--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সংগীত শিল্পী জে পি দাসক এই বঁটা প্রদান কৰা হ'ব। লগতে শিল্পী দিবাকৰ ডেকা, কমলা দাস আৰু দোষ্ট হান্নানলৈ বিশেষ সম্বর্ধনা আগবঢ়োৱা হ'ব।

ডিজিটেল ডেস্ক : অসমৰ প্ৰয়াত বাদ্যযন্ত্ৰীসকলৰ লগতে প্রয়াত সংগীত ব্যৱস্থাপক আৰু শব্দযন্ত্ৰীসকলক স্মৰণ তথা একাঁজলি শ্রদ্ধাঞ্জলি যচাৰ উদ্দেশ্যে সামাজিক সাংস্কৃতিক গোষ্ঠী 'আমি'ৰ সৌজন্যত প্ৰতিবছৰে ১১ আগষ্টত প্রয়াত সংগীতজ্ঞ পার্থপ্রতিম চৌধুৰীৰ মৃত্যুৰ দিনটোত 'সোঁৱৰণৰ দিন' নামৰ এক অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে।


সেইদিনাই অসমৰ সংগীত জগতলৈ বিশেষ বৰঙনি যোগোৱা এজন শিল্পীক 'জীৱনজোৰা সংগীত কৰ্ম বঁটা' নামৰ এটা বঁটা প্রদান কৰা হয়। এইবেলি সংগীত শিল্পী জে পি দাসক এই বঁটা প্রদান কৰা হ'ব। লগতে শিল্পী দিবাকৰ ডেকা, কমলা দাস আৰু দোষ্ট হান্নানলৈ বিশেষ সম্বর্ধনা আগবঢ়োৱা হ'ব।


'আমি'ৰ তৰফৰ পৰা এই কথা প্রকাশ কৰা হৈছে। আয়োজকসকলে সহায়-সহযোগিতাৰে এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অসমৰ সমূহ বাদ্যযন্ত্রী, কণ্ঠশিল্পী তথা ৰাইজক অনুৰোধ জনাইছে।


উল্লেখ্য যে জ্যোতি প্ৰকাশ দাস বা জে পি দাস হৈছে অসমৰ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী। অসমৰ অগণন শ্ৰোতাৰ মাজত তেওঁ জেপিদা বুলি পৰিচিত। ‘মোৰ মিনতি তৰা হয় যদি...’, ‘সন্ধিয়াৰ আকাশত...’, ‘ওৰে ৰাতি অন্ধকাৰত...’, ‘পৰিচয়বিহীন...’ আদি সৰ্বকালৰ অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস। ১৯৪৭ চনৰ ২৫ জুলাইত ডিব্ৰুগড় জিলাৰ বৰবাৰীত এটি সংস্কৃতিৱান পৰিয়ালত জে পি দাসৰ জন্ম হয়। তেওঁৰ পিতৃ ধীৰেন্দ্ৰনাথ দাস এজন অঁনাতাৰ শিল্পী আছিল। মাতৃৰ নাম বীণাপাণি দাস। অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰি ৰখাত জে পি দাসৰ আছে প্ৰভূত অৰিহণা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু