--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শনিবাৰৰ দিনটোত কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰিব ভাৰতীয় ষ্টেট বেংক৷ এই কথা বিয়পি পৰাৰ লগে লগেই এছবিআইৰ গ্ৰাহকসকলৰ মাজত লাগিছে হাহাকাৰ৷ ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই আজি এক জাননীযোগে এই কথা সদৰি কৰিছে৷ এছবিআই কৰ্তৃপক্ষই আজি এক টুইটত লিখিছে এইদৰে- ‘আমি আমাৰ সন্মানীয় গ্ৰাহকসকলক আমাৰ সৈতে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ৷ যিহেতু আমি এক উন্নত বেংকিং সেৱা প্ৰদান কৰিবলৈ চেষ্টা কৰি আছোঁ৷ আপোনালোকৰ অসুবিধাৰ বাবে আমি দুঃখপ্ৰকাশ কৰিছোঁ৷’

জাননীমতে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলে কাইলৈ এক নিৰ্দিষ্ট সময়ৰ বাবে ইণ্টাৰনেট বেংকিং সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব। এছবিআই ইণ্টাৰনেট বেংকিং সেৱাৰ ব্যৱহাৰকাৰীসকলে বেংক কৰ্তৃপক্ষৰ প্ৰযুক্তিগত কাৰ্যকলাপৰ বাবে শনিবাৰে আৰু দেওবাৰে মুঠ ৩০০ মিনিটৰ বাবে ইণ্টাৰনেট বেংকিং, Yono, Yono Lite, Yono Business, UPIৰ দৰে বিভিন্ন সুবিধা ব্যৱহাৰ কৰিব নোৱাৰিব। শনিবাৰে নিশা ১১.৩০ বজাৰ পৰা দেওবাৰৰ পুৱা ৪.৩০ বজালৈ বন্ধ থাকিব এছবিআইৰ ইণ্টাৰনেট বেংকিং৷ উল্লেখযোগ্য যে, ভাৰতত এছবিআইৰ ২২,০০০ তকৈয়ো অধিক শাখা আৰু ৫৭,৮৮৯ টাতকৈও অধিক এটিএমৰ সৈতে এক সৰ্ববৃহৎ নেটৱৰ্ক আছে।

Notice

ইফালে, ভাৰতীয় ষ্টেট বেংকত শেহতীয়াকৈ বৃদ্ধি হোৱা ডিজিটেল লেনদেনৰ প্ৰতি সঁহাৰি জনাই বেংকে এক বিবৃতিত কয় যে ই ইয়াৰ মৌলিক সঞ্চয় বেংক জমা (বিএছবিডি) গ্ৰাহকৰ পৰা ডিজিটেল লেনদেনৰ বাবে কোনো লেনদেন মাচুল আদায় নকৰে, যাৰ ভিতৰত আছে UPI আৰু RuPay ডেবিট কাৰ্ড ব্যৱহাৰ কৰি কৰা লেনদেনো।

এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এখন আইআইটিৰ সমীক্ষাত প্ৰকাশ পাইছিল যে ভাৰতৰ সৰ্ববৃহৎ ঋণদাতা প্ৰতিষ্ঠান এছবিআইয়ে ২০১৭ চনৰ পৰা ২০২০ চনৰ ছেপ্টেম্বৰ মাহলৈ জন ধন একাউণ্ট ধাৰকৰ পৰা ১৬৪ কোটি টকা কৰ্তন কৰিছিল। ১৬৪ কোটিৰ ভিতৰত, বেংকে UPI আৰু RuPay ডেবিট কাৰ্ডৰ জৰিয়তে লেনদেনৰ বাবে এই একাউণ্ট ধাৰকসকলক মাত্ৰ ৯০ কোটি টকা ঘূৰাই দিছিল। বেংকে এই সময়ছোৱাত প্ৰতিজন একাউণ্ট ধাৰকৰ পৰা ১৭.৭০ টকাকৈ সংগ্ৰহ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?