--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যকৃত বা লিভাৰ শৰীৰৰ এটা শক্তিশালী অংগ। ই বহুতো গুৰুত্বপূৰ্ণ কাম কৰে, প্ৰটিন, কলেষ্টেৰল আৰু পিত্ত উৎপাদনৰ পৰা আৰম্ভ কৰি ভিটামিন, খনিজ পদাৰ্থ আনকি কাৰ্বহাইড্ৰেট সংৰক্ষণ কৰালৈকে ই কাম কৰে। ইয়াৰ উপৰিও লিভাৰে মদ, ড্ৰাগছ আদিৰ বিষাক্ত পদাৰ্থ আৰু বিপাকীয় ক্ৰিয়াৰ প্ৰাকৃতিক উপজাত পদাৰ্থ ভাঙি পেলায়। স্বাস্থ্য ৰক্ষাৰ বাবে যকৃতক ভাল অৱস্থাত ৰখাটো অতি গুৰুত্বপূৰ্ণ। আজি আমি আপোনালোকক জনাম কি কি খাদ্য খালে লিভাৰ সুস্থ হৈ থাকে। ৫ বিধ খাদ্যক কোৱা হয় লিভাৰৰ 'বন্ধু' বুলি কোৱা হয়। জানো আহক কি এই ৫ বিধ খাদ্য

১)কফিঃ  কফি হৈছে যকৃতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পৰা অন্যতম উত্তম পানীয়। বহু গৱেষণাৰ পৰা দেখা গৈছে যে কফিয়ে যকৃতৰ ৰোগ প্ৰতিৰোধ কৰে। আনকি ইতিমধ্যে লিভাৰৰ সমস্যা থকা লোকসকলৰ ক্ষেত্ৰতো কফিয়ে কাম কৰে। ই চিৰ’ছিছ, লিভাৰৰ ক্ষতি আৰু লিভাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

২)আঙুৰঃ আঙুৰত বহুতো উপকাৰী যৌগ থাকে। কেইবাটাও অধ্যয়নত দেখা গৈছে যে আঙুৰ আৰু আঙুৰৰ ৰসে যকৃতক উপকৃত কৰিব পাৰে। আঙুৰে প্ৰদাহ হ্ৰাস কৰা, যকৃতৰ ক্ষতি ৰোধ কৰা, এন্টিঅক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰা আদি কাম কৰে।

৩) বীটঃ বীটৰ ৰস সদায়ে স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈ আহিছে। কেইবাটাও অধ্যয়নত দেখা গৈছে যে এই ৰসে লিভাৰৰ অক্সিডেটিভ ক্ষতি আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰাৰ লগতে প্ৰাকৃতিক বিষমুক্তকৰণ এনজাইম বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে দৈনিক এগিলাচ বীটৰ ৰস খাব লাগে।

৪) আলমণ্ডঃ  আলমণ্ডত চৰ্বি, এন্টিঅক্সিডেন্ট, ভিটামিন ই আৰু বহুতো উপকাৰী যৌগ থাকে যিয়ে আমাৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। বাদাম বা আলমণ্ড কেৱল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, ই লিভাৰৰো উপকাৰী। ইয়াক খালে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা কম কৰিব পাৰি।

৫) মাছঃ মাছত ওমেগা-৩ ফেটি এচিড পোৱা যায়। ই লিভাৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ওমেগা-৩ সমৃদ্ধ চৰ্বিযুক্ত মাছ সেৱন কৰাটো আপোনাৰ যকৃতৰ বাবে অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু