--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইতিহাস ৰচনা কৰি দ্বিতীয়বাৰলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে যোগী আদিত্যনাথে। একেৰাহে দুবাৰলৈ দেশৰ সৰ্ববৃহৎ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ বিৰল কৃতিত্বৰ অধিকাৰী হ’ল যোগী আদিত্যনাথ। একেৰাহে দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ ৩৭ বছৰ পুৰনি অভিলেখ ভংগ কৰিলে যোগীয়ে। আজি বিয়লি লক্ষ্ণৌত অনুষ্ঠিত ভব্য শপত গ্ৰহণ সমাৰোহত তেওঁ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰে। তেওঁৰ মন্ত্ৰীসভাত দুগৰাকীকৈ উপ-মুখ্যমন্ত্ৰীকো নিযুক্তি দিয়া হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা কেশৱ প্ৰসাদ মৌৰ্যই যোগী আদিত্যনাথৰ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিছে। যদিও তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল, তথাপি তেওঁক যোগী চৰকাৰৰ উপ মুখ্যমন্ত্ৰীৰ পদ দিয়া হ’ল। মৌৰ্যৰ লগতে ব্ৰজেশ পাঠককো উপ-মুখ্যমন্ত্ৰীৰ পদ অৰ্পন কৰা হৈছে।

দেশৰ পঞ্চম বৃহত্তম ষ্টেডিয়ামখন যোগীৰ শপত গ্ৰহণৰ বাবে সজাই তোলা হৈছিল

লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যোগীয়ে। দেশৰ পঞ্চম বৃহত্তম ষ্টেডিয়ামখন যোগীৰ শপত গ্ৰহণৰ বাবে সজাই তোলা হৈছিল আড়ম্বৰপূৰ্ণ ৰূপত। যোগীৰ শপত গ্ৰহণ সমাৰোহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল মুখ্য অতিথি। তদুপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছিল শপতগ্ৰহণত। https://twitter.com/myogiadityanath/status/1507308846892871684?s=20&t=ti8S5o9OxMtrp4TR69DGbQ যোগীৰ কেবিনেটত স্থান লাভ কৰা বিজেপি বিধায়কসকল হৈছে, সূৰ্য প্ৰতাপ শ্বাহী, সুৰেশ কুমাৰ খান্না, স্বতন্ত্ৰ দেৱ সিং, বেবী হানি মৌৰ্য, লক্ষ্মী নাৰায়ণ চৌধুৰী, জয়বীৰ সিং, ধৰমপাল সিং, নন্দ গোপাল নন্দী, ভূপেন্দ্ৰ সিং চৌধুৰী, অনিল ৰাজভৰ, জিতেন প্ৰসাদ, ৰাকেশ চাচান, অৰবিন্দ কুমাৰ শৰ্মা, যোগেন্দ্ৰ উপাধ্যায়, আশীষ পেটেল, সঞ্জয় নিষাদ। ৰাজ্যখনৰ স্বতন্ত্ৰ দায়িত্বত থকা মন্ত্ৰীসকল হৈছে নীতিন আগৰৱালা, কপিলদেৱ আগৰৱালা, ৰবীন্দ্ৰ জয়ছোৱাল, সন্দীপ সিং, গুলাব দেৱী, গিৰীশ চন্দ্ৰ যাদৱ, ধৰমবীৰ প্ৰজাপতি, অসীম অৰুণ, জে পি এছ ৰাথোৰ, দয়াশংকৰ সিং, নৰেন্দ্ৰ কাশ্যপ, দিনেশ প্ৰতাপ সিং, অৰুণ কুমাৰ সাক্সেনা, দয়াশংকৰ মিশ্ৰ দয়ালু। https://twitter.com/myogiadityanath/status/1507335104762617864?s=20&t=ti8S5o9OxMtrp4TR69DGbQ ৰাজ্যিক মন্ত্ৰীসকল হৈছে মায়াংকেশ্বৰ সিং, দীনেশ খটিক, সঞ্জীৱ গৌৰ, বলদেৱ সিং আলোক, অজিত পাল, যশৱন্ত সেনি, ৰামকেশ নিষাদ, মনোহৰলাল মান্নু কেৰী, সঞ্জয় গংৱাৰ, ব্ৰিজেশ সিং, কেপি মল্লিক, সুৰেশ ৰাহী, সৌমেন্দ্ৰ তোমৰ, অনুপ প্ৰধান, প্ৰতিভা শুক্লা, ৰাকেশ ৰাঠৌৰ, ৰজনী তিৱাৰী, সতীশ শৰ্মা, ডেনিছ আজাদ আনচাৰী, বিজয় গৌতম। উল্লেখ্য যে, উত্তৰ প্ৰদেশ বিধানসভাৰ ৪০৩ খন আসনৰ ভিতৰত, ২৫৫ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। new pca banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী