--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন। তেওঁ বৃহস্পতিবাৰে ভাৰতত উপস্থিত হয়। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰাজ্য গুজৰাটত উপস্থিত হৈছিল জনছন। বৰিছ জনছনে শুক্ৰবাৰে দিল্লীত মোডীক সাক্ষাৎ কৰে। অতি আড়ম্বৰপূৰ্ণভাৱে জনছনক ভাৰতত আদৰণি জনোৱা হয়। ভাৰতৰ আতিথ্যত মুগ্ধ হৈ পৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে তেওঁ নিজকে শচীন তেণ্ডুলকাৰ বা অমিতাভ বচ্চন বুলি অনুভৱ কৰা বুলি ব্যক্ত কৰে। ইফালে, দিল্লীৰ হায়দৰাবাদ ভৱনত মিলিত হয় দুয়োজন ৰাষ্ট্ৰপ্ৰধান। তদুপৰি ৰাষ্ট্ৰপতি ভৱনত বৰিছ জনছনক দিয়া হয় গাৰ্ড অব্ অনাৰ।

মোডীক সাক্ষাৎ কৰাৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে এই সময়ত তেওঁৰ বাবে ভাৰত কিমান গুৰুত্বপূৰ্ণ সেয়া ব্যাখ্যা কৰে। তেওঁ ভাৰতীয় প্ৰধানমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলোৱা দেখা গৈছিল। তেওঁ প্ৰকাশ কৰে যে, মোডীৰ সৈতে তেওঁৰ সম্পৰ্ক কেৱল কূটনৈতিক নহয়। মোডী প্ৰকৃততে তেওঁৰ বিশেষ বন্ধু!

প্ৰধানমন্ত্ৰী মোডীয়েও ব্ৰিটেইন ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া প্ৰকাশ কৰাত কোনো ত্ৰুটি কৰা নাছিল। দুয়োজন ৰাষ্ট্ৰপ্ৰধানে তেওঁলোকৰ আনুষ্ঠানিক বৈঠকৰ পাছতে এটা যুটীয়া বিবৃতিও জাৰি কৰে। মোডীয়ে কয় যে, যোৱা কেইবছৰমানত ভাৰত আৰু ইংলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈছে। আৰু মোডীয়ে এই সফলতাৰ কৃতিত্ব দিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক।

উল্লেখ্য যে, ভাৰত চৰকাৰে এই বছৰ 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰিছে। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বছৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এনে সময়ত, নতুন দিল্লীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ বুলি চিহ্নিত কৰিছে। দৰাচলতে, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কোনো ইউৰোপীয় দেশৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিছে। এইটোও যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

জানিব পৰা মতে,  দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ উপৰি দ্বিপাক্ষিক বৈঠকত দুয়োপক্ষৰ সংশ্লিষ্ট বিভিন্ন মন্ত্ৰালয়ৰ প্ৰতিনিধি উপস্থিত আছিল। তাত বাণিজ্যৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। দুয়োপক্ষই কেইবাটাও বাণিজ্যিক চুক্তি সম্পাদন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত একমত হোৱা বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণভাৱে  ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে মোদীক উচ্চ প্ৰশংসা কৰি কয়, ‘নৰেন্দ্ৰ মোৰ এজন বিশেষ বন্ধু। মই বিশ্বাস কৰোঁ যে বৰ্তমানৰ প্ৰতিকূল সময়ত আমাৰ বন্ধুত্ব শক্তিশালী হৈ উঠিছে। আমি এই সময়তে ইজনে সিজনৰ অধিক ওচৰলৈ আহিছোঁ। গুজৰাটত মোক আশ্চৰ্যজনকভাৱে আদৰণি জনোৱা হৈছে। মই নিজকে শচীন তেণ্ডুলকাৰ দৰেই অনুভৱ কৰিছিলোঁ! মোৰ মুখখনো অমিতাভ বচ্চনৰ দৰেই জিলিকি থকা যেন বোধ হৈছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ