--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শিক্ষকতো নহয়েই যেন মানুহেই নহয়! যেন হিংস্ৰ শ্বাপদৰ জাক! স্কুলৰ অধ্যক্ষ আৰু নগৰাকীকৈ শিক্ষকে মিলি চাৰিগৰাকী শিক্ষাৰ্থীক বলাৎকাৰ আৰু শাৰীৰিক-মানসিকভাৱে হাৰাশাস্তি কৰাৰ ঘটনাই এতিয়া তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। চাৰি শিক্ষাৰ্থীক নানা প্ৰলোভনেৰে আবদ্ধ কৰি ৰাখি এই শিক্ষকেইজনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আলোৱাৰত।

সকলো সংবেদনশীল লোকক শিহৰিত কৰি তোলা এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহে। ভুক্তভোগী এগৰাকী ছাত্ৰীৰ অভিভাৱকে যেতিয়া প্ৰশ্ন কৰে, কিয় স্কুললৈ যোৱা নাই বুলি তেতিয়া ঘটনাৰ সবিশেষ পোহৰলৈ আহে। দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকী ভুক্তভোগীয়ে প্ৰকাশ কৰা মতে, তেওঁক স্কুলখনৰ অধ্যক্ষ আৰু আন তিনিজন শিক্ষকে এবছৰৰো অধিক সময় ধৰি দলবদ্ধ ধৰ্ষণ কৰি আহিছিল।

দুগৰাকী শিক্ষয়িত্ৰীয়ে এই দুষ্কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰা বুলিও ছাত্ৰীগৰাকীয়ে অভিযোগ কৰিছে। ৰাজস্থানৰ মনধানা আৰক্ষী থানাৰ বিষয়া মুকেশ যাদৱে প্ৰকাশ কৰিছে যে, ঘটনা সম্পৰ্কত তিনিটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আছে। আৰক্ষীৰ তদন্ততে আন তিনিগৰাকী ভুক্তভোগীৰ তথ্যও পোহৰলৈ আহে। ৬ষ্ঠ শ্ৰেণীৰ এগৰাকী, চতুৰ্থ শ্ৰেণীৰ এগৰাকী আৰু তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীও শ্বাপদতুল্য শিক্ষককেইজনৰ বিকৃত কামনাৰ বলি হোৱা বুলি ছাত্ৰীকেইগৰাকীয়ে অভিযোগ কৰিছে। ভুক্তভোগী ছাত্ৰীকেইগৰাকীয়ে অভিযোগ কৰিছে যে, এই ঘটনাৰ বিষয়ে কাৰোবাৰ আগত প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিছিল লম্পট শিক্ষককেইজনে।

ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে আলৱাৰৰ চৰকাৰী স্কুলখনৰ অধ্যক্ষসহ আন নগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। চাৰিওগৰাকী ছাত্ৰীৰ অভিযোগৰ আধাৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। মহিলা শিক্ষককেইজকে ছাত্ৰীকেইগৰাকীক তেওঁলোকৰ স্কুলৰ মাচুল পৰিশোধ কৰা আৰু কিতাপ কিনাৰ বাবে ধন দিয়াৰ প্ৰলোভন দিয়া বুলি অভিযোগ কৰিছে।

এই ঘটনাৰ বিষয়ে কাৰো আগত নক’বলৈও ছাত্ৰীকেইগৰাকীক ভাবুকি দিছিল শিক্ষককেইজনে। ‘মেডামে মোক অধ্যক্ষসহ তিনিগৰাকী শিক্ষকৰ ঘৰলৈ কেইবাবাৰো লৈ গৈছিল। তেওঁলোকে তেতিয়া সুৰাপান কৰি আছিল। তেওঁলোকে মোৰ কাপোৰ খুলি পেলাইছিল আৰু মোৰ সৈতে অবাঞ্চিত কাম কৰিছিল।’ এগৰাকী ছাত্ৰীয়ে আৰক্ষীৰ আগত এই স্বীকাৰোক্তি দিয়ে। ভুক্তভোগী এগৰাকী ছাত্ৰীৰ পিতৃয়ে যেতিয়া এই অভিযোগ লৈ স্কুললৈ গৈছিল তেতিয়া স্কুলখনৰ অধ্যক্ষই কৈছিল যে, তেওঁৰ ভাতৃ এজন মন্ত্ৰী আৰু যদিহে তেওঁ এই বিষয়ে অভিযোগ দিবলৈ যায় তেন্তে তেওঁক হত্যা কৰিব। ইফালে, স্কুলখনৰ অধ্যক্ষই এই সকলো অভিযোগ অস্বীকাৰ কৰিছে আৰু এনে কোনো ঘটনাৰ বিষয়ে তেওঁ অৱগত নহয় বুলি দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম