--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিডৰ ভয়াৱহতাৰ বিষয়ে বিশ্ববাসী অৱগত। কিন্তু ক'ডিভতকৈ ভয়াৱহতাৰ আছে এবিধ ৰোগ। সেইবিধ হৈছে কৰ্কট ৰোগ। স্বাস্থ্য বিজ্ঞানৰ অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে যদিও এতিয়াও কৰ্কট ৰোগৰ সঠিক চিকিৎসাত ব্যৰ্থ হৈছে। এনে এক দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হৈ ৰৈছে সমগ্ৰ বিশ্ব। কৰ্কট ৰোগত আক্ৰান্ত হৈ এগৰাকী ৩০ বছৰীয়া মহিলাই চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। জানিব পৰা মতে, মহিলাগৰাকীৰ দেহত পুনৰবাৰ ধৰা পৰিছিল কৰ্কট ৰোগ। তাৰ পাছত তেওঁক বোদাকদেৱৰ কৰ্কট ৰোগ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছিল যে মহিলাগৰাকীৰ কৰ্কট ৰোগ পুনৰ ধৰা পৰিছিল আৰু যাৰ বাবে তেওঁ এই বিষয়ে জানি হতাশাগ্ৰস্ত হৈ পৰিছিল। মহিলাগৰাকী হৈছে গল্টেশ্বৰৰ বাসিন্দা ৩০ বছৰীয়া নিশা পেটেল। নিশাৰ আত্মীয়সকলে কৈছিল যে তেওঁ খোজ কাঢ়িবলৈ গৈ আছিল আৰু তাৰ পাছত ভৱনটোৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই পৰিছিল। পুনৰবাৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথা গম পায় বহু হতাশাত ভুগিছিল নিশা। আত্মীয়সকলে লগতে এইবুলিও কৈছিল যে নিশাই কৰ্কট ৰোগ ক'ভিডতকৈও ভয়াৱহ বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে, পেটেলে ২০২০ চনৰ ফেব্ৰুৱাৰীত দক্ষেশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু প্ৰায় এবছৰ আগতে নিশাৰ বাওঁ উৰুত এটা মাৰাত্মক টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল। আনহাতে, টিউমাৰটো পুনৰ হৈ উঠিছিল আৰু নিশাৰ চিকিৎসাৰ বাবে বোদাকদেৱৰ আহমেদাবাদ কৰ্কট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিশাৰ স্বামী আৰু আন আত্মীয়সকলে তেওঁৰ সৈতে চিকিৎসালয়লৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা