--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শেহতীয়াকৈ পাকিস্তান সেনাই নিজৰ শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা কৰিছিল, যিটো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম আছিল । কিন্তু এই পৰীক্ষা দুৰ্ভাগ্যজনকভাৱে বিফল হ’ল।

ডিজিটেল ডেস্ক : পাকিস্তানে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নিজৰেই মিছাইল। পাকিস্তানৰ শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা ব্যৰ্থ হয়। ভয়ংকৰৰূপত বিস্ফোৰিত হয় মিছাইলটো। ২২ জুলাইত সংঘটিত হোৱা এই ঘটনা কেৱল পাকিস্তানৰ বাবেই ভয়াৱহ নহয় আনকি বেলুচিস্তানৰ লোকসকলৰ জীৱনৰ ওপৰতো প্ৰভাৱ পৰিছে বুলি জানিবলৈ পোৱা গৈছে। এই মিছাইলৰ ফলত যদিহে ডেৰা গাজী খানত থকা পাৰমাণৱিক কেন্দ্ৰটো প্ৰভাৱিত হ’লহেঁতেন তেন্তে ই সমগ্ৰ অঞ্চলটোৰ বাবে ভাবুকিৰ সৃষ্টি কৰিলেহেঁতেন ।


শেহতীয়াকৈ পাকিস্তান সেনাই নিজৰ শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা কৰিছিল, যিটো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম আছিল । কিন্তু এই পৰীক্ষা দুৰ্ভাগ্যজনকভাৱে বিফল হ’ল। মিছাইলে লক্ষ্য হেৰুৱাই ডেৰা গাজী খান (পাঞ্জাৱ প্ৰদেশ)ৰ এটা পাৰমাণৱিক কেন্দ্ৰৰ সমীপত পৰাৰ ফলত বিস্ফোৰণ ঘটে ৷


বিস্ফোৰণৰ ফলত বেলুচিস্তানৰ ডেৰা বুগটি জিলাত অত্যাধিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। যত নাগৰিক বস্তি এলেকাৰ লোকে অধিক যন্ত্ৰণা ভূগিব লগা হয়। এই ঘটনাই পাকিস্তানৰ সৈন্য-বাহিনীৰ ওপৰত প্ৰশ্ন উঠোৱাৰ লগতে বেলুচিস্তানৰ লোকৰ জীৱনৰ ওপৰতো ভয়াৱহ সংকট কঢ়িয়াই আনিছে।


পাকিস্তানত সংঘটিত এই ঘটনাৰ পাছতেই পাকিস্তানী সেনাই ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়ে লগতে মিডিয়াৰ সৈতে যোগাযোগ ব্যাহত কৰিব খোজে আৰু মানুহক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ জাৰি কৰে ।


উল্লেখ্য যে শ্বাহীন ৩ পাকিস্তানৰ শক্তিশালী মিছাইলৰ ভিতৰত এটা। এইটো হৈছে বেলিষ্টিক মিছাইল, যিয়ে ২৭৫০ কিলোমিটাৰ পৰ্যন্ত আঘাত কৰিব পাৰে।


২২ জুলাইত পাকিস্তানে ডেৰা গাজী খানৰ ৰাখী অঞ্চলৰ পৰা শ্বাহীন-৩ মিছাইলৰ পৰীক্ষা কৰিছিল। কিন্তু মিছাইলটোৱে নিজৰ লক্ষ্য হেৰুৱাই পেলালে আৰু বেলুচিস্তানৰ ডেৰা বুগটি জিলাৰ মেট অঞ্চলত পৰে। এই ঠাইখন অসামৰিক বসতিস্থলৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত আছিল। লুপ চেহৰানি লেভি ষ্টেচনৰ সমীপৰ গ্ৰেপেন ৰেভিনত ধ্বংসাৱশেষ পৰি ব্যাপক বিস্ফোৰণ ঘটে মিছাইলটোৰ। পাৰমাণৱিক কেন্দ্ৰটোত মিছাইলটো পৰি যোৱা হ'লে ধ্বংস হৈ গ'লহেতেন পাকিস্তান। নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান, ইয়াকে লৈ স্বস্তিৰ নিঃশ্বাস পেলাইছে পাকিস্তানবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ