--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা মানুহৰ হঠাতে পেট বিষায়। ইয়াৰ পৰা হাত সাৰিবলৈ আমি আমাৰ খাদ্যাভ্যাস স্বাস্থ্যসন্মত ৰখাটো আৰু কেতিয়াও প্ৰয়োজনতকৈ অধিক খাদ্য নোখোৱাটো জৰুৰী। পেট বিষ হ’লে দৈনন্দিন জীৱনৰ স্বাভাৱিক কামবোৰ সম্পন্ন কৰাটো কঠিন হৈ পৰে। হঠাতে হোৱা পেট বিষ ঘৰুৱা উপায়েৰেও নিৰাময় কৰিব পাৰি। সেই উপায়সমূহ জানি থোৱাটো ভাল।

যেতিয়া হঠাতে পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে আৰু ঘৰত কোনো ঔষধ নাথাকে, তেতিয়া একেবাৰে ভয় নাখাব। আপুনি পাকঘৰতে থকা কিছুমান বস্তু সেৱন কৰি পেটৰ বিষৰ পৰা সকাহ পাব পাৰিব।

১) জালুকঃ মছলা হিচাপে আমি জালুক ব্যৱহাৰ কৰো। জালুকৰ বহুতো ঔষধি গুণ আছে। প্ৰথমে জালুক পিহি তাৰ গুড়ি বনাই তাৰ লগত আদা, ক’লা নিমখ আৰু হিং মিহলাই ল’ব। এতিয়া এই মিশ্ৰণটো কুহুমীয়া পানীত মিহলাই খাব লাগে। অলপ সময়ৰ ভিতৰতে সকাহ পাব।

২) মেথিঃ পেটৰ বিষ হ’লে মেথি গুটি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে গৰম পানীত মেথিৰ গুটি উতলাই লওক। তাৰ পিছত কুহুমীয়া হোৱাৰ পাছত ইয়াৰ পানী ফিল্টাৰ কৰি খাব লাগে। ইচ্ছা কৰিলে ফুলি উঠা মেথি গুটি চোবাই খাব পাৰে। এনে কৰিলে পেটৰ বিষৰ পৰা আৰাম পাব। 

৩) অজৱাইনঃ অজৱাইনকো অতি উপকাৰী মছলা বুলি গণ্য কৰা হয়। ই পেটৰ বিষৰ সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বাবে এচামুচ অজৱাইন আৰু জিৰা গুড়ি মিহলাই লওক আৰু এই গুড়িখিনি কুহুমীয়া পানীত দি খাওক। আৰাম পাব।  

৪) নেমুঃ নেমু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। পেটৰ বিষ হ’লে ইয়াক নিশ্চিতভাৱে ব্যৱহাৰ কৰক। কুহুমীয়া পানীৰ এটা গিলাচত এটা নেমু চেপি তাৰ লগত নিমখ মিহলাই লওক। এনে কৰিলে পেটৰ সমস্যা দূৰ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু