--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগানিস্তানত তালিবানৰ দামামা মাৰ নাযাওঁতেই এটাৰ পাছত এটা বিস্ফোৰক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তালিবানী উপদ্ৰৱৰ বাবে দেশ এৰিবলৈ বাধ্য হৈছিল অলেখজন। নিৰাপত্তা বিচাৰি এতিয়াও হাহাকাৰসদৃশ পৰিৱেশ কাবুল বিমানবন্দৰত। জনপ্ৰিয় আফগান পপ তাৰকা আৰিয়ানা ছাইদেও প্ৰাণৰ মমতাত দেশ ত্যাগ কৰিছিল। শেহতীয়াকৈ, তালিবানক পাকিস্তানত প্ৰশিক্ষণ দিয়া বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে আফগান পপ তাৰকাগৰাকীয়ে। এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত তেওঁ কয়, ‘পাকিস্তানে তালিবানক নিৰ্দেশনা দি আহিছে। তালিবানসকলে পাকিস্তানৰ পৰাই প্ৰশিক্ষণ লৈছে।’


কাবুল তালিবানৰ দ্বাৰা দখল কৰা হৈছিল। সংগঠনটোৱে ইতিমধ্যে আফগানিস্তানত চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ভাৰতে তালিবানৰ বিৰোধিতা কৰে কিন্তু কেইবাখনো দেশে ইতিমধ্যে তালিবানীক প্ৰতিহত কৰাৰ প্ৰস্তাৱ নাকচ কৰিছে। ইফালে, বহুতে সংশ্লিষ্ট দেশৰ পৰা পলায়ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আফগান পপ তাৰকা আৰিয়ানাই পৰিস্থিতিটোৰ বিষয়ে মুকলিকৈ উদ্বেগ প্ৰকাশ কৰি কয়, মই দেশৰ বাহিৰত আছোঁ কিন্তু মোৰ হৃদয়ে আফগানিস্তানত থকা লাখ লাখ লোকৰ বাবে কান্দি আছে।

আমি ২০ বছৰৰ পূৰ্বে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিলোঁ সেয়া প্ৰকাশ কৰিব নোৱাৰি! আজি পুনৰ একেটা পৰিস্থিতিৰ সন্মুখীন হৈছো আমি।’ আফগানিস্তানৰ ঘোৰ বিপদৰ পাছত ভাৰতে লোৱা পদক্ষেপৰ মুকলি প্ৰশংসা কৰিছে আৰিয়ানাই। তেওঁ কয়, ‘আফগানসকলৰ হৈ মই ভাৰতক ধন্যবাদ জনাইছো। বহু বছৰৰ পাছত মই বুজি পাইছো যে, আফগানিস্তানৰ সকলো চুবুৰীয়া দেশৰ ভিতৰত ভাৰত আমাৰ দেশৰ প্ৰকৃত বন্ধু।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ