--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণতে পূজা বা যজ্ঞত কৰ্পূৰ ব্যৱহাৰ কৰা হয়, কিন্তু এই কৰ্পূৰ আমাৰ বাবে অতি উপকাৰী। কৰ্পূৰৰ বহুতো ঔষধি গুণ আছে যিবোৰৰ বিষয়ে আমি জ্ঞাত নহয়। প্ৰাকৃতিকভাৱে কৰ্পূৰে শৰীৰৰ বহু সমস্যাই দূৰ কৰিব পাৰে, কাৰণ ই এন্টি-বেক্টেৰিয়েল গুণসমৃদ্ধ। সেয়েহে জানো আহক কোনবোৰ সমস্যাত কৰ্পূৰ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।

 ১. মূৰৰ বিষৰ পৰা উপশম দিয়ে-

কৰ্পূৰে মূৰৰ বিষৰ পৰা অতি সহজে উপশম দিব পাৰে, কাৰণ ই অতি ঠাণ্ড। মূৰৰ বিষ হ’লে সমান পৰিমাণে অৰ্জুনৰ বাকলি, বগা চন্দন আৰু আদা গুড়ি মিহলাই পেষ্ট বনাই কঁপালত প্ৰলেপ লগালে মূৰৰ বিষৰ পৰা সোনকালে উপশম পাব পাৰি।

 ২. চুলি সুস্থ কৰি তোলে-

কৰ্পূৰে চুলিৰ উফি, শুকান, চুলি সৰা আদি সমস্যা দূৰ কৰে। কৰ্পূৰ মিহলাই নাৰিকল তেল লগালে চুলি সৰা বন্ধ হয় আৰু চুলি চিকচিকিয়া হয়। যদি আপুনি ডাঠ আৰু দীঘল চুলি বিচাৰে তেন্তে কৰ্পূৰৰ লগত নাৰিকল তেল মিহলাই লগালে উপকাৰ পাব।

 ৩. ঠাণ্ডাত উপকাৰী-

চৰ্দি আৰু ফ্লুত কৰ্পূৰ অতি উপকাৰী। ঠাণ্ডা-চৰ্দি বা কাহ হ’লে কৰ্পূৰ সৰিয়হ তেলৰ লগত মিহলাই গৰম কৰি মালিচ কৰিলে উপশম পোৱা  যায়। গৰম পানীত কৰ্পূৰ দি উশাহ ল’লেও বন্ধ হৈ থকা নাক খোল খায় আৰু চৰ্দি আৰু ফ্লুত সকাহ পোৱা যায়।

 ৪. বিষ উপশম দিয়ে-

ভৰিৰ বিষ আৰু ফুলাৰ সমস্যা হ’লে কৰ্পূৰত তেল মিহলাই মালিচ কৰিলে উপশম পোৱা যায়। ভাগৰুৱা অনুভৱ কৰিলে তিল বা সৰিয়হ তেল মিহলাই কৰ্পূৰ মালিচ কৰিলে উপকৃত হ’ব।

 ৫. ব্ৰণত উপকাৰী-

কৰ্পূৰত এন্টি-বেক্টেৰিয়েল গুণ আছে। সেয়েহে কৰ্পূৰে বেক্টেৰিয়া আঁতৰাই ৰাখে যাতে ব্ৰণৰ সৃষ্টি নহয়।

 ৬. ব্ৰণৰ দাগ আঁতৰায়-

কাৰোবাৰ মুখত যদি পিম্পল-নখৰ ব্ৰণৰ কিবা দাগ থাকে, তেন্তে কৰ্পূৰেৰে আঁতৰাই পেলাব পাৰি। কৰ্পূৰৰ লগত নাৰিকল তেল মিহলাই মুখত লগালেও দাগবোৰ আঁতৰাই ছাল উজ্জ্বল কৰি তোলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ