--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সংগীত শিল্পী জে পি দাসক এই বঁটা প্রদান কৰা হ'ব। লগতে শিল্পী দিবাকৰ ডেকা, কমলা দাস আৰু দোষ্ট হান্নানলৈ বিশেষ সম্বর্ধনা আগবঢ়োৱা হ'ব।

ডিজিটেল ডেস্ক : অসমৰ প্ৰয়াত বাদ্যযন্ত্ৰীসকলৰ লগতে প্রয়াত সংগীত ব্যৱস্থাপক আৰু শব্দযন্ত্ৰীসকলক স্মৰণ তথা একাঁজলি শ্রদ্ধাঞ্জলি যচাৰ উদ্দেশ্যে সামাজিক সাংস্কৃতিক গোষ্ঠী 'আমি'ৰ সৌজন্যত প্ৰতিবছৰে ১১ আগষ্টত প্রয়াত সংগীতজ্ঞ পার্থপ্রতিম চৌধুৰীৰ মৃত্যুৰ দিনটোত 'সোঁৱৰণৰ দিন' নামৰ এক অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে।


সেইদিনাই অসমৰ সংগীত জগতলৈ বিশেষ বৰঙনি যোগোৱা এজন শিল্পীক 'জীৱনজোৰা সংগীত কৰ্ম বঁটা' নামৰ এটা বঁটা প্রদান কৰা হয়। এইবেলি সংগীত শিল্পী জে পি দাসক এই বঁটা প্রদান কৰা হ'ব। লগতে শিল্পী দিবাকৰ ডেকা, কমলা দাস আৰু দোষ্ট হান্নানলৈ বিশেষ সম্বর্ধনা আগবঢ়োৱা হ'ব।


'আমি'ৰ তৰফৰ পৰা এই কথা প্রকাশ কৰা হৈছে। আয়োজকসকলে সহায়-সহযোগিতাৰে এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অসমৰ সমূহ বাদ্যযন্ত্রী, কণ্ঠশিল্পী তথা ৰাইজক অনুৰোধ জনাইছে।


উল্লেখ্য যে জ্যোতি প্ৰকাশ দাস বা জে পি দাস হৈছে অসমৰ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী। অসমৰ অগণন শ্ৰোতাৰ মাজত তেওঁ জেপিদা বুলি পৰিচিত। ‘মোৰ মিনতি তৰা হয় যদি...’, ‘সন্ধিয়াৰ আকাশত...’, ‘ওৰে ৰাতি অন্ধকাৰত...’, ‘পৰিচয়বিহীন...’ আদি সৰ্বকালৰ অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস। ১৯৪৭ চনৰ ২৫ জুলাইত ডিব্ৰুগড় জিলাৰ বৰবাৰীত এটি সংস্কৃতিৱান পৰিয়ালত জে পি দাসৰ জন্ম হয়। তেওঁৰ পিতৃ ধীৰেন্দ্ৰনাথ দাস এজন অঁনাতাৰ শিল্পী আছিল। মাতৃৰ নাম বীণাপাণি দাস। অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰি ৰখাত জে পি দাসৰ আছে প্ৰভূত অৰিহণা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ