--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত বন্ধ হৈ পৰিল দেশৰ সৰ্ববৃহৎ চিৰিঞ্জ নিৰ্মাণ কোম্পানী হিন্দুস্তান চিৰিঞ্জ এণ্ড মেডিকেল ডিভাইছেছ। হাৰিয়ানা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাৰী কৰা নিৰ্দেশনাকে কোম্পানীটোৱে অনুসৰণ কৰা বুলি শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, অতি প্ৰাচীন আৰু জনপ্ৰিয় এই চিৰিঞ্জ নিৰ্মাণ কোম্পানীটোৱে সমগ্ৰ দেশতে প্ৰায় এক তৃতীয়াংশ চিৰিঞ্জ প্ৰস্তুত কৰে। ফলস্বৰূপে, শেহতীয়া এই সিদ্ধান্তই দেশত ইনজেকছন চিৰিঞ্জৰ অভাৱৰ আশংকা বৃদ্ধি কৰাৰ প্ৰবল আশংকাই দেখা দিছে। ফৰিদাবাদত ১১ একৰ ভূমিত হিন্দুস্তান চিৰিঞ্জৰ চাৰিটা উৎপাদন ইউনিট আছে। ইয়াৰে তিনিটা ইউনিট ইতিমধ্যে বন্ধ কৰা হৈছে। ইয়াৰে ভিতৰত কোম্পানীটোৰ মুখ্য প্ৰকল্পটোও অন্তৰ্ভুক্ত হৈ আছে।

হাৰিয়ানা চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ পাছত প্ৰকল্পটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় বুলি জানিব পৰা গৈছে। হিন্দুস্তান চিৰিঞ্জ কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ ৰাজীৱ নাথে , ‘আমি কোম্পানীটোৰ সকলো উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত লৈছো। এতিয়ালৈকে থকা চিৰিঞ্জবোৰ দুদিনতকৈ বেছি সময়ৰ বাবে পৰ্যাপ্ত নহয়। পূৰ্বে দৈনিক ১ কোটিত ২০ লাখ গড় চিৰিঞ্জ তৈয়াৰ কৰা কথাতো এতিয়া অতীত। সোমবাৰৰ পৰা আৰু সেয়া উপলব্ধ নহ'ব।’ এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছে ৰাজীৱ নাথে। তেওঁ কয়, ‘দেশত চিৰিঞ্জৰ অভাৱ আছে। কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে পৰ্যাপ্তভাৱে চিৰিঞ্জৰ উৎপাদন হোৱা নাই। আমাৰ কোম্পানীটো বন্ধ কৰাৰ পাছত এই অভাৱ আৰু বৃদ্ধি হ’ব।

দেশখনত প্ৰতিদিনে ১৫০ লাখ বেজী আৰু ৮০ লাখ চিৰিঞ্জৰ অভাৱে দেখা দিব।’ জানিবলৈ পোৱা মতে, হাৰিয়ানাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কোম্পানীটোৰ মুঠ ২২৮ টা গোট বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত হিন্দুস্তান চিৰিঞ্জৰ পৰিচালন সঞ্চালকে কয়, ‘প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ভাবে যে আমাৰ কোম্পানীৰ কাৰখানাবোৰ ডিজেল জেনেৰেটৰত চলে। এইটো তেওঁলোকৰ সম্পূৰ্ণ ভুল ধাৰণা বুলিও আমি জনাইছিলো।কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে। একপ্ৰকাৰ বলপূৰ্বক ভাবে বন্ধ কৰি দিয়া হ’ল কোম্পানীটো।’ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হিন্দুস্তান চিৰিঞ্জে এই বিষয়ে জনাইছে আবেদন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীকো এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনাইছে কোম্পানীটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র