--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই। ৰতন টাটা যিমানেই সফল ব্যৱসায়ী আছিল, সিমানেই তেওঁৰ ব্যক্তিগত জীৱন ৰহস্যময় আৰু ব্যক্তিগত হৈয়েই থাকিল। ব্যক্তিগত জীৱনৰ বিষয়ে তেওঁ কেতিয়াও ৰাজহুৱাভাৱে কথা কোৱা নাছিল। কিন্তু ১৯৯৭ চনত দিয়া এটা সাক্ষাৎকাৰত তেওঁ নিজৰ অসম্পূৰ্ণ প্ৰেম কাহিনীৰ কথা উল্লেখ কৰিছিল।

এক সাক্ষাৎকাৰত ৰতন টাটাই কয় যে ১৯৬০ চনত আমেৰিকাত অধ্যয়ন কৰাৰ পিছত তেওঁ তাত কাম আৰম্ভ কৰিছিল। সেই সময়ছোৱাত তেওঁ এগৰাকী ছোৱালীক লগ পাইছিল, সেই ছোৱালীজনীৰ প্ৰেমত পৰিছিল তেওঁ। কিন্তু আইতা নৱাজবাই টাটাই তেওঁক ভাৰতলৈ মাতি পঠিয়ালে। আইতাকৰ সেই সময়ত শৰীৰো অসুস্থ আছিল।

আইতাকৰ আহ্বানক তেওঁ নেওচা দিব নোৱাৰিলে কাৰণ আইতাকেই ৰতন টাটাক ডাঙৰ-দীঘল কৰিছিল। ৰতন টাটাৰ ৭ নে ৮ বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল।

ৰতন টাটাই ক’লে যে সেই সময়টো বৰ ভাল সময় আছিল। তেওঁ নিজৰ চাকৰিটো ভাল পাইছিল। আচলতে আইতা নৱাজবাইয়ে তাক ডাঙৰ-দীঘল কৰিছিল। সি আইতাকৰ পৰা বহুদিন আঁতৰি আছিল, সেইবাবেই সি তাইক উভতি আহিবলৈ পতিয়ন নিয়াব পৰা নাছিল।

আইতাকৰ বাবে তেওঁ ঘৰলৈ ঘূৰি আহে। তেওঁ ভাবিছিল ভালপোৱা ছোৱালীজনীকো লগত লৈ আহিব। কিন্তু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বাবে ছোৱালীজনীক ৰতন টাটাৰ লগত নপঠিয়ালে পৰিয়ালে। আৰু ৰতন টাটাও আকৌ আমেৰিকালৈ ঘূৰি যাব নোৱাৰিলে।

পাছত পৰিয়ালে ঠিক কৰা যুৱকৰ সৈতে বিয়া হয় ছোৱালীজনী।  যাৰ বাবে সম্পৰ্কটো চিৰদিনৰ বাবে ভাঙি যায়। মনে-প্ৰাণে ভালপোৱা ছোৱালীজনী আনৰ হৈ যোৱাৰ পাছত তেওঁ আৰু অন্যৰ মাজত মৰম-ভালপোৱা বিচাৰি নগ’ল। ফলত চিৰজীৱনৰ বাবে চিৰকুমাৰ হৈ ৰয় ৰতন টাটা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement