--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত বন্ধ হৈ পৰিল দেশৰ সৰ্ববৃহৎ চিৰিঞ্জ নিৰ্মাণ কোম্পানী হিন্দুস্তান চিৰিঞ্জ এণ্ড মেডিকেল ডিভাইছেছ। হাৰিয়ানা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাৰী কৰা নিৰ্দেশনাকে কোম্পানীটোৱে অনুসৰণ কৰা বুলি শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, অতি প্ৰাচীন আৰু জনপ্ৰিয় এই চিৰিঞ্জ নিৰ্মাণ কোম্পানীটোৱে সমগ্ৰ দেশতে প্ৰায় এক তৃতীয়াংশ চিৰিঞ্জ প্ৰস্তুত কৰে। ফলস্বৰূপে, শেহতীয়া এই সিদ্ধান্তই দেশত ইনজেকছন চিৰিঞ্জৰ অভাৱৰ আশংকা বৃদ্ধি কৰাৰ প্ৰবল আশংকাই দেখা দিছে। ফৰিদাবাদত ১১ একৰ ভূমিত হিন্দুস্তান চিৰিঞ্জৰ চাৰিটা উৎপাদন ইউনিট আছে। ইয়াৰে তিনিটা ইউনিট ইতিমধ্যে বন্ধ কৰা হৈছে। ইয়াৰে ভিতৰত কোম্পানীটোৰ মুখ্য প্ৰকল্পটোও অন্তৰ্ভুক্ত হৈ আছে।

হাৰিয়ানা চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ পাছত প্ৰকল্পটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় বুলি জানিব পৰা গৈছে। হিন্দুস্তান চিৰিঞ্জ কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ ৰাজীৱ নাথে , ‘আমি কোম্পানীটোৰ সকলো উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত লৈছো। এতিয়ালৈকে থকা চিৰিঞ্জবোৰ দুদিনতকৈ বেছি সময়ৰ বাবে পৰ্যাপ্ত নহয়। পূৰ্বে দৈনিক ১ কোটিত ২০ লাখ গড় চিৰিঞ্জ তৈয়াৰ কৰা কথাতো এতিয়া অতীত। সোমবাৰৰ পৰা আৰু সেয়া উপলব্ধ নহ'ব।’ এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছে ৰাজীৱ নাথে। তেওঁ কয়, ‘দেশত চিৰিঞ্জৰ অভাৱ আছে। কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে পৰ্যাপ্তভাৱে চিৰিঞ্জৰ উৎপাদন হোৱা নাই। আমাৰ কোম্পানীটো বন্ধ কৰাৰ পাছত এই অভাৱ আৰু বৃদ্ধি হ’ব।

দেশখনত প্ৰতিদিনে ১৫০ লাখ বেজী আৰু ৮০ লাখ চিৰিঞ্জৰ অভাৱে দেখা দিব।’ জানিবলৈ পোৱা মতে, হাৰিয়ানাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কোম্পানীটোৰ মুঠ ২২৮ টা গোট বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত হিন্দুস্তান চিৰিঞ্জৰ পৰিচালন সঞ্চালকে কয়, ‘প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ভাবে যে আমাৰ কোম্পানীৰ কাৰখানাবোৰ ডিজেল জেনেৰেটৰত চলে। এইটো তেওঁলোকৰ সম্পূৰ্ণ ভুল ধাৰণা বুলিও আমি জনাইছিলো।কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে। একপ্ৰকাৰ বলপূৰ্বক ভাবে বন্ধ কৰি দিয়া হ’ল কোম্পানীটো।’ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হিন্দুস্তান চিৰিঞ্জে এই বিষয়ে জনাইছে আবেদন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীকো এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনাইছে কোম্পানীটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক