--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি ৫সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে৷ ইতিমধ্যে উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ ৩১ গৰাকীকৈ প্ৰাৰ্থী৷ সমষ্টি অনুসৰি প্ৰাৰ্থীকেইগৰাকী হৈছে ২৮ নং গোসাইগাঁও সমষ্টিত মুঠ ৮ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে৷ সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ হৈ ইউপিপিএলৰ জিৰন বসুমতাৰী, কংগ্ৰেছৰ পৰা জুৱেল টুডুৰ প্ৰাৰ্থিত্ব, বিপিএফৰ পৰা ধ্ৰুৱ কুমাৰ ব্ৰহ্মৰ প্ৰাৰ্থিত্ব, এআইইউডিএফৰ পৰা খাইৰুল আনাম খন্দকাৰ৷ আনহাতে সমষ্টিটোৰ পৰা ৪ নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰিছে৷

৪১ নং ভৱানীপুৰ সমষ্টিত আছে মুঠ প্ৰাৰ্থী ৯ গৰাকী৷ সমষ্টিটোত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ফণী তালুকদাৰে৷ কংগ্ৰেছৰ পৰা শৈলেন্দ্ৰ নাথ দাসৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ এআইইউডিএফৰ জুব্বাৰ আলীৰ প্ৰাৰ্থিত্ব, বাকী ৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে৷ ৫৮ নং তামুলপুৰ সমষ্টিত ৬ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ তাৰ ভিতৰত বিজেপি মিত্ৰজোঁটৰ ইউপিপিএলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহালেকৰে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা, জিএছপিৰ হৈ ব্ৰজেন্দ্ৰ নাথ ডেকাই প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷

ভোটাৰ্ছ পাৰ্টীৰ এজন, নিৰ্দলীয় দুজনৰ প্ৰাৰ্থিত্ব আগবঢ়ায়৷ ইপিনে ১০১নং মৰিয়নি সমষ্টিত অৱতীৰ্ণ হৈছে মুঠ ৪ জন প্ৰাৰ্থী৷ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৰূপজ্যোতি কুৰ্মীয়ে, কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায় লোহিত কোঁৱৰে, ৰাইজৰ দলৰ পৰা সঞ্জীৱ গগৈ৷ অসমত সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰ৷ ইপিনে ১০৭নং থাওৰা সমষ্টিত ৫ জন প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব আগবঢ়ায়৷ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে সুশান্ত বৰগোহাঁয়ে৷ কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰে প্ৰাৰ্থিত্ব কৰে, ৰাইজৰ দলৰ প্ৰাৰ্থি ধৈৰ্য কোঁৱৰ, চিপিআইৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় এজন প্ৰাৰ্থীয়ে আগবঢ়ায় প্ৰতিদ্বন্দ্বিতা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু