--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময়ে সময়ে কেতিয়াবা কিছুমান আজৱ খবৰ আমাৰ মাজলৈ আহে। শেহতীয়াকৈ আহিছে এটি সদ্যোজাত শিশুৰ খবৰ। শিশু জন্ম পোৱাটো খবৰ নহয় কিন্তু সেই শিশুটি যদিহে কিছু ব্যতিক্ৰমী হয় তেন্তে সেয়া নিশ্চয়কৈ এক খবৰ হ’ব । জন্ম হ’ল এনে এটি দেৱশিশুৰ, যাৰ আছে ৪খন হাত আৰু ৪ খন ভৰি। শিশুটিক ওচৰৰ পৰা চাবলৈ সকলো লোক ঢপলিয়াই আহিছে। বহু লোকৰ দাবী এয়া মানৱ শিশু নহয়, এয়া ভগৱানৰ অৱতাৰ। এই ঘটনা বিহাৰৰ কাটিহাৰ জিলাৰ। শিশুটিৰ পিতৃয়ে জনোৱা অনুসৰি শিশুটিৰ জন্মৰ পূৰ্বে কৰা কোনো পৰীক্ষাতেই কোনোধৰণৰ আঁসোৱাহ নাছিল। আল্ট্ৰাছাউণ্ড, ছন’গ্ৰাফী সকলো চাই চিকিৎসকে সকলো ঠিকে থকা বুলিয়ে কৈছিল।চিকিৎসকসকলে কোনো ধৰণৰ বিভ্ৰান্তিৰ খবৰ দিয়া নাছিল। জিলা হাস্পতালত ২০ জানুৱাৰী, বৃহস্পতিবাৰে এই অসাধাৰণ শিশুটিৰ জন্ম হয়। চিকিৎসকে জনোৱা অনুসৰি এয়া চিকিৎসা ক্ষেত্ৰৰ বাবে কিছু আজৱ ঘটনা যদিও ইয়াৰ পূৰ্বেও এনে ঘটনা নোহোৱা নহয়।বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শিশুটিৰ ফটো। ৪খন হাত আৰু ৪ খন ভৰি থকা কেঁচুৱাটোৰ জন্মৰ খবৰ বিয়পি পৰাৰ লগে লগে হাস্পতাল চৌহদত মানুহৰ ভিৰ জমা হয়। কোনোবাই ইয়াক ঈশ্বৰৰ অৱতাৰ বুলি কোৱাৰ লগতে কোনোবাই 'কুদৰত কা কৰিশ্মা' বুলি অভিহিত কৰিছে। সকলোৱে এই শিশুটোক এবাৰ চাব বিচাৰিছিল। নৱজাত শিশুটোৰ ফটো ছ'চিয়েল মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চিকিৎসকে সদৰী কৰা অনুসৰি এনে শিশুক বিশেষভাৱে সক্ষম বুলি ধৰা হয়। বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু শিশুটি সম্পূৰ্ণ স্বাস্থ্যৱান বুলিও জনাইছে চিকিৎসকৰ দলে। আৰু পঢ়কঃ মাতৃৰ বিয়া পাতি দিলে কন্যাই! ক’লে-‘মা অকলশৰীয়াকে থকাটো নিবিচাৰোঁ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম