--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাল কৰ'নাই কাঢ়িছে ছাত্ৰ জীৱনৰ বহু মূল্যৱান সময়৷ কৰ'নাৰ সংক্ৰমণৰ বাবেই বিদ্যালয়ৰ শ্ৰেণীকোঠাত বন্ধ কৰা হৈছিল পাঠদান৷ অনলাইন ব্যৱস্থাৰ দ্বাৰা আংশিকভাৱে চলি আছিল শিক্ষাব্যৱস্থা৷ বৰ্তমানেও দেশজুৰি অনলাইন ব্যৱস্থাৰ দ্বাৰা চলাই থকা হৈছে শিক্ষা৷ বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ ভিতৰত শিক্ষকে পাঠদান কৰা আৰু অনলাইন ব্যৱস্থাৰ দ্বাৰা পাঠদান কৰাত আছে বৃহৎ পাৰ্থক্য৷ অনলাইন শিক্ষাই প্ৰকৃততে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আহৰণৰ ক্ষমতাৰ ক্ষেত্ৰত ক্ষতি কৰাহে পৰিলক্ষিত হৈছে। ছট্টিশগড়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি প্ৰাকক’ভিড পৰিস্থিতিত ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ ফলাফল উন্নত হৈছিল৷ কিন্তু ২০২০ বৰ্ষৰ মাৰ্চৰ পৰা ক'ভিড ঢৌ আৰম্ভ হোৱাৰ পাছৰে বিদ্যালয় বন্ধ হোৱাৰ ফলত শিক্ষা আহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল ভয়াৱহভাৱে ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছিল। ২০১৮ৰ পৰা ২০২১ বৰ্ষৰ সময়ছোৱাত ৰাজ্যখনৰ শিশুৰ মৌলিক বিকাশ হ্ৰাস পোৱাৰ লগতে শিক্ষাৰ্থীৰ মাজত স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিকতা বৃদ্ধি পাইছে বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ছট্টিশগড়ৰ ২৮খন জিলাৰ ৩৩,৪৩২ পৰিয়ালৰ ৩-১৬ বছৰ বয়সীয়া ৪৫,৯৯২ শিশুক সামৰি শিক্ষা বিভাগে এই অধ্যয়ন চলাইছিল। এই প্ৰতিবেদনত ক’ভিড পৰিস্থিতিত শিক্ষাৰ্থীৰ মেধাৰ বিকাশত বাধাগ্ৰস্ত হোৱাৰো তথ্য প্ৰকাশিত হৈছে। লগতে ২০১৮ৰ পৰা ২০২১ত দ্বিতীয়, তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ শিশুৰ মেধাৰ মান যিমান উন্নত আছিল, ক’ভিড পৰিস্থিতিত এই মান যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়। একেদৰে ক’ভিড কালত শিশুৰ গাণিতিক মেধাও হ্ৰাস পাইছে। ডাণ্টেৱাড়া, সুৰাজপুৰ আৰু বিজাপুৰৰ চৰকাৰী বিদ্যালয় প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ৬০ শতাংশ শিক্ষাৰ্থীয়ে একক অংকৰ সংখ্যা চিনাক্ত কৰিবলৈ সম্প্ৰতি ব্যৰ্থ হৈছে। আনহাতে, বিলাসপুৰ, নাৰায়ণপুৰ, ডাণ্টেৱাড়া, বিজাপুৰ আৰু মংগেলিত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাত্ৰ ১০ শতাংশইহে যোগ-বিয়োগ কৰিবলৈ শিকিছে। মহামাৰীৰ পাছতো ২০১৮ৰ তুলনাত ৰাজ্যখনত ২০২১ত শিক্ষানুষ্ঠানত ছাত্ৰৰ ভৰ্তিৰ হাৰ বৃদ্ধি পাইছিল যদিও অধিকাংশ শিক্ষাৰ্থীয়ে এই সময়ছোৱাত অনলাইন শিক্ষাৰ দ্বাৰা শিক্ষা বিকাশতহে ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সমীক্ষাত প্ৰকাশিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা