--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই। ৰতন টাটা যিমানেই সফল ব্যৱসায়ী আছিল, সিমানেই তেওঁৰ ব্যক্তিগত জীৱন ৰহস্যময় আৰু ব্যক্তিগত হৈয়েই থাকিল। ব্যক্তিগত জীৱনৰ বিষয়ে তেওঁ কেতিয়াও ৰাজহুৱাভাৱে কথা কোৱা নাছিল। কিন্তু ১৯৯৭ চনত দিয়া এটা সাক্ষাৎকাৰত তেওঁ নিজৰ অসম্পূৰ্ণ প্ৰেম কাহিনীৰ কথা উল্লেখ কৰিছিল।

এক সাক্ষাৎকাৰত ৰতন টাটাই কয় যে ১৯৬০ চনত আমেৰিকাত অধ্যয়ন কৰাৰ পিছত তেওঁ তাত কাম আৰম্ভ কৰিছিল। সেই সময়ছোৱাত তেওঁ এগৰাকী ছোৱালীক লগ পাইছিল, সেই ছোৱালীজনীৰ প্ৰেমত পৰিছিল তেওঁ। কিন্তু আইতা নৱাজবাই টাটাই তেওঁক ভাৰতলৈ মাতি পঠিয়ালে। আইতাকৰ সেই সময়ত শৰীৰো অসুস্থ আছিল।

আইতাকৰ আহ্বানক তেওঁ নেওচা দিব নোৱাৰিলে কাৰণ আইতাকেই ৰতন টাটাক ডাঙৰ-দীঘল কৰিছিল। ৰতন টাটাৰ ৭ নে ৮ বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল।

ৰতন টাটাই ক’লে যে সেই সময়টো বৰ ভাল সময় আছিল। তেওঁ নিজৰ চাকৰিটো ভাল পাইছিল। আচলতে আইতা নৱাজবাইয়ে তাক ডাঙৰ-দীঘল কৰিছিল। সি আইতাকৰ পৰা বহুদিন আঁতৰি আছিল, সেইবাবেই সি তাইক উভতি আহিবলৈ পতিয়ন নিয়াব পৰা নাছিল।

আইতাকৰ বাবে তেওঁ ঘৰলৈ ঘূৰি আহে। তেওঁ ভাবিছিল ভালপোৱা ছোৱালীজনীকো লগত লৈ আহিব। কিন্তু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বাবে ছোৱালীজনীক ৰতন টাটাৰ লগত নপঠিয়ালে পৰিয়ালে। আৰু ৰতন টাটাও আকৌ আমেৰিকালৈ ঘূৰি যাব নোৱাৰিলে।

পাছত পৰিয়ালে ঠিক কৰা যুৱকৰ সৈতে বিয়া হয় ছোৱালীজনী।  যাৰ বাবে সম্পৰ্কটো চিৰদিনৰ বাবে ভাঙি যায়। মনে-প্ৰাণে ভালপোৱা ছোৱালীজনী আনৰ হৈ যোৱাৰ পাছত তেওঁ আৰু অন্যৰ মাজত মৰম-ভালপোৱা বিচাৰি নগ’ল। ফলত চিৰজীৱনৰ বাবে চিৰকুমাৰ হৈ ৰয় ৰতন টাটা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু