--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময়ে সময়ে কেতিয়াবা কিছুমান আজৱ খবৰ আমাৰ মাজলৈ আহে। শেহতীয়াকৈ আহিছে এটি সদ্যোজাত শিশুৰ খবৰ। শিশু জন্ম পোৱাটো খবৰ নহয় কিন্তু সেই শিশুটি যদিহে কিছু ব্যতিক্ৰমী হয় তেন্তে সেয়া নিশ্চয়কৈ এক খবৰ হ’ব । জন্ম হ’ল এনে এটি দেৱশিশুৰ, যাৰ আছে ৪খন হাত আৰু ৪ খন ভৰি। শিশুটিক ওচৰৰ পৰা চাবলৈ সকলো লোক ঢপলিয়াই আহিছে। বহু লোকৰ দাবী এয়া মানৱ শিশু নহয়, এয়া ভগৱানৰ অৱতাৰ। এই ঘটনা বিহাৰৰ কাটিহাৰ জিলাৰ। শিশুটিৰ পিতৃয়ে জনোৱা অনুসৰি শিশুটিৰ জন্মৰ পূৰ্বে কৰা কোনো পৰীক্ষাতেই কোনোধৰণৰ আঁসোৱাহ নাছিল। আল্ট্ৰাছাউণ্ড, ছন’গ্ৰাফী সকলো চাই চিকিৎসকে সকলো ঠিকে থকা বুলিয়ে কৈছিল।চিকিৎসকসকলে কোনো ধৰণৰ বিভ্ৰান্তিৰ খবৰ দিয়া নাছিল। জিলা হাস্পতালত ২০ জানুৱাৰী, বৃহস্পতিবাৰে এই অসাধাৰণ শিশুটিৰ জন্ম হয়। চিকিৎসকে জনোৱা অনুসৰি এয়া চিকিৎসা ক্ষেত্ৰৰ বাবে কিছু আজৱ ঘটনা যদিও ইয়াৰ পূৰ্বেও এনে ঘটনা নোহোৱা নহয়।বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শিশুটিৰ ফটো। ৪খন হাত আৰু ৪ খন ভৰি থকা কেঁচুৱাটোৰ জন্মৰ খবৰ বিয়পি পৰাৰ লগে লগে হাস্পতাল চৌহদত মানুহৰ ভিৰ জমা হয়। কোনোবাই ইয়াক ঈশ্বৰৰ অৱতাৰ বুলি কোৱাৰ লগতে কোনোবাই 'কুদৰত কা কৰিশ্মা' বুলি অভিহিত কৰিছে। সকলোৱে এই শিশুটোক এবাৰ চাব বিচাৰিছিল। নৱজাত শিশুটোৰ ফটো ছ'চিয়েল মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চিকিৎসকে সদৰী কৰা অনুসৰি এনে শিশুক বিশেষভাৱে সক্ষম বুলি ধৰা হয়। বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু শিশুটি সম্পূৰ্ণ স্বাস্থ্যৱান বুলিও জনাইছে চিকিৎসকৰ দলে। আৰু পঢ়কঃ মাতৃৰ বিয়া পাতি দিলে কন্যাই! ক’লে-‘মা অকলশৰীয়াকে থকাটো নিবিচাৰোঁ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান