--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যকৃত বা লিভাৰ শৰীৰৰ এটা শক্তিশালী অংগ। ই বহুতো গুৰুত্বপূৰ্ণ কাম কৰে, প্ৰটিন, কলেষ্টেৰল আৰু পিত্ত উৎপাদনৰ পৰা আৰম্ভ কৰি ভিটামিন, খনিজ পদাৰ্থ আনকি কাৰ্বহাইড্ৰেট সংৰক্ষণ কৰালৈকে ই কাম কৰে। ইয়াৰ উপৰিও লিভাৰে মদ, ড্ৰাগছ আদিৰ বিষাক্ত পদাৰ্থ আৰু বিপাকীয় ক্ৰিয়াৰ প্ৰাকৃতিক উপজাত পদাৰ্থ ভাঙি পেলায়। স্বাস্থ্য ৰক্ষাৰ বাবে যকৃতক ভাল অৱস্থাত ৰখাটো অতি গুৰুত্বপূৰ্ণ। আজি আমি আপোনালোকক জনাম কি কি খাদ্য খালে লিভাৰ সুস্থ হৈ থাকে। ৫ বিধ খাদ্যক কোৱা হয় লিভাৰৰ 'বন্ধু' বুলি কোৱা হয়। জানো আহক কি এই ৫ বিধ খাদ্য

১)কফিঃ  কফি হৈছে যকৃতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পৰা অন্যতম উত্তম পানীয়। বহু গৱেষণাৰ পৰা দেখা গৈছে যে কফিয়ে যকৃতৰ ৰোগ প্ৰতিৰোধ কৰে। আনকি ইতিমধ্যে লিভাৰৰ সমস্যা থকা লোকসকলৰ ক্ষেত্ৰতো কফিয়ে কাম কৰে। ই চিৰ’ছিছ, লিভাৰৰ ক্ষতি আৰু লিভাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

২)আঙুৰঃ আঙুৰত বহুতো উপকাৰী যৌগ থাকে। কেইবাটাও অধ্যয়নত দেখা গৈছে যে আঙুৰ আৰু আঙুৰৰ ৰসে যকৃতক উপকৃত কৰিব পাৰে। আঙুৰে প্ৰদাহ হ্ৰাস কৰা, যকৃতৰ ক্ষতি ৰোধ কৰা, এন্টিঅক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰা আদি কাম কৰে।

৩) বীটঃ বীটৰ ৰস সদায়ে স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈ আহিছে। কেইবাটাও অধ্যয়নত দেখা গৈছে যে এই ৰসে লিভাৰৰ অক্সিডেটিভ ক্ষতি আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰাৰ লগতে প্ৰাকৃতিক বিষমুক্তকৰণ এনজাইম বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে দৈনিক এগিলাচ বীটৰ ৰস খাব লাগে।

৪) আলমণ্ডঃ  আলমণ্ডত চৰ্বি, এন্টিঅক্সিডেন্ট, ভিটামিন ই আৰু বহুতো উপকাৰী যৌগ থাকে যিয়ে আমাৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। বাদাম বা আলমণ্ড কেৱল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, ই লিভাৰৰো উপকাৰী। ইয়াক খালে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা কম কৰিব পাৰি।

৫) মাছঃ মাছত ওমেগা-৩ ফেটি এচিড পোৱা যায়। ই লিভাৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ওমেগা-৩ সমৃদ্ধ চৰ্বিযুক্ত মাছ সেৱন কৰাটো আপোনাৰ যকৃতৰ বাবে অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ