--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। পত্নীসহ হেলিকপ্টাৰখনৰ আৰোহী হৈছিল ৰাৱট। তামিলনাডুৰ কুন্নুৰত বুধবাৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পাহাৰীয়া এটা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন নিমিষতে জুয়ে আগুৰি ধৰে।

দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈ ১১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হৈছে তিনিজন গুৰুতৰভাৱে আহত লোককো। হেলিকপ্টাৰখনৰ সেনাপ্ৰধান ৰাৱট তেওঁৰ পত্নীসহ মুঠ চৈধ্যজন লোক আছিল বুলি সদৰী কৰা হৈছে। বাকী লোকসকলৰ সন্ধানত তীব্ৰ অভিযান চলাই থকা হৈছে। এতিয়ালৈ সেনাপ্ৰধান ৰাৱট আৰু তেওঁৰ পত্নী সম্পৰ্কত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৰাৱটক অগ্নিদগ্ধ হৈ আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে। কিন্তু তথ্য কিমান নিশ্চিত সেয়া জানিব পৰা হোৱা নাই।

হেলিকপ্টাৰখন ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ আছিল। নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। প্ৰচুৰ কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন