--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰজনক উদ্ধাৰ কৰিছে চীনা সৈন্যই। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে যে, চীনৰ পিপুলছ লিবাৰেচন আৰ্মী (পিএলএ)-এ অৰুণাচলৰ গাঁৱৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় সেনাৰ তৰফৰ পৰা এই বিষয়ে প্ৰকাশ কৰি কয় যে, ‘চীনা সৈন্যই আমাৰ সৈতে যোগাযোগ কৰি জনাইছে যে, তেওঁলোকে অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা এজন কিশোৰক উদ্ধাৰ কৰিছে। তেওঁলোকে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি কিশোৰজনক আমাৰ হাতত গতাই দিব।’ ভাৰতীয় সেনাৰ তেজপুৰ ডিভিজনৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল হৰ্ষবৰ্ধন পাণ্ডেই এইকথা প্ৰকাশ কৰিছে। কিশোৰজনক ১৭বছৰীয়া মিৰাম টেৰন বুলি চিনাক্ত কৰা হৈছে। অৰুণাচলৰ ছিয়ুংগলা এলেকাৰ লুংতা জৰ এলেকাৰ কিশোৰজন ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল। মঙলবাৰে সন্ধানহীন হৈ পৰিছিল কিশোৰজন। অৰুণাচলৰ সাংসদ টিপিৰ গাৱে অভিযোগ কৰিছিল যে, কিশোৰজনক পিএলএই ভাৰতীয় ভূখণ্ডৰ পৰা অপহৰণ কৰিছে। তেওঁ টুইটযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। গাৱে অভিযোগ কৰা মতে অৰুণাচল প্ৰদেশৰ যি স্থানত চাংপো নৈ ভাৰতত প্ৰৱেশ কৰিছে তাতেই এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বিষয়ে জানিব পাৰিয়েই ভাৰতীয় সৈন্যই হটলাইনৰ জৰিয়তে তাৎক্ষণিকভাৱে পিএলএৰ সৈতে যোগাযোগ কৰে। ভাৰতীয় সৈন্যই জনায় যে, অৰণ্যৰ পৰা শাক-পাত বুটলিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱা কিশোৰজনে পথ হেৰুৱাই পেলাই আৰু তাৰ পাছত তেওঁৰ সন্ধান লাভ কৰা হোৱা নাই। শেহতীয়াকৈ চীনা সৈন্যই কিশোৰজনক উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। কিশোৰজনে সঁচাকৈয়ে পথ হেৰুৱাই চীনত প্ৰৱেশ কৰিছিল নে চীনা সৈন্যই তেওঁক অপহৰণ কৰি নিছিল সেয়া এক ৰহস্যৰ বিষয় হৈ ৰৈছে। ইয়াৰ পূৰ্বেও এনেদৰে ভাৰতীয় যুৱক সীমান্ত অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছত চীনা সৈন্যই উদ্ধাৰ কৰা বুলি দাবী কৰিছে। কিন্তু এইসকল যুৱকক চীনা সৈন্যইহে অপহৰণ কৰি নিয়া বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ