--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত বাঢ়িছে মহিলাৰ আত্মহত্যাৰ সংখ্যা৷ দেশৰ অধিকাংশ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা৷ ২০২০ বৰ্ষত ভাৰতত আত্মহত্যা কৰিছে ৪৪,৪৯৮গৰাকী মহিলাই৷ তামিলনাডুত সৰ্বাধিক ৫,২৭৫গৰাকী মহিলাই আত্মহত্যা কৰিছে৷ লোকসভাত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে৷ লোকসভাত এক লিখিত উত্তৰত ইৰাণীয়ে কয়, মহিলাসকলৰ মাজত আত্মহত্যা ২০১৯ চনত ৪১,৪৯৩ ৰ পৰা ২০২০ চনত ৪৪,৪৯৮ লৈ বৃদ্ধি পাইছে। এনচিপিৰ সাংসদ মহম্মদ ফাইজাল পাদিপুৰাৰ এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে মহিলাৰ আত্মহত্যাৰ মূল দুটা কাৰণ হৈছে পাৰিবাৰিক সমস্যা আৰু অসুস্থতা'৷ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য অনুসৰি, ৪৪,৪৯৮গৰাকী মৃত মহিলাৰ ভিতৰত ২২,৩৭৪গৰাকী গৃহিণী আছিল। তালিকাৰ তামিলনাডুৰ পাছতে আছে পশ্চিম বংগ (৫,১৩৬), মধ্য প্ৰদেশ (৪,৯১৫), মহাৰাষ্ট্ৰ (৪,৪৭২) আৰু কৰ্ণাটক (৩,০৬৭)৷ মহিলাই আটাইতকৈ কম আত্মহত্যা কৰা ৰাজ্যবোৰ হৈছে: নাগালেণ্ড (১২), মণিপুৰ (১৭), মিজোৰাম (২০), অৰুণাচল (৪৮) আৰু মেঘালয় (৬১)। আনহাতে, জনসংখ্যা গাঁথনিৰে বৃহৎ ৰাজ্যসমূহৰ ভিতৰত বিহাৰ (৩৫৮), পঞ্জাব (৬২৩), ঝাৰখণ্ড (৭৫৯), অসম (৯০৬) আৰু হাৰিয়ানা (৯১৭)ত আটাইতকৈ কম মহিলাৰ আত্মহত্যাৰ খবৰ পোৱা গৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত, মহিলাৰ আত্মহত্যাৰ তথ্য ধৰণৰ: আন্দামান-নিকোবৰ (৫০), দাদৰা-নগৰ হাভেলি আৰু দমন-দিউ (৪৩), চণ্ডিগড় (৪৮), দিল্লী (৮৯৫), জম্মু-কাশ্মীৰ (১৩০), লাডাখ (২), লাক্ষাদ্বীপ (১) আৰু পুডুচেৰী (১০৯)। ২০১৯ত মহাৰাষ্ট্ৰই ৪,৪৪৮টা আত্মহত্যাৰ সৈতে তালিকাৰ শীৰ্ষত আছিল৷ ২০২০ বৰ্ষতো ৪,৪৭২ৰে প্ৰায় একেসংখ্যক ঘটনা দেখা গৈছে। অৱশ্যে, ২০২০ৰ শীৰ্ষত থকা তামিলনাডুত ২০১৯ৰ ৪,২৫০ৰ পৰা ৫,২৭৫টা আত্মহত্যাৰ ঘটনাৰে ১০০০গৰাকী অধিক মহিলাই আত্মহত্যা কৰাৰ তথ্য পোৱা গৈছে৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ