--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিডৰ ভয়াৱহতাৰ বিষয়ে বিশ্ববাসী অৱগত। কিন্তু ক'ডিভতকৈ ভয়াৱহতাৰ আছে এবিধ ৰোগ। সেইবিধ হৈছে কৰ্কট ৰোগ। স্বাস্থ্য বিজ্ঞানৰ অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে যদিও এতিয়াও কৰ্কট ৰোগৰ সঠিক চিকিৎসাত ব্যৰ্থ হৈছে। এনে এক দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হৈ ৰৈছে সমগ্ৰ বিশ্ব। কৰ্কট ৰোগত আক্ৰান্ত হৈ এগৰাকী ৩০ বছৰীয়া মহিলাই চিকিৎসালয়ৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। জানিব পৰা মতে, মহিলাগৰাকীৰ দেহত পুনৰবাৰ ধৰা পৰিছিল কৰ্কট ৰোগ। তাৰ পাছত তেওঁক বোদাকদেৱৰ কৰ্কট ৰোগ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছিল যে মহিলাগৰাকীৰ কৰ্কট ৰোগ পুনৰ ধৰা পৰিছিল আৰু যাৰ বাবে তেওঁ এই বিষয়ে জানি হতাশাগ্ৰস্ত হৈ পৰিছিল। মহিলাগৰাকী হৈছে গল্টেশ্বৰৰ বাসিন্দা ৩০ বছৰীয়া নিশা পেটেল। নিশাৰ আত্মীয়সকলে কৈছিল যে তেওঁ খোজ কাঢ়িবলৈ গৈ আছিল আৰু তাৰ পাছত ভৱনটোৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই পৰিছিল। পুনৰবাৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথা গম পায় বহু হতাশাত ভুগিছিল নিশা। আত্মীয়সকলে লগতে এইবুলিও কৈছিল যে নিশাই কৰ্কট ৰোগ ক'ভিডতকৈও ভয়াৱহ বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে, পেটেলে ২০২০ চনৰ ফেব্ৰুৱাৰীত দক্ষেশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু প্ৰায় এবছৰ আগতে নিশাৰ বাওঁ উৰুত এটা মাৰাত্মক টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল। আনহাতে, টিউমাৰটো পুনৰ হৈ উঠিছিল আৰু নিশাৰ চিকিৎসাৰ বাবে বোদাকদেৱৰ আহমেদাবাদ কৰ্কট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিশাৰ স্বামী আৰু আন আত্মীয়সকলে তেওঁৰ সৈতে চিকিৎসালয়লৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম