--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী নেত্ৰীৰ হাতত এটা বন্দুক। বন্দুক হাতত লৈ ফটোৰ বাবে প'জ দিলে নেত্ৰীগৰাকীয়ে। এই ফটো এতিয়া হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। ৰাজনৈতিক মহলতো বিষয়টোৱে লাভ কৰিছে যথেষ্ট চৰ্চা। পশ্চিমবংগৰ মালদা জিলাৰ চৰকাৰী কাৰ্যালয়ৰ চৰকাৰী চকীত বহি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মৃণালিনী মণ্ডল মেইটিয়ে হাতত বন্দুক লৈ ফটোৰ বাবে প'জ দিয়ে। মৃণালিনী মণ্ডল মেইটি টিএমচি মহিলা শাখাৰ জিলা গোটৰ সভাপতিও হয়।

ফটোখন সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন ভাইৰেল হোৱাৰ পাছতেই তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰি বিজেপিয়ে কয় যে "শাসকীয় দলে পশ্চিমবংগক বিস্ফোৰকৰ ডাম্প য়াৰ্ডলৈ পৰিণত কৰিছে। যদি মৃণালিনী মণ্ডল মেইটিক তালাচী কৰা হয়, আৰক্ষীয়ে বোমা আৰু ৰাইফলো পাব। এয়াই হৈছে তৃণমূল কংগ্ৰেছৰ সংস্কৃতি। চাকৰি হেৰুওৱাৰ ভয়ত আৰক্ষীয়ে একো কৰা নাই।" পশ্চিমবংগ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত চলাম বুলি সদৰী কৰিছে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক কৃষ্ণেন্দু নাৰায়ণ চৌধুৰীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কয় যে "আৰক্ষীয়ে ঘটনাটোৰ উচিত তদন্ত কৰক। চৰকাৰী চকী এখনত বহি হাতত বন্দুক লৈ ফটো তোলাটো ভাল কথা হোৱা নাই। আৰক্ষীয়ে তদন্ত কৰি স্পষ্ট কৰক যে এইটো এটা প্ৰকৃত বন্দুক নে পুতলা পিষ্টল। কিন্তু আমি ফটোখন দেখি যি বুজিলোঁ পৰা এইটো এটা প্ৰকৃত বন্দুক। এনে ঘটনাৰ বাবে দলটোৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হৈছে।"

বাৰে বাৰে চেষ্টা কৰাৰ পিছতো এই ঘটনাৰ স্পষ্টীকৰণ দিবৰ বাবে মৃণালিনীৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল। মৃণালিনী বিতৰ্কত সোমাই পৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁৰ স্বামীয়ে অঞ্চলটোৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এজন চৰকাৰী বিষয়াক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মৃণালিনী মণ্ডল মেইটিৰ ওপৰত শাসকীয় তৃণমূল কংগ্ৰেছে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়। ​


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক