--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিখনৰ প্ৰচাৰ চলাইছে ‘জয় হনুমেন’ৰ পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ দলে । অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷

যোৱা মঙলবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। ছবিখনত দেখিবলৈ পাব অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অন্যান্য কাশ্যপ, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্টু কুমাৰ কাশ্যপকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক। এই ছবিখনত হনুমেনৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ বড়োৱে ৷

‘জয় হনুমেন’ৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷ অসমৰ বাহিৰেও দেশৰ আন ৮ টা ঠাই- দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, গোৱাতো ১৮ অক্টোবৰত মুক্তি পাব ছবিখন ৷




প্ৰিমিয়াৰ শ্ব’ৰ পাছত অভিনেত্ৰী অমৃতা গগৈয়ে কয় যে,‘হিমাংশু দাৰ লগত এইটো মোৰ প্ৰথমটো কাম । মাতৃ হোৱাৰ পাছত ছবিলৈ মোৰ প্ৰত্যাৱৰ্তন বুলিয়ে ক’ব লাগিব । বহুবছৰৰ বিৰতিৰ পাছত মোৰ নিজৰেই ছবিৰ প্ৰিমিয়াৰ চাবলৈ আহিছো । কি কৰিছো, কেনেকুৱা কৰিছো একেবাৰে নাজানো । আশা কৰো দৰ্শকে ছবিখন চাই ভাল পাব ।” 




‘জয় হনুমেন’ ছবিখনৰ লগতে চলি থকা বিতৰ্কৰ সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসে কয়, ‘প্ৰথম কথা হৈছে মোৰ দেউতাৰ ৮০ বছৰ হৈ গৈছে আৰু তেওঁ এজন হিন্দু ব্যক্তি । গতিকে দেউতাৰ অনুভূতিত আঘাত কৰাৰ মোৰ কোনো স্পৰ্ধা নাই, উদ্দেশ্য নাই । গতিকে হিন্দু ধৰ্মক আঘাত কৰা বুলি যিবোৰ কথা কোৱা হৈছে, ছবিখন চালে প্ৰত্যেকে ক’ব যে আচলতে সেই ধৰ্মক আঘাত কৰাটো দূৰৰ কথা, বৰং সেই আস্থাক আমি সন্মানহে জনাইছো । ছবিখনৰ মূল বিষয়টো ধৰ্ম নহয়েই, ছবিখনৰ মূল বিষয় অন্য এটা জ্বলন্ত সমস্যা । ছবিখন চালে দৰ্শকে বিষয়টো বুজিব পাৰিব ।’






FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ