--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইতিহাস ৰচনা কৰি দ্বিতীয়বাৰলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে যোগী আদিত্যনাথে। একেৰাহে দুবাৰলৈ দেশৰ সৰ্ববৃহৎ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ বিৰল কৃতিত্বৰ অধিকাৰী হ’ল যোগী আদিত্যনাথ। একেৰাহে দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ ৩৭ বছৰ পুৰনি অভিলেখ ভংগ কৰিলে যোগীয়ে। আজি বিয়লি লক্ষ্ণৌত অনুষ্ঠিত ভব্য শপত গ্ৰহণ সমাৰোহত তেওঁ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰে। তেওঁৰ মন্ত্ৰীসভাত দুগৰাকীকৈ উপ-মুখ্যমন্ত্ৰীকো নিযুক্তি দিয়া হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা কেশৱ প্ৰসাদ মৌৰ্যই যোগী আদিত্যনাথৰ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিছে। যদিও তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল, তথাপি তেওঁক যোগী চৰকাৰৰ উপ মুখ্যমন্ত্ৰীৰ পদ দিয়া হ’ল। মৌৰ্যৰ লগতে ব্ৰজেশ পাঠককো উপ-মুখ্যমন্ত্ৰীৰ পদ অৰ্পন কৰা হৈছে।

দেশৰ পঞ্চম বৃহত্তম ষ্টেডিয়ামখন যোগীৰ শপত গ্ৰহণৰ বাবে সজাই তোলা হৈছিল

লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যোগীয়ে। দেশৰ পঞ্চম বৃহত্তম ষ্টেডিয়ামখন যোগীৰ শপত গ্ৰহণৰ বাবে সজাই তোলা হৈছিল আড়ম্বৰপূৰ্ণ ৰূপত। যোগীৰ শপত গ্ৰহণ সমাৰোহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল মুখ্য অতিথি। তদুপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছিল শপতগ্ৰহণত। https://twitter.com/myogiadityanath/status/1507308846892871684?s=20&t=ti8S5o9OxMtrp4TR69DGbQ যোগীৰ কেবিনেটত স্থান লাভ কৰা বিজেপি বিধায়কসকল হৈছে, সূৰ্য প্ৰতাপ শ্বাহী, সুৰেশ কুমাৰ খান্না, স্বতন্ত্ৰ দেৱ সিং, বেবী হানি মৌৰ্য, লক্ষ্মী নাৰায়ণ চৌধুৰী, জয়বীৰ সিং, ধৰমপাল সিং, নন্দ গোপাল নন্দী, ভূপেন্দ্ৰ সিং চৌধুৰী, অনিল ৰাজভৰ, জিতেন প্ৰসাদ, ৰাকেশ চাচান, অৰবিন্দ কুমাৰ শৰ্মা, যোগেন্দ্ৰ উপাধ্যায়, আশীষ পেটেল, সঞ্জয় নিষাদ। ৰাজ্যখনৰ স্বতন্ত্ৰ দায়িত্বত থকা মন্ত্ৰীসকল হৈছে নীতিন আগৰৱালা, কপিলদেৱ আগৰৱালা, ৰবীন্দ্ৰ জয়ছোৱাল, সন্দীপ সিং, গুলাব দেৱী, গিৰীশ চন্দ্ৰ যাদৱ, ধৰমবীৰ প্ৰজাপতি, অসীম অৰুণ, জে পি এছ ৰাথোৰ, দয়াশংকৰ সিং, নৰেন্দ্ৰ কাশ্যপ, দিনেশ প্ৰতাপ সিং, অৰুণ কুমাৰ সাক্সেনা, দয়াশংকৰ মিশ্ৰ দয়ালু। https://twitter.com/myogiadityanath/status/1507335104762617864?s=20&t=ti8S5o9OxMtrp4TR69DGbQ ৰাজ্যিক মন্ত্ৰীসকল হৈছে মায়াংকেশ্বৰ সিং, দীনেশ খটিক, সঞ্জীৱ গৌৰ, বলদেৱ সিং আলোক, অজিত পাল, যশৱন্ত সেনি, ৰামকেশ নিষাদ, মনোহৰলাল মান্নু কেৰী, সঞ্জয় গংৱাৰ, ব্ৰিজেশ সিং, কেপি মল্লিক, সুৰেশ ৰাহী, সৌমেন্দ্ৰ তোমৰ, অনুপ প্ৰধান, প্ৰতিভা শুক্লা, ৰাকেশ ৰাঠৌৰ, ৰজনী তিৱাৰী, সতীশ শৰ্মা, ডেনিছ আজাদ আনচাৰী, বিজয় গৌতম। উল্লেখ্য যে, উত্তৰ প্ৰদেশ বিধানসভাৰ ৪০৩ খন আসনৰ ভিতৰত, ২৫৫ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ