--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ২৯ মাৰ্চত সাক্ষাৎ কৰিব কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷ অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৰাজ্যৰ মাজত হোৱা সীমা বিবাদ সমাধানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিব বুলি জানিব পৰা গৈছে৷ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত স্বাক্ষৰিত হ'বলগীয়া এই চুক্তিত দুয়োখন ৰাজ্যৰ মাজত মতবিৰোধ সংঘটিত হোৱা ছটা ক্ষেত্ৰৰ বিবাদ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বৈঠকখনৰ বিষয়ে গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) পৰা আনুষ্ঠানিক অনুমোদন লাভ কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কয়, 'মই এটা আনুষ্ঠানিক অনুমোদন লাভ কৰিছোঁ যে সন্মানীয় গৃহমন্ত্ৰীয়ে ২৯ মাৰ্চৰ আবেলি ৪:৩০ বজাত বৈঠকৰ বাবে সময় নিৰ্ধাৰণ কৰিছে। গৃ বিভাগৰ সচিব পীয়ুষ গোৱেলৰ পৰা এই অনুমোদনৰ বাৰ্তা আহিছে। সেয়েহে ২৯ মাৰ্চৰ বৈঠকৰ বাবে প্ৰস্তুতি চলাই আছোঁ।' অসমৰ সৈতে আন্তঃৰাজ্যিক সীমা বিবাদৰ নিষ্পত্তিৰ বিষটো পুনৰ বিবেচনা কৰিবলৈ কেইবাটাও সংগঠনে মেঘালয় চৰকাৰৰ ওপৰত বৰ্ধিত চাপৰ মাজত চুক্তিখন স্বাক্ষৰ কৰাটো বিশেষ গুৰুত্বপূৰ্ণ আছিল৷ কনৰাড চাংমাই কৈছিল, 'আমি আমাৰ মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে বিষয়টো আলোচনা কৰিছোঁ। আমাৰ প্ৰয়াস সদায় এটা সমাধান বিচাৰি উলিওৱা আৰু সকলো উদ্বেগ সমাধান কৰাটো নিশ্চিত কৰা। আমি সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম নহ'ব পাৰোঁ, কিন্তু আমি যিমানবোৰ সম্ভৱ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম।' new pca banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত