--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিহত সকলৰ ভিতৰত ৬টা শিশু আৰু ১৬ গৰাকী মহিলা আছে। জনসভাখনত মানুহৰ ভিৰ অত্যধিক হোৱাত কেইবাজনো লোক অচেতন হৈ পৰে। পাছত উক্ত লোক সক লক চিকিৎসালয়ত ভর্তি কৰা হয়।

ডিজিটেল ডেস্ক : তামিলনাডুৰ কাৰুৰত শনিবাৰে তামিলাগা বেটট্ৰী কঝগম (টি ভি কে)ৰ মুৰব্বী তথা তামিল চিনেমাৰ জনপ্রিয় অভিনেতা বিজয়ৰ জনসভাৰ সময়ত হোৱা হেঁচা-ঠেলাত শিশু-মহিলাকে ধৰি ৩৫জন লোকৰ মৃত্যু হয়।


নিহত সকলৰ ভিতৰত ৬টা শিশু আৰু ১৬ গৰাকী মহিলা আছে। জনসভাখনত মানুহৰ ভিৰ অত্যধিক হোৱাত কেইবাজনো লোক অচেতন হৈ পৰে। পাছত উক্ত লোক সক লক চিকিৎসালয়ত ভর্তি কৰা হয়। 


আনহাতে ডি এম কেৰ প্ৰাক্তন মন্ত্ৰী ছেন্থিল বালাজী আৰু জিলা উপায়ুক্তই পাছত চিকিৎসালয়লৈ গৈ পৰিস্থিতিৰ বুজ লয়। বাতৰি মতে লাহে লাহে ভিৰ বেছি হোৱাত হেঁচা-ঠেলাত কেইবাজনো দলীয় কর্মী আৰু শিশু মূর্ছা যায়। বিজয়ে তেওঁৰ ভাষণ আধাতে সামৰি উপস্থিত লোকসকলক শান্ত হ'বলৈ আৰু এম্বুলেন্সৰ বাবে বাট উলিয়াই দিবলৈ অনুৰোধ জনায়। ইফালে কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত ভিৰ কমাবলৈ কাৰৰত আৰক্ষীয়ে লাঠীচালনা কৰে। সভাত পানীৰ বটল বিতৰণ কৰা হয় আৰু তৎক্ষণাৎ চিকিৎসাৰ দল মোতায়েন কৰা হয়। 


এই সভাত এগৰাকী ৯ বছৰীয়া ছোৱালী সন্ধানহীনো হয়। বিজয়ে ভাষণৰ সময়ত পৰোক্ষভাৱে ডি এম কেৰ প্ৰাক্তন মন্ত্রী ছেন্থিল বালাজীক সমালোচনা কৰোঁতেই এই ঘটনা ঘটে। আজিৰ সভাখন আছিল ২০২৬ চনৰ নিৰ্বাচনৰ আগতে ৰাজ্যজুৰি অনুষ্ঠিত কৰা প্ৰচাৰ অভিযানৰ অংশ। তামিলনাডুৰ এই শোকাবহ ঘটনাত লোকসকলৰ মৃত্যু হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ