--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিহত সকলৰ ভিতৰত ৬টা শিশু আৰু ১৬ গৰাকী মহিলা আছে। জনসভাখনত মানুহৰ ভিৰ অত্যধিক হোৱাত কেইবাজনো লোক অচেতন হৈ পৰে। পাছত উক্ত লোক সক লক চিকিৎসালয়ত ভর্তি কৰা হয়।

ডিজিটেল ডেস্ক : তামিলনাডুৰ কাৰুৰত শনিবাৰে তামিলাগা বেটট্ৰী কঝগম (টি ভি কে)ৰ মুৰব্বী তথা তামিল চিনেমাৰ জনপ্রিয় অভিনেতা বিজয়ৰ জনসভাৰ সময়ত হোৱা হেঁচা-ঠেলাত শিশু-মহিলাকে ধৰি ৩৫জন লোকৰ মৃত্যু হয়।


নিহত সকলৰ ভিতৰত ৬টা শিশু আৰু ১৬ গৰাকী মহিলা আছে। জনসভাখনত মানুহৰ ভিৰ অত্যধিক হোৱাত কেইবাজনো লোক অচেতন হৈ পৰে। পাছত উক্ত লোক সক লক চিকিৎসালয়ত ভর্তি কৰা হয়। 


আনহাতে ডি এম কেৰ প্ৰাক্তন মন্ত্ৰী ছেন্থিল বালাজী আৰু জিলা উপায়ুক্তই পাছত চিকিৎসালয়লৈ গৈ পৰিস্থিতিৰ বুজ লয়। বাতৰি মতে লাহে লাহে ভিৰ বেছি হোৱাত হেঁচা-ঠেলাত কেইবাজনো দলীয় কর্মী আৰু শিশু মূর্ছা যায়। বিজয়ে তেওঁৰ ভাষণ আধাতে সামৰি উপস্থিত লোকসকলক শান্ত হ'বলৈ আৰু এম্বুলেন্সৰ বাবে বাট উলিয়াই দিবলৈ অনুৰোধ জনায়। ইফালে কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত ভিৰ কমাবলৈ কাৰৰত আৰক্ষীয়ে লাঠীচালনা কৰে। সভাত পানীৰ বটল বিতৰণ কৰা হয় আৰু তৎক্ষণাৎ চিকিৎসাৰ দল মোতায়েন কৰা হয়। 


এই সভাত এগৰাকী ৯ বছৰীয়া ছোৱালী সন্ধানহীনো হয়। বিজয়ে ভাষণৰ সময়ত পৰোক্ষভাৱে ডি এম কেৰ প্ৰাক্তন মন্ত্রী ছেন্থিল বালাজীক সমালোচনা কৰোঁতেই এই ঘটনা ঘটে। আজিৰ সভাখন আছিল ২০২৬ চনৰ নিৰ্বাচনৰ আগতে ৰাজ্যজুৰি অনুষ্ঠিত কৰা প্ৰচাৰ অভিযানৰ অংশ। তামিলনাডুৰ এই শোকাবহ ঘটনাত লোকসকলৰ মৃত্যু হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু