--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শনিবাৰৰ দিনটোত কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰিব ভাৰতীয় ষ্টেট বেংক৷ এই কথা বিয়পি পৰাৰ লগে লগেই এছবিআইৰ গ্ৰাহকসকলৰ মাজত লাগিছে হাহাকাৰ৷ ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই আজি এক জাননীযোগে এই কথা সদৰি কৰিছে৷ এছবিআই কৰ্তৃপক্ষই আজি এক টুইটত লিখিছে এইদৰে- ‘আমি আমাৰ সন্মানীয় গ্ৰাহকসকলক আমাৰ সৈতে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ৷ যিহেতু আমি এক উন্নত বেংকিং সেৱা প্ৰদান কৰিবলৈ চেষ্টা কৰি আছোঁ৷ আপোনালোকৰ অসুবিধাৰ বাবে আমি দুঃখপ্ৰকাশ কৰিছোঁ৷’

জাননীমতে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলে কাইলৈ এক নিৰ্দিষ্ট সময়ৰ বাবে ইণ্টাৰনেট বেংকিং সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব। এছবিআই ইণ্টাৰনেট বেংকিং সেৱাৰ ব্যৱহাৰকাৰীসকলে বেংক কৰ্তৃপক্ষৰ প্ৰযুক্তিগত কাৰ্যকলাপৰ বাবে শনিবাৰে আৰু দেওবাৰে মুঠ ৩০০ মিনিটৰ বাবে ইণ্টাৰনেট বেংকিং, Yono, Yono Lite, Yono Business, UPIৰ দৰে বিভিন্ন সুবিধা ব্যৱহাৰ কৰিব নোৱাৰিব। শনিবাৰে নিশা ১১.৩০ বজাৰ পৰা দেওবাৰৰ পুৱা ৪.৩০ বজালৈ বন্ধ থাকিব এছবিআইৰ ইণ্টাৰনেট বেংকিং৷ উল্লেখযোগ্য যে, ভাৰতত এছবিআইৰ ২২,০০০ তকৈয়ো অধিক শাখা আৰু ৫৭,৮৮৯ টাতকৈও অধিক এটিএমৰ সৈতে এক সৰ্ববৃহৎ নেটৱৰ্ক আছে।

Notice

ইফালে, ভাৰতীয় ষ্টেট বেংকত শেহতীয়াকৈ বৃদ্ধি হোৱা ডিজিটেল লেনদেনৰ প্ৰতি সঁহাৰি জনাই বেংকে এক বিবৃতিত কয় যে ই ইয়াৰ মৌলিক সঞ্চয় বেংক জমা (বিএছবিডি) গ্ৰাহকৰ পৰা ডিজিটেল লেনদেনৰ বাবে কোনো লেনদেন মাচুল আদায় নকৰে, যাৰ ভিতৰত আছে UPI আৰু RuPay ডেবিট কাৰ্ড ব্যৱহাৰ কৰি কৰা লেনদেনো।

এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এখন আইআইটিৰ সমীক্ষাত প্ৰকাশ পাইছিল যে ভাৰতৰ সৰ্ববৃহৎ ঋণদাতা প্ৰতিষ্ঠান এছবিআইয়ে ২০১৭ চনৰ পৰা ২০২০ চনৰ ছেপ্টেম্বৰ মাহলৈ জন ধন একাউণ্ট ধাৰকৰ পৰা ১৬৪ কোটি টকা কৰ্তন কৰিছিল। ১৬৪ কোটিৰ ভিতৰত, বেংকে UPI আৰু RuPay ডেবিট কাৰ্ডৰ জৰিয়তে লেনদেনৰ বাবে এই একাউণ্ট ধাৰকসকলক মাত্ৰ ৯০ কোটি টকা ঘূৰাই দিছিল। বেংকে এই সময়ছোৱাত প্ৰতিজন একাউণ্ট ধাৰকৰ পৰা ১৭.৭০ টকাকৈ সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউল হকৰ কৰুণ মৃত্যু
আজি আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস! বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ সংৰক্ষিত হৈ আছে ভাৰতত
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে