--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱতাৰ সৰ্বোত্তম নিদৰ্শন দি মৃত্যুৰ শীতল কোলাত পৰিল এগৰাকী বাছচালকে । মৃত্যুৰ পূৰ্বে তেখেতে দি গ'ল কৰ্তব্য পালনৰ এক বিৰল উদাহৰণ। দায়িত্ববোধ, মানৱতাবোধৰ নিদৰ্শনে পুনৰ প্ৰমাণ কৰিলে জীৱশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠতা। নিজৰ কৰ্তব্যনিষ্ঠাৰে ৩০ গৰাকীকৈ ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিলে তামিলনাডুৰ এগৰাকী বাছচালকে । অৱশ্যে তাৰ বিপৰীতে নিজে কৰুণ মৃত্যুক সাৱটিব লগা হ’ল এম আৰ’মুগম নামৰ ৪৪ বছৰীয়া বাছচালকগৰাকী। এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে তামিলনাডুৰ মাডুৰাই নামে এক অঞ্চলত৷

জানিব পৰা মতে তামিলনাডু চৰকাৰী পৰিবহণ সংস্থাৰ বাছ চালক এম আৰ’মুগমে বাছ চলাই থকা অৱস্থাতে তেঁও হৃদৰোগত আক্ৰান্ত হয়। ঘটনাৰ বিবৰণী অনুসৰি পুৱা প্ৰায় ৬ বাজি ২০ মিনিটত তেল ডিপ’লৈ তেল ভৰাবলৈ গৈছিল বাছ চালক আৰ’ মুগম। ঘটনাৰ সময়ত বাছখনত আছিল ৩০ গৰাকীকৈ লোক। হঠাৎ চালকজনে বুকুত বিষ অনুভৱ কৰাত গুৰু থিয়েটাৰ এলেকাত আগন্তুক বিপদ বুজিয়ে তেওঁ বাছখন মাজ ৰাস্তাতে ৰখাই দিয়ে। ইয়াৰ পাছতে লগে লগেই বাছৰ ষ্টেয়াৰিঙতে ঢলি পৰে চালকজন। বাছ কণ্ডাক্টৰে ঘটনাৰ গভীৰতা বুজি পাই তৎক্ষণাত এম্বুলেন্সক খৱৰ দিয়ে যদিও ইতিমধ্যেই বহু পলম হৈ গৈছিল। বাছ চালকগৰাকীয়ে দুগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে৷ 

এম্বুলেন্স আহি পোৱাৰ আগতে ষ্টেয়াৰিঙৰ ওপৰতে শেষ নিশ্বাস ত্যাগ কৰে আৰ’ মুগমে। কিন্তু মৃত্যুৰ পূৰ্বে ৩০ গৰাকীকৈ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি মানৱতাৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰে আৰ’ মুগমে। তামিলনাডু চৰকাৰী পৰিবহণত প্ৰায় ১২ বছৰ ধৰি সেৱা আগবঢ়াইছিল প্ৰয়াত মুগমে। তামিলনাডু চৰকাৰী পৰিবহণ সংস্থাৰ মাডুৰাই শাখাৰ বিষয়া যুৱৰাজে আৰ’ মুগমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। দায়িত্ববোধৰ এনে নিদৰ্শন আজিৰ যুগত অতিকৈ বিৰল বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে। তেওঁ আশা কৰে আৰ’ মুগমক তামিলনাডুবাসীয়ে চিৰকাল মনত ৰাখিব তেওঁৰ দায়িত্ববোধৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র