--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড গৰমে কেৱল মানুহকে নহয়, অতিষ্ঠ কৰি তুলিছে বন্যপ্ৰাণীসমূহকো। এই তীব্ৰ গৰমৰ পৰা ৰক্ষা পাবলৈ এতিয়া জীৱ-জন্তুৱেও আশ্ৰয় ল’বলগীয়া হৈছে জলাশয়ৰ।

ডিজিটেল ডেস্ক: তীব্ৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পুখুৰীত নামি সাঁতুৰিলে জাক জাক বান্দৰে৷ কেমেৰাত বন্দী দৃশ্য৷ ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড গৰমে কেৱল মানুহকে নহয়, অতিষ্ঠ কৰি তুলিছে বন্যপ্ৰাণীসমূহকো। এই তীব্ৰ গৰমৰ পৰা ৰক্ষা পাবলৈ এতিয়া জীৱ-জন্তুৱেও আশ্ৰয় ল’বলগীয়া হৈছে জলাশয়ৰ। শেহতীয়াকৈ তেনে এক ব্যতিক্ৰমী আৰু মনপৰশা দৃশ্য দেখিবলৈ পোৱা গৈছে কাছাৰ জিলাৰ শ্ৰীকোনাত।


প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এক বিশাল বান্দৰৰ জাকে স্থানীয় এটা পুখুৰীত নামি সাঁতুৰি-নাদুৰি থকাৰ এক আমোদজনক দৃশ্য পোহৰলৈ আহিছে। একাংশ স্থানীয় লোকে এই বিৰল দৃশ্য কেমেৰাত বন্দী কৰে, যি বৰ্তমান ছ’চিয়েল মিডিয়াতো বেছ চৰ্চিত হৈ পৰিছে।


প্ৰত্যক্ষদৰ্শীসকলে জনোৱা অনুসৰি, তীব্ৰ গৰমৰ পৰা বাচিবলৈ হঠাতে এটা ডাঙৰ বান্দৰৰ জাকে গছৰ ডালৰ পৰা পানীত জাঁপ দিবলৈ আৰম্ভ কৰে। কোনোৱে যদি ইটোৱে সিটোক সাৱটি ধৰি পানীত উবুৰি খাই পৰিছে, আন কোনোৱে আকৌ পাকৈত সাঁতোৰবিদৰ দৰে পুখুৰীটোৰ ইমূৰৰ পৰা সিমূৰলৈ সাঁতুৰি ফুৰিছে। মানুহৰ দৰেই বান্দৰ কেইটাইও যে গৰমৰ পৰা বাচিবলৈ পানীৰ আশ্ৰয় লৈ এনেদৰে আনন্দ উল্লাস কৰিব পাৰে, তাক দেখি স্থানীয় ৰাইজ আচৰিত হৈ পৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?