--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷ উজনিৰ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে থাওৰা, মৰিয়নী সমষ্টিৰ ঘোষণা হ’ব ফলাফল৷ ইয়াৰ উপৰি নামনিত তামুলপুৰ, ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰো ফলাফল আজি ঘোষণা কৰা হ’ব৷

ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈছে সংশ্লিষ্ট বিষয়া তথা কৰ্মচাৰীসকল৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া৷ ৫টা সমষ্টিত উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মুঠ ৩১ গৰাকী প্ৰাৰ্থী৷ জিলা প্ৰশাসন তথা চৰকাৰৰ তৰফৰ পৰা ভোট গণনা কেন্দ্ৰত কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷ গণনা স্থানত তিনিখলপীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷

প্ৰতিটো ভোট গণনা কেন্দ্ৰত গণনা টেবুলৰ সংখ্যা ৭ খন৷ ভোট গণনাৰ বাবে ৫টা সমষ্টিত আছে ১৪১ গৰাকী গণনা পৰ্যৱেক্ষক, ১৫০ গৰাকী গণনা সহায়ক, ১৪০ গৰাকী মাইক্ৰ’ অৱজাৰভাৰ৷ গণনাৰ বাবে আছে মুঠ ১৮টা হল, ৯৮খন টেবুল৷ ৫ গৰাকী ৰিটাৰ্ণিং বিষয়া, ২৮ গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়াক দায়িত্ব দিয়া হৈছে উপ-নিৰ্বাচনৰ ভোটগণনাৰ দায়িত্ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু