--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবে এজন স্বামীয়ে কৰিলে অসাধ্য সাধন। পেছাত তেওঁ এজন মেকানিক। মধ্যপ্ৰদেশৰ জবলপুৰৰ(Jabalpur) মহম্মদ আক্ৰাম নামৰ মেকানিকজনে নিজৰ পুৰণি স্কুটাৰখনক ৰূপ দিলে ছুপাৰ স্কুটাৰৰ। এতিয়া এই স্কুটাৰখন সমগ্ৰ জবলপুৰৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মেকানিক মহম্মদ আক্ৰামে প্ৰায় ৫০ বছৰ ধৰি মটৰচাইকেল আৰু স্কুটাৰ ৰিপেয়াৰিঙৰ কাম কৰি আহিছে। তেওঁ আন মানুহৰ গাড়ী-বাইক আদি সুন্দৰকৈ সাজি দিয়ে কিন্তু নিজ পত্নীক পুৰণি স্কুটাৰখনত উঠাই লৈ ফুৰে, এই কথাতে বিৰাট খং পত্নীৰ। 

মহম্মদ আক্ৰামে ১৯৯৮ চনত এই স্কুটাৰখন ক্ৰয় কৰিছিল। এই পুৰণা স্কুটাৰখনত উঠি উঠি মহম্মদ আক্ৰামৰ পত্নীৰ বিৰক্তি উপজিল আৰু এদিন তেওঁ স্বামীক টানকৈয়ে কৈ দিলে যে তেওঁ আৰু এই স্কুটাৰখনত বহি নাযায়। বেগমৰ খং দেখি আক্ৰাম চাহেবও অলপ ভয় খালে। তেওঁ যেনেদৰে পত্নীক এৰিব নোৱাৰে ঠিক তেনেদৰে আপোন স্কুটাৰখনকো এৰিব নোৱাৰে। দুয়োকে একেলগে ৰাখিবলৈ মন স্থিৰ কৰি মহম্মদ আক্ৰামে স্কুটাৰখনক এনে ৰূপ দিলে যে ই সম্পূৰ্ণ নতুন যেন হৈ পৰিল। 


তেওঁ স্কুটাৰখন নিজে ৰং কৰিছিল আৰু তাৰ পিছত ইয়াক এটা নতুন ৰূপ দিয়াত জড়িত হৈ পৰিল। আক্ৰামে এই স্কুটাৰখন মুক্তাৰে ভৰাই দিছিল। কেৱল সেয়াই নহয়, তেওঁ ইয়াত এখন এইচডি স্ক্ৰীণো ৰাখিছে। য'ত ভিডিঅ'ৰ লগতে গানো বাজে। স্কুটাৰখনত বিভিন্ন প্ৰকাৰৰ ৰঙীন লাইট আছে, ইয়াক চলাবলৈ বিভিন্ন বুটামো স্থাপন কৰা হৈছে। স্কুটাৰখনত এটা বেক কেমেৰাও আছে। বৰ্তমান যেতিয়া আক্ৰামে তেওঁৰ পত্নীক এই স্কুটাৰত উঠাই ফুৰাবলৈ নিয়ে সকলো মানুহে ঘূৰি ঘূৰি স্কুটাৰখনলৈ চায়। 


৭০ ৰ পৰা ৮০ হাজাৰ টকা খৰচ কৰি প্ৰায় চাৰি মাহত পুৰণা স্কুটাৰখনক ছুপাৰ স্কুটাৰ কৰি তুলিছিল মহম্মদ আক্ৰামে। এই ব্যৱস্থা লোৱা বাবে তেওঁৰ পত্নীও সুখী আৰু আৰু মৰমৰ স্কুটাৰখনো বাদ দিব লগীয়া নহ'ল। আক্ৰামৰ বেগমে এতিয়া অলপো খং নকৰাকৈ এই স্কুটাৰত উঠি ঘূৰি ফুৰে। সন্ধিয়া যেতিয়া স্কুটাৰখন শ শ লাইটেৰে জিলিকি উঠে, মানুহে ইয়াক চাবলৈ ওচৰ চাপি আহে আৰু ছেলফী তোলে। আনকি এই স্কুটাৰখন চলাই দৰাই কইনা আনিবলৈ যোৱাৰ বহুতো প্ৰস্তাৱো লাভ কৰিছে মহম্মদ আক্ৰামে। বহু লোকেই স্কুটাৰখন কিনিবলৈ ২ৰ পৰা ৩ লাখ টকা দিবলৈও সাজু হৈছে কিন্তু কোনো মূল্যত মৰমৰ স্কুটাৰখন বিক্ৰী নকৰে মেকানিকগৰাকীয়ে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ