--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শেহতীয়াকৈ পাকিস্তান সেনাই নিজৰ শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা কৰিছিল, যিটো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম আছিল । কিন্তু এই পৰীক্ষা দুৰ্ভাগ্যজনকভাৱে বিফল হ’ল।

ডিজিটেল ডেস্ক : পাকিস্তানে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নিজৰেই মিছাইল। পাকিস্তানৰ শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা ব্যৰ্থ হয়। ভয়ংকৰৰূপত বিস্ফোৰিত হয় মিছাইলটো। ২২ জুলাইত সংঘটিত হোৱা এই ঘটনা কেৱল পাকিস্তানৰ বাবেই ভয়াৱহ নহয় আনকি বেলুচিস্তানৰ লোকসকলৰ জীৱনৰ ওপৰতো প্ৰভাৱ পৰিছে বুলি জানিবলৈ পোৱা গৈছে। এই মিছাইলৰ ফলত যদিহে ডেৰা গাজী খানত থকা পাৰমাণৱিক কেন্দ্ৰটো প্ৰভাৱিত হ’লহেঁতেন তেন্তে ই সমগ্ৰ অঞ্চলটোৰ বাবে ভাবুকিৰ সৃষ্টি কৰিলেহেঁতেন ।


শেহতীয়াকৈ পাকিস্তান সেনাই নিজৰ শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা কৰিছিল, যিটো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম আছিল । কিন্তু এই পৰীক্ষা দুৰ্ভাগ্যজনকভাৱে বিফল হ’ল। মিছাইলে লক্ষ্য হেৰুৱাই ডেৰা গাজী খান (পাঞ্জাৱ প্ৰদেশ)ৰ এটা পাৰমাণৱিক কেন্দ্ৰৰ সমীপত পৰাৰ ফলত বিস্ফোৰণ ঘটে ৷


বিস্ফোৰণৰ ফলত বেলুচিস্তানৰ ডেৰা বুগটি জিলাত অত্যাধিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। যত নাগৰিক বস্তি এলেকাৰ লোকে অধিক যন্ত্ৰণা ভূগিব লগা হয়। এই ঘটনাই পাকিস্তানৰ সৈন্য-বাহিনীৰ ওপৰত প্ৰশ্ন উঠোৱাৰ লগতে বেলুচিস্তানৰ লোকৰ জীৱনৰ ওপৰতো ভয়াৱহ সংকট কঢ়িয়াই আনিছে।


পাকিস্তানত সংঘটিত এই ঘটনাৰ পাছতেই পাকিস্তানী সেনাই ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়ে লগতে মিডিয়াৰ সৈতে যোগাযোগ ব্যাহত কৰিব খোজে আৰু মানুহক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ জাৰি কৰে ।


উল্লেখ্য যে শ্বাহীন ৩ পাকিস্তানৰ শক্তিশালী মিছাইলৰ ভিতৰত এটা। এইটো হৈছে বেলিষ্টিক মিছাইল, যিয়ে ২৭৫০ কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে।


২২ জুলাইত পাকিস্তানে ডেৰা গাজী খানৰ ৰাখী অঞ্চলৰ পৰা শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা কৰিছিল। কিন্তু মিছাইলটোৱে নিজৰ লক্ষ্য হেৰুৱাই পেলালে আৰু বেলুচিস্তানৰ ডেৰা বুগটি জিলাৰ মেট অঞ্চলত পৰে। এই ঠাইখন অসামৰিক বসতিস্থলৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত আছিল। লুপ চেহৰানি লেভি ষ্টেচনৰ সমীপৰ গ্ৰেপেন ৰেভিনত ধ্বংসাৱশেষ পৰি ব্যাপক বিস্ফোৰণ ঘটে মিছাইলটোৰ। পাৰমাণৱিক কেন্দ্ৰটোত মিছাইলটো পৰি যোৱা হ'লে ধ্বংস হৈ গ'লহেতেন পাকিস্তান। নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান, ইয়াকে লৈ স্বস্তিৰ নিঃশ্বাস পেলাইছে পাকিস্তানবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু