--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ২৯ মাৰ্চত সাক্ষাৎ কৰিব কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷ অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৰাজ্যৰ মাজত হোৱা সীমা বিবাদ সমাধানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিব বুলি জানিব পৰা গৈছে৷ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত স্বাক্ষৰিত হ'বলগীয়া এই চুক্তিত দুয়োখন ৰাজ্যৰ মাজত মতবিৰোধ সংঘটিত হোৱা ছটা ক্ষেত্ৰৰ বিবাদ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বৈঠকখনৰ বিষয়ে গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) পৰা আনুষ্ঠানিক অনুমোদন লাভ কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কয়, 'মই এটা আনুষ্ঠানিক অনুমোদন লাভ কৰিছোঁ যে সন্মানীয় গৃহমন্ত্ৰীয়ে ২৯ মাৰ্চৰ আবেলি ৪:৩০ বজাত বৈঠকৰ বাবে সময় নিৰ্ধাৰণ কৰিছে। গৃ বিভাগৰ সচিব পীয়ুষ গোৱেলৰ পৰা এই অনুমোদনৰ বাৰ্তা আহিছে। সেয়েহে ২৯ মাৰ্চৰ বৈঠকৰ বাবে প্ৰস্তুতি চলাই আছোঁ।' অসমৰ সৈতে আন্তঃৰাজ্যিক সীমা বিবাদৰ নিষ্পত্তিৰ বিষটো পুনৰ বিবেচনা কৰিবলৈ কেইবাটাও সংগঠনে মেঘালয় চৰকাৰৰ ওপৰত বৰ্ধিত চাপৰ মাজত চুক্তিখন স্বাক্ষৰ কৰাটো বিশেষ গুৰুত্বপূৰ্ণ আছিল৷ কনৰাড চাংমাই কৈছিল, 'আমি আমাৰ মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে বিষয়টো আলোচনা কৰিছোঁ। আমাৰ প্ৰয়াস সদায় এটা সমাধান বিচাৰি উলিওৱা আৰু সকলো উদ্বেগ সমাধান কৰাটো নিশ্চিত কৰা। আমি সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম নহ'ব পাৰোঁ, কিন্তু আমি যিমানবোৰ সম্ভৱ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম।' new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন