--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পাছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি পুটিনক ফ'ন কৰি ইউক্রেইনৰ বিষয়ত ৰাছিয়াৰ কৌশল সন্দর্ভত ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছিল।

ডিজিটেল ডেস্ক : ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাক লৈ নাটোৰ দেশসমূহৰ প্রতিক্রিয়া অব্যাহত আছে। নাটোৰ সচিব প্রধান মাৰ্ক ৰুটে কয় যে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে মার্কিন ৰা ষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আৰোপ কৰা শুল্কই মস্কোৰ ওপৰত অধিক প্ৰভাৱ পেলাইছে।


ৰুটে দাবী কৰে যে ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পাছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি পুটিনক ফ'ন কৰি ইউক্রেইনৰ বিষয়ত ৰাছিয়াৰ কৌশল সন্দর্ভত ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছিল। 


ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কই মস্কোৰ ওপৰত তাৎক্ষণিকভাৱে প্ৰভাৱ পেলাইছিল বুলি ৰুটে দাবী কৰে। ৰুটে দাবী কৰা মতে, মোদীয়ে পুটিনক কৈছিল, 'মই আপোনাক সমর্থন কৰোঁ। আমেৰিকাই ভাৰতৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে, সেই বাবে আপুনি ব্যাখ্যা কৰিবনে, আপুনি ইউক্রেইনৰ বিষয়ত কি ৰণ-কৌশল লৈছে।' ৰুটে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মাজতে নিউয়র্কত এই মন্তব্য কৰে। 


ইফালে, নাটোৰ মুৰব্বীজনৰ দাবীক শুকুৰবাৰে ভাৰতে খণ্ডন কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতিযোগে কয় যে নাটোৰ মুৰব্বীজনৰ দাবী তথ্যগতভাৱে অসত্য আৰু সম্পূর্ণ ভিত্তিহীন। ভৱিষ্যতে এনেধৰণৰ মন্তব্য নকৰিবলৈ নাটোৰ মুৰব্বীজনক ভাৰতে সকীয়াই দিয়ে। এই বিষয়টোক লৈ প্রাধনমন্ত্রী মোদীয়ে কোনো কাৰণতে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে কথা পতা নাই বুলি ভাৰতে স্পষ্ট কৰি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু