--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত বাঢ়িছে মহিলাৰ আত্মহত্যাৰ সংখ্যা৷ দেশৰ অধিকাংশ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা৷ ২০২০ বৰ্ষত ভাৰতত আত্মহত্যা কৰিছে ৪৪,৪৯৮গৰাকী মহিলাই৷ তামিলনাডুত সৰ্বাধিক ৫,২৭৫গৰাকী মহিলাই আত্মহত্যা কৰিছে৷ লোকসভাত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে৷ লোকসভাত এক লিখিত উত্তৰত ইৰাণীয়ে কয়, মহিলাসকলৰ মাজত আত্মহত্যা ২০১৯ চনত ৪১,৪৯৩ ৰ পৰা ২০২০ চনত ৪৪,৪৯৮ লৈ বৃদ্ধি পাইছে। এনচিপিৰ সাংসদ মহম্মদ ফাইজাল পাদিপুৰাৰ এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে মহিলাৰ আত্মহত্যাৰ মূল দুটা কাৰণ হৈছে পাৰিবাৰিক সমস্যা আৰু অসুস্থতা'৷ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য অনুসৰি, ৪৪,৪৯৮গৰাকী মৃত মহিলাৰ ভিতৰত ২২,৩৭৪গৰাকী গৃহিণী আছিল। তালিকাৰ তামিলনাডুৰ পাছতে আছে পশ্চিম বংগ (৫,১৩৬), মধ্য প্ৰদেশ (৪,৯১৫), মহাৰাষ্ট্ৰ (৪,৪৭২) আৰু কৰ্ণাটক (৩,০৬৭)৷ মহিলাই আটাইতকৈ কম আত্মহত্যা কৰা ৰাজ্যবোৰ হৈছে: নাগালেণ্ড (১২), মণিপুৰ (১৭), মিজোৰাম (২০), অৰুণাচল (৪৮) আৰু মেঘালয় (৬১)। আনহাতে, জনসংখ্যা গাঁথনিৰে বৃহৎ ৰাজ্যসমূহৰ ভিতৰত বিহাৰ (৩৫৮), পঞ্জাব (৬২৩), ঝাৰখণ্ড (৭৫৯), অসম (৯০৬) আৰু হাৰিয়ানা (৯১৭)ত আটাইতকৈ কম মহিলাৰ আত্মহত্যাৰ খবৰ পোৱা গৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত, মহিলাৰ আত্মহত্যাৰ তথ্য ধৰণৰ: আন্দামান-নিকোবৰ (৫০), দাদৰা-নগৰ হাভেলি আৰু দমন-দিউ (৪৩), চণ্ডিগড় (৪৮), দিল্লী (৮৯৫), জম্মু-কাশ্মীৰ (১৩০), লাডাখ (২), লাক্ষাদ্বীপ (১) আৰু পুডুচেৰী (১০৯)। ২০১৯ত মহাৰাষ্ট্ৰই ৪,৪৪৮টা আত্মহত্যাৰ সৈতে তালিকাৰ শীৰ্ষত আছিল৷ ২০২০ বৰ্ষতো ৪,৪৭২ৰে প্ৰায় একেসংখ্যক ঘটনা দেখা গৈছে। অৱশ্যে, ২০২০ৰ শীৰ্ষত থকা তামিলনাডুত ২০১৯ৰ ৪,২৫০ৰ পৰা ৫,২৭৫টা আত্মহত্যাৰ ঘটনাৰে ১০০০গৰাকী অধিক মহিলাই আত্মহত্যা কৰাৰ তথ্য পোৱা গৈছে৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান