--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা মানুহৰ হঠাতে পেট বিষায়। ইয়াৰ পৰা হাত সাৰিবলৈ আমি আমাৰ খাদ্যাভ্যাস স্বাস্থ্যসন্মত ৰখাটো আৰু কেতিয়াও প্ৰয়োজনতকৈ অধিক খাদ্য নোখোৱাটো জৰুৰী। পেট বিষ হ’লে দৈনন্দিন জীৱনৰ স্বাভাৱিক কামবোৰ সম্পন্ন কৰাটো কঠিন হৈ পৰে। হঠাতে হোৱা পেট বিষ ঘৰুৱা উপায়েৰেও নিৰাময় কৰিব পাৰি। সেই উপায়সমূহ জানি থোৱাটো ভাল।

যেতিয়া হঠাতে পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে আৰু ঘৰত কোনো ঔষধ নাথাকে, তেতিয়া একেবাৰে ভয় নাখাব। আপুনি পাকঘৰতে থকা কিছুমান বস্তু সেৱন কৰি পেটৰ বিষৰ পৰা সকাহ পাব পাৰিব।

১) জালুকঃ মছলা হিচাপে আমি জালুক ব্যৱহাৰ কৰো। জালুকৰ বহুতো ঔষধি গুণ আছে। প্ৰথমে জালুক পিহি তাৰ গুড়ি বনাই তাৰ লগত আদা, ক’লা নিমখ আৰু হিং মিহলাই ল’ব। এতিয়া এই মিশ্ৰণটো কুহুমীয়া পানীত মিহলাই খাব লাগে। অলপ সময়ৰ ভিতৰতে সকাহ পাব।

২) মেথিঃ পেটৰ বিষ হ’লে মেথি গুটি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে গৰম পানীত মেথিৰ গুটি উতলাই লওক। তাৰ পিছত কুহুমীয়া হোৱাৰ পাছত ইয়াৰ পানী ফিল্টাৰ কৰি খাব লাগে। ইচ্ছা কৰিলে ফুলি উঠা মেথি গুটি চোবাই খাব পাৰে। এনে কৰিলে পেটৰ বিষৰ পৰা আৰাম পাব। 

৩) অজৱাইনঃ অজৱাইনকো অতি উপকাৰী মছলা বুলি গণ্য কৰা হয়। ই পেটৰ বিষৰ সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বাবে এচামুচ অজৱাইন আৰু জিৰা গুড়ি মিহলাই লওক আৰু এই গুড়িখিনি কুহুমীয়া পানীত দি খাওক। আৰাম পাব।  

৪) নেমুঃ নেমু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। পেটৰ বিষ হ’লে ইয়াক নিশ্চিতভাৱে ব্যৱহাৰ কৰক। কুহুমীয়া পানীৰ এটা গিলাচত এটা নেমু চেপি তাৰ লগত নিমখ মিহলাই লওক। এনে কৰিলে পেটৰ সমস্যা দূৰ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ