--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ কোটি টকাৰ সম্পত্তি দান কৰি এটা পৰিয়ালে গ্ৰহণ কৰে সন্ন্যাসী জীৱন। ছত্তীশগড়ত ঔষধৰ ব্যৱসায় চলাই থকা ডাকলিয়া পৰিয়ালে ৩০ কোটি টকাৰ সম্পত্তি দান কৰে আৰু জৈন ধৰ্মৰ ৰীতি-নীতিৰ অনুসৰি দীক্ষা গ্ৰহণ কৰে। এই পৰিয়ালটোৱে আৰামদায়ক জীৱন ত্যাগ কৰি আঁকোৱালি ললে কঠোৰ সন্ন্যাসী জীৱন। সংযমৰ এক কঠিন পথ গ্ৰহণ কৰিলে ডাকলিয়া পৰিয়ালে। বৃহস্পতিবাৰে পৰিয়ালটোৰ মূৰব্বী মুমুক্ষু ভূপেন্দ্ৰ ডাকলিয়াকে ধৰি পৰিয়ালৰ পাঁচজন লোকে জৈন বাগিচাত ভাগৱতী দীক্ষা গ্ৰহণ কৰে। মুমুক্ষু ভূপেন্দ্ৰ ডাকলিয়াৰ আছে ঘৰ, মাটি, দোকানকে ধৰি কোটি কোটি টকাৰ সম্পত্তি আছে। ২০১১ চনত ৰায়পুৰৰ কৈৱাল্যধামলৈ যোৱাৰ পাছত সন্ন্যাস লোৱাৰ ধাৰণাটো তেওঁৰ মনলৈ আহে। ৯ নৱেম্বৰত তেওঁৰ পৰিয়ালে আৰামদায়ক জীৱন এৰি দীক্ষা লোৱাৰ চূড়ান্ত সিদ্ধান্ত লয়। জৈন ধৰ্মৰ মানুহে কয় যে খাৰতাৰগাচ্ছা সম্প্ৰদায়ত এইটো প্ৰথমবাৰৰ বাবে যে গোটেই পৰিয়ালটোৱে দীক্ষা একেলগে লৈছে। ইয়াৰ লগতে মুমুক্ষু ভূপেন্দ্ৰই কয় যে ''কৈৱল্যধামলৈ যাওঁতে আমাৰ কনিষ্ঠ সন্তান হৰ্ষিতৰ মনতো এই দীক্ষা গ্ৰহণ কৰাৰ অনুভূতিৰ জন্ম হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৬ বছৰ। ধামলৈ যোৱাৰ পাছত আমাৰ চাৰিওটা সন্তানৰ মনতে দীক্ষাৰ অনুভূতিৰ জন্ম হৈছিল। আমাৰ সন্তানে দীক্ষা লোৱাৰ কথা কৈছিল। কিন্তু সেই সময়ত সিহঁতৰ বয়স কম হৈ থকা বাবে দীক্ষা লোৱা হোৱা নাছিল। এতিয়া দহ বছৰৰ পাছতো সেই আগ্ৰহ একে থকাত মই তেওঁলোকৰ সিদ্ধান্তত সন্মতি প্ৰদান কৰোঁ আৰু গোটেই পৰিয়ালটোৱে সন্ন্যাস ধৰ্ম লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ।'' ছত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ গঞ্জ চকৰ বাসিন্দা ৪৭ বছৰীয়া মুমুক্ষু ভূপেন্দ্ৰ ডাকলিয়াৰ লগতে পৰিয়ালত দীক্ষা গ্ৰহণ কৰা সকলৰ ভিতৰত আছে তেওঁৰ ৪৫ বছৰীয়া পত্নী স্বপ্না ডাকলিয়া আৰু তেওঁলোকৰ চাৰিটা সন্তান। সন্তান ২২ বছৰীয়া মহিমা ডাকলিয়া, ২০ বছৰীয়া মুক্তি ডাকলিয়া, ১৮ বছৰীয়া দেৱেন্দ্ৰ ডাকলিয়া আৰু ১৬ বছৰীয়া হৰ্ষিত ডাকলিয়া। ইমান এটা বিলাসী জীৱন কটাই থকা এটা আঢ্যৱন্ত পৰিয়ালে ৩০ কোটি টকাৰ সম্পত্তি দান কৰি হঠাতে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰা বিষয়টোৱে সমগ্ৰ ছত্তীশগড়তে চৰ্চা লাভ কৰিছে। আৰু পঢ়কঃ ১২৯ টা শিশুৰ পিতৃ এইজন ৬৬ বছৰীয়া ব্যক্তি! অতি সোনকালে জন্ম হ’ব আৰু ৯টা শিশু  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ