--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পাছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি পুটিনক ফ'ন কৰি ইউক্রেইনৰ বিষয়ত ৰাছিয়াৰ কৌশল সন্দর্ভত ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছিল।

ডিজিটেল ডেস্ক : ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাক লৈ নাটোৰ দেশসমূহৰ প্রতিক্রিয়া অব্যাহত আছে। নাটোৰ সচিব প্রধান মাৰ্ক ৰুটে কয় যে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে মার্কিন ৰা ষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আৰোপ কৰা শুল্কই মস্কোৰ ওপৰত অধিক প্ৰভাৱ পেলাইছে।


ৰুটে দাবী কৰে যে ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পাছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি পুটিনক ফ'ন কৰি ইউক্রেইনৰ বিষয়ত ৰাছিয়াৰ কৌশল সন্দর্ভত ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছিল। 


ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কই মস্কোৰ ওপৰত তাৎক্ষণিকভাৱে প্ৰভাৱ পেলাইছিল বুলি ৰুটে দাবী কৰে। ৰুটে দাবী কৰা মতে, মোদীয়ে পুটিনক কৈছিল, 'মই আপোনাক সমর্থন কৰোঁ। আমেৰিকাই ভাৰতৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে, সেই বাবে আপুনি ব্যাখ্যা কৰিবনে, আপুনি ইউক্রেইনৰ বিষয়ত কি ৰণ-কৌশল লৈছে।' ৰুটে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মাজতে নিউয়র্কত এই মন্তব্য কৰে। 


ইফালে, নাটোৰ মুৰব্বীজনৰ দাবীক শুকুৰবাৰে ভাৰতে খণ্ডন কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতিযোগে কয় যে নাটোৰ মুৰব্বীজনৰ দাবী তথ্যগতভাৱে অসত্য আৰু সম্পূর্ণ ভিত্তিহীন। ভৱিষ্যতে এনেধৰণৰ মন্তব্য নকৰিবলৈ নাটোৰ মুৰব্বীজনক ভাৰতে সকীয়াই দিয়ে। এই বিষয়টোক লৈ প্রাধনমন্ত্রী মোদীয়ে কোনো কাৰণতে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে কথা পতা নাই বুলি ভাৰতে স্পষ্ট কৰি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ