--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আঁঠুৰ আঘাতৰ বাবে তেওঁ শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টত খেলিব নোৱাৰিব। সোমবাৰে ভাৰতীয় ক্রিকেট ব'র্ডে এই কথা জানিবলৈ দিছে।

ডিজিটেল ডেস্ক : ভাৰত আৰু ইংলেণ্ডৰ মাজত বুধবাৰে আৰম্ভ হ'ব চতুর্থ টেষ্ট। তাৰ আগেয়ে ভাৰতীয় দলে আন এক আঘাত সহিবলগীয়া হৈছে। শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টৰ পৰা বাহিৰ হৈছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী। চলিত শৃংখলাৰ শেষৰ দুখন টেষ্টত খেলিছিল নীতিশে। আঁঠুৰ আঘাতৰ বাবে তেওঁ শৃংখলাৰ অৱশিষ্ট দুখন টেষ্টত খেলিব নোৱাৰিব। সোমবাৰে ভাৰতীয় ক্রিকেট ব'র্ডে এই কথা জানিবলৈ দিছে।


জিমত অনুশীলন চলোৱাৰ সময়ত আঘাত পোৱা নীতিশে স্বদেশ অভিমুখে উৰা মাৰিব। ইফালে, নেটত অনুশীলনৰ সময়ত আঙুলিত আঘাত পোৱা অর্শদীপ সিঙে চতুর্থ টেষ্টত খেলিব নোৱাৰিব। তেওঁ পঞ্চম টেষ্টত খেলাৰ সম্ভাৱনা আছে।


আনহাতে, দললৈ আমন্ত্রণ পোৱা অনছুল কমবুজে চতুর্থ টেষ্টত খেলিব নে নাই সেই কথা ব'র্ডে প্রকাশ কৰা নাই। উল্লেখযোগ্য যে চলিত শৃংখলাত ভাৰতীয় দলে ইটোৰ পাছত সিটো আঘাতৰ সন্মুখীন হৈছে। লর্ডছত আঘাতপ্রাপ্ত হয় ঋষভ পণ্ট আৰু আকাশদীপ। কঁকালৰ আঘাত সমস্যাত ভুগিছে আকাশদীপে। সেয়ে চতুর্থ টেষ্টত তেওঁৰ অংশগ্রহণত অনিশ্চয়তা আছে।


এনে পৰিস্থিতিত যশপ্রীত বুমৰাহ আৰু আকাশদীপক একেলগে খেলাব নোৱাৰিব ভাৰতে। প্রশিক্ষক গৌতম গম্ভীৰে সেয়ে বলিং আক্রমণ সলনি কৰিবলৈ বাধ্য হৈছে। আকাশদীপে খেলিব নোৱাৰিলে দললৈ পুনৰ উভতিব পাৰে প্ৰসিদ্ধ কৃষ্ণই। প্রথম দুখন টেষ্টত দুর্বল প্রদর্শন দাঙি ধৰাৰ বাবে তেওঁ তৃতীয় টেষ্টত সুযোগ নাপালে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু