--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ অমৰনাথৰ পবিত্ৰ গুহা মন্দিৰৰ ওচৰত শুকুৰবাৰে সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানপানীৰ পিছত সন্ধানহীন হৈ থকা ৪০ জন লোকৰ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। যোৱা নিশা প্ৰতিকূল বতৰকো নেওচি অভিযানকাৰী দলটোৱে উদ্ধাৰ অভিযান অব্যাহত আছিল। উল্লেখ্য যে ডাৱৰ বিস্ফোৰণৰ ফলত ঘটনাস্থলীত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছিল।

এই ভয়াৱহ দুৰ্যোগৰ পিছত প্ৰায় ১৫,০০০ আৱদ্ধ তীৰ্থযাত্ৰীক উদ্ধাৰ অভিযানত ব্যস্ত থকা দলটোৱে উদ্ধাৰ কৰিছে আৰু তেওঁলোকক পঞ্চতৰ্নীৰ আধাৰ শিবিৰলৈ স্থানান্তৰিত কৰিছে। সন্ধানহীন হৈ থকা লোকসকল এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ আশংকাত অনুসন্ধান অভিযান অব্যাহত ৰখা হৈছে।

আনহাতে জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই শনিবাৰে অমৰনাথ যাত্ৰাৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিছত উদ্ধাৰ অভিযান শেষ নোহোৱালৈকে যাত্ৰা স্থগিত ৰখা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

উল্লেখ্য যে এন ডি আৰ এফ-এছ ডি আৰ এফ বাহিনীৰ লগতে আন কেইবাটাও সংস্থাই ঘটনাস্থলীত উদ্ধাৰ অভিযানত যোগদান কৰিছে। ঘটনাস্থলীৰ পৰা আঘাতপ্ৰাপ্ত ব্যক্তি আৰু মৃতদেহ স্থানান্তৰৰ বাবে শনিবাৰে বিএছএফৰ এমআই ১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল।

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত গুহা মন্দিৰৰ কাষতে থকা সামূহিক পাকঘৰ আৰু তম্বুবোৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছিল। ঘটনাৰ পাছতে আৰক্ষী আৰু অন্যান্য অসামৰিক প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত নামি পৰিছিল। অৱশ্যে বেয়া বতৰ আৰু দুৰ্গম ভূখণ্ডৰ বাবে নিশা উদ্ধাৰ প্ৰচেষ্টাত যথেষ্ট বাধাৰ সম্মুখীন হৈছিল অভিযানকাৰী দলটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ