ডিজিটেল ডেস্ক: ৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই। বিশিষ্ট উদ্যোগপতিগৰাকীৰ বিয়োগত বিভিন্ন ক্ষেত্ৰৰ ৰথী-মহাৰথীকে ধৰি সাধাৰণ লোক লৈকে গভীৰ শোক প্ৰকাশ কৰিছে।
জীৱনকালত ৰতন টাটাই টাটা ট্ৰাষ্টৰ জৰিয়তে শিক্ষা, স্বাস্থ্যসেৱা, গ্ৰাম্য উন্নয়ন আৰু দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াই আহিছে। ৰতন টাটাই কেতিয়াও বিয়া নকৰালে আৰু তেওঁৰ কোনো সন্তান নাই, সেয়েহে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তি কোনে উত্তৰাধিকাৰী হিচাপে লাভ কৰিব, এই প্ৰশ্নটো সকলোৰে মনত উত্থাপন হৈছে ৷

ৰতন টাটাৰ বিদায়ৰ পিছত তেওঁৰ ব্যৱসায়ৰ বাঘজৰী কোনে ল’ব সেইটো জানিবলৈ তেওঁৰ পৰিয়ালৰ বিষয়ে জনাটো প্ৰয়োজন। ৰতন টাটাৰ পিতৃ-মাতৃৰ নাম আছিল নৱাল টাটা আৰু ছ’নী, তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল ১৯৪০ চনৰ আশে-পাশে, তাৰ পিছত নৱাল টাটাই ১৯৫৫ চনত চুইজাৰলেণ্ডৰ মহিলা ছিমনক বিয়া কৰাইছিল। তেওঁৰ এজন পুত্ৰৰ নাম নোৱেল টাটা আৰু যিহেতু ৰতন টাটাৰ কোনো সন্তান নাই, সেয়েহে কোটি কোটি টকাৰ এই সম্পত্তি তেওঁৰ সতি-সন্ততি নোৱেল টাটাৰ আত্মীয়ৰ হাতলৈ যোৱাৰ সম্ভাৱনা বেছি। নোৱেল টাটাৰ তিনিটা সন্তান আছে মায়া, নেভাল আৰু লিয়া টাটা।
মায়া টাটা

ৰতন টাটাৰ সম্পত্তি ৰতন টাটাৰ ভাতৃ নোৱেল টাটাৰ কন্যা মায়া টাটাৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে। ৩৪ বছৰীয়া মায়াই বেইজ বিজনেছ স্কুল এণ্ড ৱাৰউইক বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিছে। টাটা অপাৰচুনিটি ফাণ্ডৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, তাৰ পিছত টাটা ডিজিটেললৈ গুচি যায় আৰু টাটা নিউ এপটো উন্নত আৰু মুকলি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্তমান তেওঁ ভাই-ভনীৰ সৈতে টাটা মেডিকেল চেণ্টাৰ ট্ৰাষ্টৰ ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰি আছে। মায়া টাটাৰ মাতৃ প্ৰয়াত টাটা গ্ৰুপৰ অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ ভগ্নী আৰু প্ৰয়াত কোটিপতি পল্লনজী মিষ্ট্ৰীৰ কন্যা।
নেভিল টাটা

মায়া টাটাৰ ভাতৃ নেভিল টাটা (৩২ বছৰ) এই পাৰিবাৰিক ব্যৱসায়ৰ সৈতে জড়িত। ৰতন টাটাৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী হিচাপেও তেওঁক দেখা গৈছে। টয়োটা কিৰ্লোস্কাৰ গ্ৰুপৰ উত্তৰাধিকাৰী মানসী কিৰলোস্কাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা তেওঁৰ জমছেদ টাটা নামৰ এজন পুত্ৰ। নেভিলে ট্ৰেণ্ট লিমিটেডৰ অধীনত থকা হাইপাৰমাৰ্কেট চেইন টাটা ষ্টাৰ বজাৰৰ নেতৃত্ব দিছে। ইয়াৰ পূৰ্বে তেওঁক পেকেজড ফুড এণ্ড বেভাৰেজ বিভাগৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল, য’ত তেওঁৰ সামৰ্থ্য প্ৰমাণ কৰাৰ পিছত তেওঁ জুডিঅ’ আৰু ৱেষ্টছাইডৰ দায়িত্বও গ্ৰহণ কৰিছিল। আনকি বহু বিশেষজ্ঞই বিশ্বাস কৰে যে তেওঁক টাটা গ্ৰুপৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যভাৰ দিয়া হ’ব ৷
লিয়া টাটা (৩৯ বছৰ)

নেভিল আৰু মায়া টাটাৰ ভগ্নী লিয়া টাটা (৩৯ বছৰ) এই গ্ৰুপৰ হোটেল ব্যৱসায়ৰ সৈতে জড়িত। তেওঁ স্পেইনৰ আই ই বিজনেছ স্কুলৰ পৰা শিক্ষা লাভ কৰে। তাজ হোটেল ৰিজৰ্ট এণ্ড পেলেচত কাম কৰা লিয়া এতিয়া ইণ্ডিয়ান হোটেল কোম্পানীৰ কাম-কাজ পৰিচালনা কৰে। ২০১০ চনত কিছু সময়ৰ বাবে লুই ভিটনত ইন্টাৰ্নশ্বিপ কৰিছিল যদিও তেওঁৰ সমগ্ৰ মনোযোগ হোটেল উদ্যোগৰ ওপৰত আছিল।