--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবে এজন স্বামীয়ে কৰিলে অসাধ্য সাধন। পেছাত তেওঁ এজন মেকানিক। মধ্যপ্ৰদেশৰ জবলপুৰৰ(Jabalpur) মহম্মদ আক্ৰাম নামৰ মেকানিকজনে নিজৰ পুৰণি স্কুটাৰখনক ৰূপ দিলে ছুপাৰ স্কুটাৰৰ। এতিয়া এই স্কুটাৰখন সমগ্ৰ জবলপুৰৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মেকানিক মহম্মদ আক্ৰামে প্ৰায় ৫০ বছৰ ধৰি মটৰচাইকেল আৰু স্কুটাৰ ৰিপেয়াৰিঙৰ কাম কৰি আহিছে। তেওঁ আন মানুহৰ গাড়ী-বাইক আদি সুন্দৰকৈ সাজি দিয়ে কিন্তু নিজ পত্নীক পুৰণি স্কুটাৰখনত উঠাই লৈ ফুৰে, এই কথাতে বিৰাট খং পত্নীৰ। 

মহম্মদ আক্ৰামে ১৯৯৮ চনত এই স্কুটাৰখন ক্ৰয় কৰিছিল। এই পুৰণা স্কুটাৰখনত উঠি উঠি মহম্মদ আক্ৰামৰ পত্নীৰ বিৰক্তি উপজিল আৰু এদিন তেওঁ স্বামীক টানকৈয়ে কৈ দিলে যে তেওঁ আৰু এই স্কুটাৰখনত বহি নাযায়। বেগমৰ খং দেখি আক্ৰাম চাহেবও অলপ ভয় খালে। তেওঁ যেনেদৰে পত্নীক এৰিব নোৱাৰে ঠিক তেনেদৰে আপোন স্কুটাৰখনকো এৰিব নোৱাৰে। দুয়োকে একেলগে ৰাখিবলৈ মন স্থিৰ কৰি মহম্মদ আক্ৰামে স্কুটাৰখনক এনে ৰূপ দিলে যে ই সম্পূৰ্ণ নতুন যেন হৈ পৰিল। 


তেওঁ স্কুটাৰখন নিজে ৰং কৰিছিল আৰু তাৰ পিছত ইয়াক এটা নতুন ৰূপ দিয়াত জড়িত হৈ পৰিল। আক্ৰামে এই স্কুটাৰখন মুক্তাৰে ভৰাই দিছিল। কেৱল সেয়াই নহয়, তেওঁ ইয়াত এখন এইচডি স্ক্ৰীণো ৰাখিছে। য'ত ভিডিঅ'ৰ লগতে গানো বাজে। স্কুটাৰখনত বিভিন্ন প্ৰকাৰৰ ৰঙীন লাইট আছে, ইয়াক চলাবলৈ বিভিন্ন বুটামো স্থাপন কৰা হৈছে। স্কুটাৰখনত এটা বেক কেমেৰাও আছে। বৰ্তমান যেতিয়া আক্ৰামে তেওঁৰ পত্নীক এই স্কুটাৰত উঠাই ফুৰাবলৈ নিয়ে সকলো মানুহে ঘূৰি ঘূৰি স্কুটাৰখনলৈ চায়। 


৭০ ৰ পৰা ৮০ হাজাৰ টকা খৰচ কৰি প্ৰায় চাৰি মাহত পুৰণা স্কুটাৰখনক ছুপাৰ স্কুটাৰ কৰি তুলিছিল মহম্মদ আক্ৰামে। এই ব্যৱস্থা লোৱা বাবে তেওঁৰ পত্নীও সুখী আৰু আৰু মৰমৰ স্কুটাৰখনো বাদ দিব লগীয়া নহ'ল। আক্ৰামৰ বেগমে এতিয়া অলপো খং নকৰাকৈ এই স্কুটাৰত উঠি ঘূৰি ফুৰে। সন্ধিয়া যেতিয়া স্কুটাৰখন শ শ লাইটেৰে জিলিকি উঠে, মানুহে ইয়াক চাবলৈ ওচৰ চাপি আহে আৰু ছেলফী তোলে। আনকি এই স্কুটাৰখন চলাই দৰাই কইনা আনিবলৈ যোৱাৰ বহুতো প্ৰস্তাৱো লাভ কৰিছে মহম্মদ আক্ৰামে। বহু লোকেই স্কুটাৰখন কিনিবলৈ ২ৰ পৰা ৩ লাখ টকা দিবলৈও সাজু হৈছে কিন্তু কোনো মূল্যত মৰমৰ স্কুটাৰখন বিক্ৰী নকৰে মেকানিকগৰাকীয়ে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন