--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী নেত্ৰীৰ হাতত এটা বন্দুক। বন্দুক হাতত লৈ ফটোৰ বাবে প'জ দিলে নেত্ৰীগৰাকীয়ে। এই ফটো এতিয়া হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। ৰাজনৈতিক মহলতো বিষয়টোৱে লাভ কৰিছে যথেষ্ট চৰ্চা। পশ্চিমবংগৰ মালদা জিলাৰ চৰকাৰী কাৰ্যালয়ৰ চৰকাৰী চকীত বহি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মৃণালিনী মণ্ডল মেইটিয়ে হাতত বন্দুক লৈ ফটোৰ বাবে প'জ দিয়ে। মৃণালিনী মণ্ডল মেইটি টিএমচি মহিলা শাখাৰ জিলা গোটৰ সভাপতিও হয়।

ফটোখন সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন ভাইৰেল হোৱাৰ পাছতেই তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰি বিজেপিয়ে কয় যে "শাসকীয় দলে পশ্চিমবংগক বিস্ফোৰকৰ ডাম্প য়াৰ্ডলৈ পৰিণত কৰিছে। যদি মৃণালিনী মণ্ডল মেইটিক তালাচী কৰা হয়, আৰক্ষীয়ে বোমা আৰু ৰাইফলো পাব। এয়াই হৈছে তৃণমূল কংগ্ৰেছৰ সংস্কৃতি। চাকৰি হেৰুওৱাৰ ভয়ত আৰক্ষীয়ে একো কৰা নাই।" পশ্চিমবংগ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত চলাম বুলি সদৰী কৰিছে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক কৃষ্ণেন্দু নাৰায়ণ চৌধুৰীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কয় যে "আৰক্ষীয়ে ঘটনাটোৰ উচিত তদন্ত কৰক। চৰকাৰী চকী এখনত বহি হাতত বন্দুক লৈ ফটো তোলাটো ভাল কথা হোৱা নাই। আৰক্ষীয়ে তদন্ত কৰি স্পষ্ট কৰক যে এইটো এটা প্ৰকৃত বন্দুক নে পুতলা পিষ্টল। কিন্তু আমি ফটোখন দেখি যি বুজিলোঁ পৰা এইটো এটা প্ৰকৃত বন্দুক। এনে ঘটনাৰ বাবে দলটোৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হৈছে।"

বাৰে বাৰে চেষ্টা কৰাৰ পিছতো এই ঘটনাৰ স্পষ্টীকৰণ দিবৰ বাবে মৃণালিনীৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল। মৃণালিনী বিতৰ্কত সোমাই পৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁৰ স্বামীয়ে অঞ্চলটোৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এজন চৰকাৰী বিষয়াক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মৃণালিনী মণ্ডল মেইটিৰ ওপৰত শাসকীয় তৃণমূল কংগ্ৰেছে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়। ​


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ