--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণতে পূজা বা যজ্ঞত কৰ্পূৰ ব্যৱহাৰ কৰা হয়, কিন্তু এই কৰ্পূৰ আমাৰ বাবে অতি উপকাৰী। কৰ্পূৰৰ বহুতো ঔষধি গুণ আছে যিবোৰৰ বিষয়ে আমি জ্ঞাত নহয়। প্ৰাকৃতিকভাৱে কৰ্পূৰে শৰীৰৰ বহু সমস্যাই দূৰ কৰিব পাৰে, কাৰণ ই এন্টি-বেক্টেৰিয়েল গুণসমৃদ্ধ। সেয়েহে জানো আহক কোনবোৰ সমস্যাত কৰ্পূৰ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।

 ১. মূৰৰ বিষৰ পৰা উপশম দিয়ে-

কৰ্পূৰে মূৰৰ বিষৰ পৰা অতি সহজে উপশম দিব পাৰে, কাৰণ ই অতি ঠাণ্ড। মূৰৰ বিষ হ’লে সমান পৰিমাণে অৰ্জুনৰ বাকলি, বগা চন্দন আৰু আদা গুড়ি মিহলাই পেষ্ট বনাই কঁপালত প্ৰলেপ লগালে মূৰৰ বিষৰ পৰা সোনকালে উপশম পাব পাৰি।

 ২. চুলি সুস্থ কৰি তোলে-

কৰ্পূৰে চুলিৰ উফি, শুকান, চুলি সৰা আদি সমস্যা দূৰ কৰে। কৰ্পূৰ মিহলাই নাৰিকল তেল লগালে চুলি সৰা বন্ধ হয় আৰু চুলি চিকচিকিয়া হয়। যদি আপুনি ডাঠ আৰু দীঘল চুলি বিচাৰে তেন্তে কৰ্পূৰৰ লগত নাৰিকল তেল মিহলাই লগালে উপকাৰ পাব।

 ৩. ঠাণ্ডাত উপকাৰী-

চৰ্দি আৰু ফ্লুত কৰ্পূৰ অতি উপকাৰী। ঠাণ্ডা-চৰ্দি বা কাহ হ’লে কৰ্পূৰ সৰিয়হ তেলৰ লগত মিহলাই গৰম কৰি মালিচ কৰিলে উপশম পোৱা  যায়। গৰম পানীত কৰ্পূৰ দি উশাহ ল’লেও বন্ধ হৈ থকা নাক খোল খায় আৰু চৰ্দি আৰু ফ্লুত সকাহ পোৱা যায়।

 ৪. বিষ উপশম দিয়ে-

ভৰিৰ বিষ আৰু ফুলাৰ সমস্যা হ’লে কৰ্পূৰত তেল মিহলাই মালিচ কৰিলে উপশম পোৱা যায়। ভাগৰুৱা অনুভৱ কৰিলে তিল বা সৰিয়হ তেল মিহলাই কৰ্পূৰ মালিচ কৰিলে উপকৃত হ’ব।

 ৫. ব্ৰণত উপকাৰী-

কৰ্পূৰত এন্টি-বেক্টেৰিয়েল গুণ আছে। সেয়েহে কৰ্পূৰে বেক্টেৰিয়া আঁতৰাই ৰাখে যাতে ব্ৰণৰ সৃষ্টি নহয়।

 ৬. ব্ৰণৰ দাগ আঁতৰায়-

কাৰোবাৰ মুখত যদি পিম্পল-নখৰ ব্ৰণৰ কিবা দাগ থাকে, তেন্তে কৰ্পূৰেৰে আঁতৰাই পেলাব পাৰি। কৰ্পূৰৰ লগত নাৰিকল তেল মিহলাই মুখত লগালেও দাগবোৰ আঁতৰাই ছাল উজ্জ্বল কৰি তোলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু