--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সততে দেখা পোৱা যায় যে পুত্ৰ ৰ দ্বাৰা পিতৃ-মাতৃ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হয়। বয়স বাঢ়ি অহাৰ লগে-লগে পিতৃ-মাতৃ পৰিয়ালৰ বাবে একো-একোটা বুজা হৈ পৰে বুলি তথাকথিত শিক্ষিত সমাজৰ বৰপুত্ৰসকলে ভাবিবলৈ লয়! মাজে-সময়ে এনে বহু ঘটনাই সংবাদ শিৰোনাম দখল কৰে। পিতৃ-মাতৃক সন্তানে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে আইন-আদালতে হস্তক্ষেপ কৰে যদিও সেয়া বহু সময়ত সুদুৰপ্ৰসাৰী নহয়। আজিও পুত্ৰৰ দ্বাৰা পিতৃ-মাতৃ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ অসহায় হোৱা ঘটনা হ্ৰাস পোৱা নাই। শেহতীয়াকৈ এগৰাকী মাতৃক পুত্ৰ-বোৱাৰীৰ অহস্য শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা হোৱা এক ঘটনা আদালতৰ চৌহদ পালেগৈ। দিল্লী উচ্চ ন্যায়ালয়ে পুত্ৰই মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগত পুত্ৰ-বোৱাৰীক ঘৰ-সম্পত্তিখালী কৰিবলৈ নিৰ্দেশ দিছে। এগৰাকী ৭৩ বছৰীয়া বৃদ্ধা মাতৃক পুত্ৰই অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। ন্যায়াধীশ ভি কামেশ্বৰে পুত্ৰ আৰু বোৱাৰীক মাতৃক নিৰ্যাতন চলোৱাক লৈ তিনি সপ্তাহৰ ভিতৰত ঘৰ-সম্পত্তি খালী কৰি দিবলৈ নিৰ্দেশ দিছে। ১৫ ফেব্ৰুৱাৰীৰৰ ভিতৰত তেওঁলোকক এই ঘৰ-সম্পত্তি খালী কৰিবলৈ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। জিলা দণ্ডাধীশৰ সম্পত্তি খালী কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে পুত্ৰ আৰু বোৱাৰীয়েকে দাখিল কৰা আৱেদন খাৰিজ কৰাৰ সময়ত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়