--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাল কৰ'নাই কাঢ়িছে ছাত্ৰ জীৱনৰ বহু মূল্যৱান সময়৷ কৰ'নাৰ সংক্ৰমণৰ বাবেই বিদ্যালয়ৰ শ্ৰেণীকোঠাত বন্ধ কৰা হৈছিল পাঠদান৷ অনলাইন ব্যৱস্থাৰ দ্বাৰা আংশিকভাৱে চলি আছিল শিক্ষাব্যৱস্থা৷ বৰ্তমানেও দেশজুৰি অনলাইন ব্যৱস্থাৰ দ্বাৰা চলাই থকা হৈছে শিক্ষা৷ বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ ভিতৰত শিক্ষকে পাঠদান কৰা আৰু অনলাইন ব্যৱস্থাৰ দ্বাৰা পাঠদান কৰাত আছে বৃহৎ পাৰ্থক্য৷ অনলাইন শিক্ষাই প্ৰকৃততে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আহৰণৰ ক্ষমতাৰ ক্ষেত্ৰত ক্ষতি কৰাহে পৰিলক্ষিত হৈছে। ছট্টিশগড়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি প্ৰাকক’ভিড পৰিস্থিতিত ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ ফলাফল উন্নত হৈছিল৷ কিন্তু ২০২০ বৰ্ষৰ মাৰ্চৰ পৰা ক'ভিড ঢৌ আৰম্ভ হোৱাৰ পাছৰে বিদ্যালয় বন্ধ হোৱাৰ ফলত শিক্ষা আহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল ভয়াৱহভাৱে ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছিল। ২০১৮ৰ পৰা ২০২১ বৰ্ষৰ সময়ছোৱাত ৰাজ্যখনৰ শিশুৰ মৌলিক বিকাশ হ্ৰাস পোৱাৰ লগতে শিক্ষাৰ্থীৰ মাজত স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিকতা বৃদ্ধি পাইছে বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ছট্টিশগড়ৰ ২৮খন জিলাৰ ৩৩,৪৩২ পৰিয়ালৰ ৩-১৬ বছৰ বয়সীয়া ৪৫,৯৯২ শিশুক সামৰি শিক্ষা বিভাগে এই অধ্যয়ন চলাইছিল। এই প্ৰতিবেদনত ক’ভিড পৰিস্থিতিত শিক্ষাৰ্থীৰ মেধাৰ বিকাশত বাধাগ্ৰস্ত হোৱাৰো তথ্য প্ৰকাশিত হৈছে। লগতে ২০১৮ৰ পৰা ২০২১ত দ্বিতীয়, তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ শিশুৰ মেধাৰ মান যিমান উন্নত আছিল, ক’ভিড পৰিস্থিতিত এই মান যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়। একেদৰে ক’ভিড কালত শিশুৰ গাণিতিক মেধাও হ্ৰাস পাইছে। ডাণ্টেৱাড়া, সুৰাজপুৰ আৰু বিজাপুৰৰ চৰকাৰী বিদ্যালয় প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ৬০ শতাংশ শিক্ষাৰ্থীয়ে একক অংকৰ সংখ্যা চিনাক্ত কৰিবলৈ সম্প্ৰতি ব্যৰ্থ হৈছে। আনহাতে, বিলাসপুৰ, নাৰায়ণপুৰ, ডাণ্টেৱাড়া, বিজাপুৰ আৰু মংগেলিত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাত্ৰ ১০ শতাংশইহে যোগ-বিয়োগ কৰিবলৈ শিকিছে। মহামাৰীৰ পাছতো ২০১৮ৰ তুলনাত ৰাজ্যখনত ২০২১ত শিক্ষানুষ্ঠানত ছাত্ৰৰ ভৰ্তিৰ হাৰ বৃদ্ধি পাইছিল যদিও অধিকাংশ শিক্ষাৰ্থীয়ে এই সময়ছোৱাত অনলাইন শিক্ষাৰ দ্বাৰা শিক্ষা বিকাশতহে ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সমীক্ষাত প্ৰকাশিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ