--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন। তেওঁ বৃহস্পতিবাৰে ভাৰতত উপস্থিত হয়। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰাজ্য গুজৰাটত উপস্থিত হৈছিল জনছন। বৰিছ জনছনে শুক্ৰবাৰে দিল্লীত মোডীক সাক্ষাৎ কৰে। অতি আড়ম্বৰপূৰ্ণভাৱে জনছনক ভাৰতত আদৰণি জনোৱা হয়। ভাৰতৰ আতিথ্যত মুগ্ধ হৈ পৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে তেওঁ নিজকে শচীন তেণ্ডুলকাৰ বা অমিতাভ বচ্চন বুলি অনুভৱ কৰা বুলি ব্যক্ত কৰে। ইফালে, দিল্লীৰ হায়দৰাবাদ ভৱনত মিলিত হয় দুয়োজন ৰাষ্ট্ৰপ্ৰধান। তদুপৰি ৰাষ্ট্ৰপতি ভৱনত বৰিছ জনছনক দিয়া হয় গাৰ্ড অব্ অনাৰ।

মোডীক সাক্ষাৎ কৰাৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে এই সময়ত তেওঁৰ বাবে ভাৰত কিমান গুৰুত্বপূৰ্ণ সেয়া ব্যাখ্যা কৰে। তেওঁ ভাৰতীয় প্ৰধানমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলোৱা দেখা গৈছিল। তেওঁ প্ৰকাশ কৰে যে, মোডীৰ সৈতে তেওঁৰ সম্পৰ্ক কেৱল কূটনৈতিক নহয়। মোডী প্ৰকৃততে তেওঁৰ বিশেষ বন্ধু!

প্ৰধানমন্ত্ৰী মোডীয়েও ব্ৰিটেইন ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া প্ৰকাশ কৰাত কোনো ত্ৰুটি কৰা নাছিল। দুয়োজন ৰাষ্ট্ৰপ্ৰধানে তেওঁলোকৰ আনুষ্ঠানিক বৈঠকৰ পাছতে এটা যুটীয়া বিবৃতিও জাৰি কৰে। মোডীয়ে কয় যে, যোৱা কেইবছৰমানত ভাৰত আৰু ইংলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈছে। আৰু মোডীয়ে এই সফলতাৰ কৃতিত্ব দিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক।

উল্লেখ্য যে, ভাৰত চৰকাৰে এই বছৰ 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰিছে। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বছৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এনে সময়ত, নতুন দিল্লীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ বুলি চিহ্নিত কৰিছে। দৰাচলতে, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কোনো ইউৰোপীয় দেশৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিছে। এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

জানিব পৰা মতে,  দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ উপৰি দ্বিপাক্ষিক বৈঠকত দুয়োপক্ষৰ সংশ্লিষ্ট বিভিন্ন মন্ত্ৰালয়ৰ প্ৰতিনিধি উপস্থিত আছিল। তাত বাণিজ্যৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। দুয়োপক্ষই কেইবাটাও বাণিজ্যিক চুক্তি সম্পাদন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত একমত হোৱা বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণভাৱে  ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে মোদীক উচ্চ প্ৰশংসা কৰি কয়, ‘নৰেন্দ্ৰ মোৰ এজন বিশেষ বন্ধু। মই বিশ্বাস কৰোঁ যে বৰ্তমানৰ প্ৰতিকূল সময়ত আমাৰ বন্ধুত্ব শক্তিশালী হৈ উঠিছে। আমি এই সময়তে ইজনে সিজনৰ অধিক ওচৰলৈ আহিছোঁ। গুজৰাটত মোক আশ্চৰ্যজনকভাৱে আদৰণি জনোৱা হৈছে। মই নিজকে শচীন তেণ্ডুলকাৰ দৰেই অনুভৱ কৰিছিলোঁ! মোৰ মুখখনো অমিতাভ বচ্চনৰ দৰেই জিলিকি থকা যেন বোধ হৈছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক