--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰজনক উদ্ধাৰ কৰিছে চীনা সৈন্যই। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে যে, চীনৰ পিপুলছ লিবাৰেচন আৰ্মী (পিএলএ)-এ অৰুণাচলৰ গাঁৱৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় সেনাৰ তৰফৰ পৰা এই বিষয়ে প্ৰকাশ কৰি কয় যে, ‘চীনা সৈন্যই আমাৰ সৈতে যোগাযোগ কৰি জনাইছে যে, তেওঁলোকে অৰুণাচলৰ পৰা নিৰুদ্দেশ হোৱা এজন কিশোৰক উদ্ধাৰ কৰিছে। তেওঁলোকে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি কিশোৰজনক আমাৰ হাতত গতাই দিব।’ ভাৰতীয় সেনাৰ তেজপুৰ ডিভিজনৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল হৰ্ষবৰ্ধন পাণ্ডেই এইকথা প্ৰকাশ কৰিছে। কিশোৰজনক ১৭বছৰীয়া মিৰাম টেৰন বুলি চিনাক্ত কৰা হৈছে। অৰুণাচলৰ ছিয়ুংগলা এলেকাৰ লুংতা জৰ এলেকাৰ কিশোৰজন ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল। মঙলবাৰে সন্ধানহীন হৈ পৰিছিল কিশোৰজন। অৰুণাচলৰ সাংসদ টিপিৰ গাৱে অভিযোগ কৰিছিল যে, কিশোৰজনক পিএলএই ভাৰতীয় ভূখণ্ডৰ পৰা অপহৰণ কৰিছে। তেওঁ টুইটযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। গাৱে অভিযোগ কৰা মতে অৰুণাচল প্ৰদেশৰ যি স্থানত চাংপো নৈ ভাৰতত প্ৰৱেশ কৰিছে তাতেই এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বিষয়ে জানিব পাৰিয়েই ভাৰতীয় সৈন্যই হটলাইনৰ জৰিয়তে তাৎক্ষণিকভাৱে পিএলএৰ সৈতে যোগাযোগ কৰে। ভাৰতীয় সৈন্যই জনায় যে, অৰণ্যৰ পৰা শাক-পাত বুটলিবলৈ আৰু চিকাৰ কৰিবলৈ যোৱা কিশোৰজনে পথ হেৰুৱাই পেলাই আৰু তাৰ পাছত তেওঁৰ সন্ধান লাভ কৰা হোৱা নাই। শেহতীয়াকৈ চীনা সৈন্যই কিশোৰজনক উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। কিশোৰজনে সঁচাকৈয়ে পথ হেৰুৱাই চীনত প্ৰৱেশ কৰিছিল নে চীনা সৈন্যই তেওঁক অপহৰণ কৰি নিছিল সেয়া এক ৰহস্যৰ বিষয় হৈ ৰৈছে। ইয়াৰ পূৰ্বেও এনেদৰে ভাৰতীয় যুৱক সীমান্ত অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছত চীনা সৈন্যই উদ্ধাৰ কৰা বুলি দাবী কৰিছে। কিন্তু এইসকল যুৱকক চীনা সৈন্যইহে অপহৰণ কৰি নিয়া বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম