--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷ উজনিৰ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে থাওৰা, মৰিয়নী সমষ্টিৰ ঘোষণা হ’ব ফলাফল৷ ইয়াৰ উপৰি নামনিত তামুলপুৰ, ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰো ফলাফল আজি ঘোষণা কৰা হ’ব৷

ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈছে সংশ্লিষ্ট বিষয়া তথা কৰ্মচাৰীসকল৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া৷ ৫টা সমষ্টিত উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মুঠ ৩১ গৰাকী প্ৰাৰ্থী৷ জিলা প্ৰশাসন তথা চৰকাৰৰ তৰফৰ পৰা ভোট গণনা কেন্দ্ৰত কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷ গণনা স্থানত তিনিখলপীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷

প্ৰতিটো ভোট গণনা কেন্দ্ৰত গণনা টেবুলৰ সংখ্যা ৭ খন৷ ভোট গণনাৰ বাবে ৫টা সমষ্টিত আছে ১৪১ গৰাকী গণনা পৰ্যৱেক্ষক, ১৫০ গৰাকী গণনা সহায়ক, ১৪০ গৰাকী মাইক্ৰ’ অৱজাৰভাৰ৷ গণনাৰ বাবে আছে মুঠ ১৮টা হল, ৯৮খন টেবুল৷ ৫ গৰাকী ৰিটাৰ্ণিং বিষয়া, ২৮ গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়াক দায়িত্ব দিয়া হৈছে উপ-নিৰ্বাচনৰ ভোটগণনাৰ দায়িত্ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ