--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সততে দেখা পোৱা যায় যে পুত্ৰ ৰ দ্বাৰা পিতৃ-মাতৃ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হয়। বয়স বাঢ়ি অহাৰ লগে-লগে পিতৃ-মাতৃ পৰিয়ালৰ বাবে একো-একোটা বুজা হৈ পৰে বুলি তথাকথিত শিক্ষিত সমাজৰ বৰপুত্ৰসকলে ভাবিবলৈ লয়! মাজে-সময়ে এনে বহু ঘটনাই সংবাদ শিৰোনাম দখল কৰে। পিতৃ-মাতৃক সন্তানে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে আইন-আদালতে হস্তক্ষেপ কৰে যদিও সেয়া বহু সময়ত সুদুৰপ্ৰসাৰী নহয়। আজিও পুত্ৰৰ দ্বাৰা পিতৃ-মাতৃ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ অসহায় হোৱা ঘটনা হ্ৰাস পোৱা নাই। শেহতীয়াকৈ এগৰাকী মাতৃক পুত্ৰ-বোৱাৰীৰ অহস্য শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা হোৱা এক ঘটনা আদালতৰ চৌহদ পালেগৈ। দিল্লী উচ্চ ন্যায়ালয়ে পুত্ৰই মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগত পুত্ৰ-বোৱাৰীক ঘৰ-সম্পত্তিখালী কৰিবলৈ নিৰ্দেশ দিছে। এগৰাকী ৭৩ বছৰীয়া বৃদ্ধা মাতৃক পুত্ৰই অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। ন্যায়াধীশ ভি কামেশ্বৰে পুত্ৰ আৰু বোৱাৰীক মাতৃক নিৰ্যাতন চলোৱাক লৈ তিনি সপ্তাহৰ ভিতৰত ঘৰ-সম্পত্তি খালী কৰি দিবলৈ নিৰ্দেশ দিছে। ১৫ ফেব্ৰুৱাৰীৰৰ ভিতৰত তেওঁলোকক এই ঘৰ-সম্পত্তি খালী কৰিবলৈ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। জিলা দণ্ডাধীশৰ সম্পত্তি খালী কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে পুত্ৰ আৰু বোৱাৰীয়েকে দাখিল কৰা আৱেদন খাৰিজ কৰাৰ সময়ত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন