বিষ অনুভৱ কৰাত গুৰু থিয়েটাৰ এলেকাত আগন্তুক বিপদ বুজিয়ে তেওঁ বাছখন মাজ ৰাস্তাতে ৰখাই দিয়ে। ইয়াৰ পাছতে লগে লগেই বাছৰ ষ্টেয়াৰিঙতে ঢলি পৰে চালকজন। বাছ কণ্ডাক্টৰে ঘটনাৰ গভীৰতা বুজি পাই তৎক্ষণাত এম্বুলেন্সক খৱৰ দিয়ে যদিও ইতিমধ্যেই বহু পলম হৈ গৈছিল। বাছ চালকগৰাকীয়ে দুগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে৷ 

এম্বুলেন্স আহি পোৱাৰ আগতে ষ্টেয়াৰিঙৰ ওপৰতে শেষ নিশ্বাস ত্যাগ কৰে আৰ’ মুগমে। কিন্তু মৃত্যুৰ পূৰ্বে ৩০ গৰাকীকৈ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি মানৱতাৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰে আৰ’ মুগমে। তামিলনাডু চৰকাৰী পৰিবহণত প্ৰায় ১২ বছৰ ধৰি সেৱা আগবঢ়াইছিল প্ৰয়াত মুগমে। তামিলনাডু চৰকাৰী পৰিবহণ সংস্থাৰ মাডুৰাই শাখাৰ বিষয়া যুৱৰাজে আৰ’ মুগমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। দায়িত্ববোধৰ এনে নিদৰ্শন আজিৰ যুগত অতিকৈ বিৰল বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে। তেওঁ আশা কৰে আৰ’ মুগমক তামিলনাডুবাসীয়ে চিৰকাল মনত ৰাখিব তেওঁৰ দায়িত্ববোধৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক