--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত আলোচ্য হৈ পৰিছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগ৷সোমবাৰে ৯টা সাংবাদিক সংগঠনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংবাদ মাধ্যমৰ কৰ্মীৰ বিৰুদ্ধে “কঠোৰ আইন” ব্যৱহাৰ কৰাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।

প্ৰেছ ক্লাব অৱ ইণ্ডিয়া, ইণ্ডিয়ান উইমেন প্ৰেছ কৰ্প, প্ৰেছ এছ’চিয়েশ্যন, দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্ট, ডিজিপাব, ফৰেইন কৰ্পৰেণ্ডেণ্টছ ক্লাব, কেৰেলা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, ভেটেৰাণ জাৰ্নেলিষ্ট গ্ৰুপ আৰু অল ইণ্ডিয়া ল’য়াৰ্ছ ইউনিয়নে “ভাৰতত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ অৱস্থা”ৰ বাবে সৃষ্টি হোৱা পৰিবেশক গৰিহণা দিয়ে। লগতে সন্দৰ্ভত এক বিক্ষোভ অনুষ্ঠিত কৰে।

তেওঁলোকে কয় যে, ''আজি সংবাদ মাধ্যমে অধিক প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰৰ সন্মুখীন হৈছে।আমাৰ পেছাৰ বেছিভাগ মানুহেই বিপদজনক কৰ্ম পৰিস্থিতিৰ সন্মুখীন হয় যদিও সাংবাদিকৰ বিৰুদ্ধে কঠোৰ আইনৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে।”সাংবাদিকসকলৰ সংগঠনসমূহে কয় যে আমি সৰ্বোচ্চ সাংবিধানিক কৰ্তৃপক্ষ হিচাপে আপোনাক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো যাতে আমাৰ সংবিধানে সুৰক্ষিত স্বাধীনতাসমূহৰ ভিতৰত মত প্ৰকাশৰ স্বাধীনতা, জীৱিকাৰ স্বাধীনতা অন্তৰ্ভুক্ত হয়।


উল্লেখ্য যে কিছুদিন পূৰ্বে চীন সমৰ্থক অপপ্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত অনলাইন নিউজ পৰ্টেল ‘নিউজক্লিক’ৰ সৈতে জড়িত কেইবাজনো সাংবাদিকৰ চৌহদত অভিযান চলাইছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
যোৰাবাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত