--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৫ মে'ৰপৰা পৰ্যটকৰ বাবে ছাফাৰী বন্ধ কৰা হৈছিল যদিও পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ২৮ মে'লৈকে বৃদ্ধি কৰা হৈছিল।

ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান ঢেঁকীয়াপতীয়া বাঘ, দুষ্প্রাপ্য দল হৰিণ, এছীয় ম'হ, হাতীকে ধৰি জৈৱ বৈচিত্র্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কাৰণে বন্ধ কৰা হ'ল। ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পর্যটকে এলিফেণ্ট বা হাতী ছাফাৰী কৰিব নোৱাৰিব।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এক জাননীযোগে এই বাৰ্তা প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৫ মে'ৰপৰা পৰ্যটকৰ বাবে ছাফাৰী বন্ধ কৰা হৈছিল যদিও পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ২৮ মে'লৈকে বৃদ্ধি কৰা হৈছিল। 


বিভাগীয় সূত্রে জানিব পৰা মতে, বাৰিষা বতৰৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত দেশ-বিদেশৰ পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে এক জাননী যোগে ঘোষণা কৰা মতে, ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙাত জীপ ছাফাৰী বন্ধ কৰিছিল। কিন্তু পুনৰ আন এখন জাননীযোগে কাজিৰঙাত জীপ ছাফাৰী চাৰিদিনৰ বাবে বৃদ্ধি কৰা হয়। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত জাননী নিদিয়া পর্যন্ত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙাত ছাফাৰী বন্ধ থাকিব। বাৰিষা নামি অহাৰ লগে লগে বৰষুণ হোৱাত পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰা বাট-পথ বোকাময় হৈ পৰে। ফলত জীপ ছাফাৰীৰ বাহন উদ্যানৰ পথত চলাচল কৰাত সমস্যাই দেখা দিয়ে। 


অন্যহাতে, বাৰিষা ঋতুত ৰাষ্ট্ৰীয় উদ্যানখনত থকা বহু সংখ্যক বন্য প্রাণীৰ সংগম তথা বংশবৃদ্ধিৰ সময়ো হয়। ইফালে ঘাঁহনি পানীৰ তল যোৱাত বন্য প্রাণীয়ে ওখ ঠাই বিচাৰি পৰ্যটকে ছাফাৰী কৰা পথৰ ওপৰত আশ্রয় লয়। তেনে পৰিস্থিতিত জীপ ছাফাৰীৰ বাহন বা আন লোকৰ বিচৰণে বন্য প্রাণীৰ অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে উদ্যান কর্তৃপক্ষই জীপ ছাফাৰী বন্ধ কৰিবলৈ বাধ্য হয়। জীপ ছাফাৰী বন্ধ কৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিফেণ্ট ছাফাৰী এপ্রিল মাহৰ শেষৰ দিনা বন্ধ কৰা হৈছিল।


এটা গুৰুত্বপূৰ্ণ কথা যে শেষৰ দিনাও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ যথেষ্ট সংখ্যক পৰ্যটকে ভিৰ কৰা দেখা গৈছিল। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা পথবোৰ বৰষুণ দিয়াৰ ফলত বোকা হৈ পৰিছিল। ফলত উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাহন পূর্বে যিমান দূৰলৈকে ভ্ৰমণ কৰাৰ অনুমতি দিছিল, তাক হ্ৰাস কৰিবলৈ বাধ্য হৈছিল উদ্যান কর্তৃপক্ষ। 


কিন্তু ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে পর্যটকে বন বিভাগক সম্পূর্ণ ধন আদায় দিয়াৰ পাছতো সম্পূর্ণ পর্যটন ট্রেক ভ্রমণ কৰাৰ পৰা বঞ্চিত হৈছিল। বিভাগীয় সূত্রে জানিব পৰা মতে, ২০২৫-২৬ পৰ্যটন বৰ্ষত কাজিৰঙালৈ পৰ্যটকৰ আগমনে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে। এইবাৰ পৰ্যটন বর্ষত পাঁচ লক্ষাধিক অর্থাৎ ৪.৭০ লাখ দেশ-বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী