--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌতুক প্ৰথা আমাৰ সমাজৰ ব্যাধি স্বৰূপ। যৌতুকৰ কাৰণে কিমান যে বোৱাৰীয়ে মৃত্যুক সাৱটি ল'লে, কিমানে যে পিতৃগৃহলৈ ঘূৰি আহিল তাৰ লেখ-জোখ নাই। যৌতুকৰ লোভত ভাগি গৈছে বহুজনৰে সংসাৰ। যৌতুক অস্বীকাৰ কৰি এজন যুৱকে সমাজক দিছে মানৱীয়তাৰ পাঠ। ঘটনাটো হাৰিয়ানাৰ। হাৰিয়ানাৰ যুৱক বলেন্দ্ৰৰ বিয়া সম্পন্ন হৈছিল কান্তা নামৰ এগৰাকী যুৱতীৰ সৈতে। বাৰাত লৈ বলেন্দ্ৰ উপস্থিত হৈছিলগৈ কান্তাৰ গৃহত। দৰাক আদৰি নিলে সকলোৱে। সকলোৰে মনত বিয়াৰ আনন্দ। কান্তাক বিদায় দিয়াৰ মূহুৰ্তত কইনাঘৰৰ পৰা এখন থালত ৪ কোটি টকা দৰা বলেন্দ্ৰলৈ আগবঢ়ায়। ইমানখিনি টকা দেখি বলেন্দ্ৰই প্ৰশ্ন কৰে যে মোক কিয় ইমান টকা দিছে। তেতিয়া কইনা পৰিয়ালে কয় যে এয়া যৌতুক। আমাৰ সমাজত দৰাক যৌতুক দিয়াটো নিয়ম। দৰা বলেন্দ্ৰই কয় যে ''মই মাত্ৰ ১ টকাত এই বিয়াখন সম্পন্ন কৰিম। যিহেতু কইনাঘৰৰ পৰা কিছু টকা লোৱাটো বিয়াৰ নিয়ম। সেয়ে বিয়াৰ নিয়ম অনুসৰি মাত্ৰ আমাৰ বিয়াখন নিয়মমতে হৈ যাবলৈ আপোনালোকৰ পৰা মই মাত্ৰ ১ টকা ল'ম। মোক যৌতুক নালাগে। আপোনালোকৰ ঘৰৰ আটাইতকৈ ডাঙৰ সম্পদ ছোৱালীজনীকে মোক চিৰদিনলৈ গটাই দিলে। কান্তাতকৈ ডাঙৰ সম্পদ মোৰ বাবে আন একো নাই। গতিকে আপোনালোকৰ এই যৌতুক মই গ্ৰহণ কৰিব নোৱাৰিম। এই টকাখিনি আপোনালোকে সাঁচি ৰাখক বা বেলেগ কামত ব্যৱহাৰ কৰক তেতিয়া মই সুখী হ'ম।'' বলেন্দ্ৰৰ এই কথাখিনি সমগ্ৰ হাৰিয়ানাতে চৰ্চিত হৈ পৰে। লাহে-লাহে হাৰিয়ানাৰ পৰা এই খবৰ ইণ্টাৰনেটৰ মাধ্যমেৰে সকলোতে বিয়পি পৰে। ৪ কোটি টকা মুখৰ আগত পায়ো নাকচ কৰিব পৰা বলেন্দ্ৰৰ মনটোক সকলোৱে শলাগিছে। সকলোৱে একমুখে বলেন্দ্ৰক প্ৰশংসা কৰিছে যে ল'ৰা হ'লে এনেকুৱা হ'ব লাগে। কান্তা আৰু বলেন্দ্ৰৰ সংসাৰ সুখৰ হ'বলৈ সকলোৱে শুভকামনা জনাইছে। যৌতুকৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰা বলেন্দ্ৰ সমাজৰ আদৰ্শ হৈ পৰিছে। আৰু পঢ়কঃ ঈশ্বৰৰ উপহাৰ! বিয়াৰ ৩৫ বছৰৰ পাছত ৩টিকৈ সন্তান জন্ম দিলে ৫৫ বছৰীয়া মহিলাই!      

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম