--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আঁঠুৰ আঘাতৰ বাবে তেওঁ শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টত খেলিব নোৱাৰিব। সোমবাৰে ভাৰতীয় ক্রিকেট ব'র্ডে এই কথা জানিবলৈ দিছে।

ডিজিটেল ডেস্ক : ভাৰত আৰু ইংলেণ্ডৰ মাজত বুধবাৰে আৰম্ভ হ'ব চতুর্থ টেষ্ট। তাৰ আগেয়ে ভাৰতীয় দলে আন এক আঘাত সহিবলগীয়া হৈছে। শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টৰ পৰা বাহিৰ হৈছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী। চলিত শৃংখলাৰ শেষৰ দুখন টেষ্টত খেলিছিল নীতিশে। আঁঠুৰ আঘাতৰ বাবে তেওঁ শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টত খেলিব নোৱাৰিব। সোমবাৰে ভাৰতীয় ক্রিকেট ব'র্ডে এই কথা জানিবলৈ দিছে।


জিমত অনুশীলন চলোৱাৰ সময়ত আঘাত পোৱা নীতিশে স্বদেশ অভিমুখে উৰা মাৰিব। ইফালে, নেটত অনুশীলনৰ সময়ত আঙুলিত আঘাত পোৱা অর্শদীপ সিঙে চতুর্থ টেষ্টত খেলিব নোৱাৰিব। তেওঁ পঞ্চম টেষ্টত খেলাৰ সম্ভাৱনা আছে।


আনহাতে, দললৈ আমন্ত্রণ পোৱা অনছুল কমবুজে চতুর্থ টেষ্টত খেলিব নে নাই সেই কথা ব'র্ডে প্রকাশ কৰা নাই। উল্লেখযোগ্য যে চলিত শৃংখলাত ভাৰতীয় দলে ইটোৰ পাছত সিটো আঘাতৰ সন্মুখীন হৈছে। লর্ডছত আঘাতপ্রাপ্ত হয় ঋষভ পণ্ট আৰু আকাশদীপ। কঁকালৰ আঘাত সমস্যাত ভুগিছে আকাশদীপে। সেয়ে চতুর্থ টেষ্টত তেওঁৰ অংশগ্রহণত অনিশ্চয়তা আছে।


এনে পৰিস্থিতিত যশপ্রীত বুমৰাহ আৰু আকাশদীপক একেলগে খেলাব নোৱাৰিব ভাৰতে। প্রশিক্ষক গৌতম গম্ভীৰে সেয়ে বলিং আক্রমণ সলনি কৰিবলৈ বাধ্য হৈছে। আকাশদীপে খেলিব নোৱাৰিলে দললৈ পুনৰ উভতিব পাৰে প্ৰসিদ্ধ কৃষ্ণই। প্রথম দুখন টেষ্টত দুর্বল প্রদর্শন দাঙি ধৰাৰ বাবে তেওঁ তৃতীয় টেষ্টত সুযোগ নাপালে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ