--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০১৭-১৮ চনৰ পৰা ২০২১-২২ চন পর্যন্ত কেগে চলোৱা জৰীপত সংস্থাটোৰ একধিক বিফলতা ধৰা পৰিছে আৰু এই তথ্য পোহৰলৈ আহিছে ভাৰতৰ মহাগাণনিকে অর্থাৎ কেগে বিধানসভাত দাখিল কৰা শেহতীয়া প্রতিবেদনত।

ডিজিটেল ডেস্ক : চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিবৰ বাবে গঠন কৰা অসম চাহ শ্রমিক ভৱিষ্যনিধি পুঁজি সংস্থা (এ টি ই পি এফ অ') শ্ৰমিকসকলৰ উন্নয়ন আৰু স্বাৰ্থ পূৰণত ব্যর্থ হৈছে। সংস্থাটোৰ একাধিক বিফলতা 'কেগে' শেহতীয়া প্রতিবেদনত উদঙাই দিছে। 


২০১৭-১৮ চনৰ পৰা ২০২১-২২ চন পর্যন্ত কেগে চলোৱা জৰীপত সংস্থাটোৰ একধিক বিফলতা ধৰা পৰিছে আৰু এই তথ্য পোহৰলৈ আহিছে ভাৰতৰ মহাগাণনিকে অর্থাৎ কেগে বিধানসভাত দাখিল কৰা শেহতীয়া প্রতিবেদনত। 


উল্লেখযোগ্য যে ১১৯৭খন চাহ বাগিচা ভবিষ্যনিধি সংস্থাটোত পঞ্জীয়নভুক্ত হৈ আছে আৰু ইয়াৰে ৬২৪খন চাহ বাগিচাই সকলো শ্রমিকৰ নাম অন্তর্ভুক্ত কৰিছে। কেগৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে সংস্থাটোত ১২ লাখ ৩৭ হাজাৰ ৩৫১গৰাকী শ্ৰমিকৰ নাম পঞ্জীয়ন কৰাৰ সুবিধা থকাৰ বিপৰীতে বর্তমান পঞ্জীভুক্ত শ্রমিকৰ সংখ্যা হৈছে ১১ লাখ ৯৮ হাজাৰ ২৩১গৰাকী। প্রতিবেদনখত উল্লেখ কৰিছে যে ২০২২ চনৰ মাৰ্চলৈকে মুঠ ৩৯ হাজাৰ ১২০গৰাকী যোগ্য শ্রমিকক সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে কেগৰ অনুসন্ধানত এই তথ্যও পোহৰলৈ আহিছে যে ২০২২ চনৰ মাৰ্চৰ শেষলৈকে শ্ৰমিকৰ ভৱিষ্যনিধি পুঁজিত ৩১৫.৪৫ কোটি টকা জমা হোৱা নাই। এই বৃহৎ পৰিমাণৰ ধন ৩৩৪খন বাগিচাই জমা দিয়া নাই। 


আনহাতে, অসম চাহ নিগমৰ অধীনৰ ১৯খন চাহ বাগিচাত মুঠ ২০,৯৯৪গৰাকী শ্রমিক ভবিষ্যনিধি সংস্থাটোত পঞ্জীয়নভুক্ত হৈ আছে। প্রতিবেদনত উল্লেখ কৰা মতে ভয়ংকৰ বিত্তীয় সংকটৰ পৰিপ্ৰেক্ষিতত ২০০৫ চনৰ পৰাই চাহ নিগমৰ বাগিচাসমূহে নিয়োগকর্তা আৰু শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধনৰ অংশ জমা দিব পৰা নাই। 


কেগৰ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, ২০২২ চনলৈকে ভবিষ্যনিধি পুঁজিত জমা নিদিয়া পুঁজিৰ পৰিমাণ সুতৰ সৈতে হৈছেগৈ ৩৮৬.৬৪ কোটি। আনহাতে, ২০১৭ চনৰ পৰা ২০২২ চন পর্যন্ত ৮৭-ৰ পৰা ৯৬ শতাংশ ভৱিষ্যনিধি আৱেদনৰ ভিতৰত ৯৯ শতাংশ আবেদনেই সংস্থাটোৱে নিষ্পত্তি কৰিছে। ইফালে, এই সময়ছোৱাৰ ভিতৰত মাত্র ১০-ৰ পৰা ৩৯ শতাংশহে পৰিয়াল পেঞ্চনৰ গোচৰ নিষ্পত্তি হৈছে। 


কেগৰ প্ৰতিবেদনত উল্লেখ আছে যে পৰিয়াল পেঞ্চন, ভৱিষ্যনিধি আৰু পেঞ্চনৰ ১৯৯৪ আৱেদনৰ ১৪.০১ কোটি টকা ভবিষ্যনিধি সংস্থাটোৰ পৰা বেংকত জমা হোৱা নাই। কেগে আন এক গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আনিছে যে ভৱিষ্যনিধি সংস্থাটোৱে একাংশ কৰ্প'ৰেট বণ্ডত জধে-মধে বিনিয়োগ কৰাৰ ফলতো সংস্থা গুৰুতৰ ক্ষতিৰ সন্মুখীন হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ