--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ কোটি টকাৰ সম্পত্তি দান কৰি এটা পৰিয়ালে গ্ৰহণ কৰে সন্ন্যাসী জীৱন। ছত্তীশগড়ত ঔষধৰ ব্যৱসায় চলাই থকা ডাকলিয়া পৰিয়ালে ৩০ কোটি টকাৰ সম্পত্তি দান কৰে আৰু জৈন ধৰ্মৰ ৰীতি-নীতিৰ অনুসৰি দীক্ষা গ্ৰহণ কৰে। এই পৰিয়ালটোৱে আৰামদায়ক জীৱন ত্যাগ কৰি আঁকোৱালি ললে কঠোৰ সন্ন্যাসী জীৱন। সংযমৰ এক কঠিন পথ গ্ৰহণ কৰিলে ডাকলিয়া পৰিয়ালে। বৃহস্পতিবাৰে পৰিয়ালটোৰ মূৰব্বী মুমুক্ষু ভূপেন্দ্ৰ ডাকলিয়াকে ধৰি পৰিয়ালৰ পাঁচজন লোকে জৈন বাগিচাত ভাগৱতী দীক্ষা গ্ৰহণ কৰে। মুমুক্ষু ভূপেন্দ্ৰ ডাকলিয়াৰ আছে ঘৰ, মাটি, দোকানকে ধৰি কোটি কোটি টকাৰ সম্পত্তি আছে। ২০১১ চনত ৰায়পুৰৰ কৈৱাল্যধামলৈ যোৱাৰ পাছত সন্ন্যাস লোৱাৰ ধাৰণাটো তেওঁৰ মনলৈ আহে। ৯ নৱেম্বৰত তেওঁৰ পৰিয়ালে আৰামদায়ক জীৱন এৰি দীক্ষা লোৱাৰ চূড়ান্ত সিদ্ধান্ত লয়। জৈন ধৰ্মৰ মানুহে কয় যে খাৰতাৰগাচ্ছা সম্প্ৰদায়ত এইটো প্ৰথমবাৰৰ বাবে যে গোটেই পৰিয়ালটোৱে দীক্ষা একেলগে লৈছে। ইয়াৰ লগতে মুমুক্ষু ভূপেন্দ্ৰই কয় যে ''কৈৱল্যধামলৈ যাওঁতে আমাৰ কনিষ্ঠ সন্তান হৰ্ষিতৰ মনতো এই দীক্ষা গ্ৰহণ কৰাৰ অনুভূতিৰ জন্ম হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৬ বছৰ। ধামলৈ যোৱাৰ পাছত আমাৰ চাৰিওটা সন্তানৰ মনতে দীক্ষাৰ অনুভূতিৰ জন্ম হৈছিল। আমাৰ সন্তানে দীক্ষা লোৱাৰ কথা কৈছিল। কিন্তু সেই সময়ত সিহঁতৰ বয়স কম হৈ থকা বাবে দীক্ষা লোৱা হোৱা নাছিল। এতিয়া দহ বছৰৰ পাছতো সেই আগ্ৰহ একে থকাত মই তেওঁলোকৰ সিদ্ধান্তত সন্মতি প্ৰদান কৰোঁ আৰু গোটেই পৰিয়ালটোৱে সন্ন্যাস ধৰ্ম লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ।'' ছত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ গঞ্জ চকৰ বাসিন্দা ৪৭ বছৰীয়া মুমুক্ষু ভূপেন্দ্ৰ ডাকলিয়াৰ লগতে পৰিয়ালত দীক্ষা গ্ৰহণ কৰা সকলৰ ভিতৰত আছে তেওঁৰ ৪৫ বছৰীয়া পত্নী স্বপ্না ডাকলিয়া আৰু তেওঁলোকৰ চাৰিটা সন্তান। সন্তান ২২ বছৰীয়া মহিমা ডাকলিয়া, ২০ বছৰীয়া মুক্তি ডাকলিয়া, ১৮ বছৰীয়া দেৱেন্দ্ৰ ডাকলিয়া আৰু ১৬ বছৰীয়া হৰ্ষিত ডাকলিয়া। ইমান এটা বিলাসী জীৱন কটাই থকা এটা আঢ্যৱন্ত পৰিয়ালে ৩০ কোটি টকাৰ সম্পত্তি দান কৰি হঠাতে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰা বিষয়টোৱে সমগ্ৰ ছত্তীশগড়তে চৰ্চা লাভ কৰিছে। আৰু পঢ়কঃ ১২৯ টা শিশুৰ পিতৃ এইজন ৬৬ বছৰীয়া ব্যক্তি! অতি সোনকালে জন্ম হ’ব আৰু ৯টা শিশু  

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা