--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি ৫সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে৷ ইতিমধ্যে উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ ৩১ গৰাকীকৈ প্ৰাৰ্থী৷ সমষ্টি অনুসৰি প্ৰাৰ্থীকেইগৰাকী হৈছে ২৮ নং গোসাইগাঁও সমষ্টিত মুঠ ৮ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে৷ সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ হৈ ইউপিপিএলৰ জিৰন বসুমতাৰী, কংগ্ৰেছৰ পৰা জুৱেল টুডুৰ প্ৰাৰ্থিত্ব, বিপিএফৰ পৰা ধ্ৰুৱ কুমাৰ ব্ৰহ্মৰ প্ৰাৰ্থিত্ব, এআইইউডিএফৰ পৰা খাইৰুল আনাম খন্দকাৰ৷ আনহাতে সমষ্টিটোৰ পৰা ৪ নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰিছে৷

৪১ নং ভৱানীপুৰ সমষ্টিত আছে মুঠ প্ৰাৰ্থী ৯ গৰাকী৷ সমষ্টিটোত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ফণী তালুকদাৰে৷ কংগ্ৰেছৰ পৰা শৈলেন্দ্ৰ নাথ দাসৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ এআইইউডিএফৰ জুব্বাৰ আলীৰ প্ৰাৰ্থিত্ব, বাকী ৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে৷ ৫৮ নং তামুলপুৰ সমষ্টিত ৬ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ তাৰ ভিতৰত বিজেপি মিত্ৰজোঁটৰ ইউপিপিএলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহালেকৰে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা, জিএছপিৰ হৈ ব্ৰজেন্দ্ৰ নাথ ডেকাই প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷

ভোটাৰ্ছ পাৰ্টীৰ এজন, নিৰ্দলীয় দুজনৰ প্ৰাৰ্থিত্ব আগবঢ়ায়৷ ইপিনে ১০১নং মৰিয়নি সমষ্টিত অৱতীৰ্ণ হৈছে মুঠ ৪ জন প্ৰাৰ্থী৷ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৰূপজ্যোতি কুৰ্মীয়ে, কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায় লোহিত কোঁৱৰে, ৰাইজৰ দলৰ পৰা সঞ্জীৱ গগৈ৷ অসমত সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰ৷ ইপিনে ১০৭নং থাওৰা সমষ্টিত ৫ জন প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব আগবঢ়ায়৷ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে সুশান্ত বৰগোহাঁয়ে৷ কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰে প্ৰাৰ্থিত্ব কৰে, ৰাইজৰ দলৰ প্ৰাৰ্থি ধৈৰ্য কোঁৱৰ, চিপিআইৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় এজন প্ৰাৰ্থীয়ে আগবঢ়ায় প্ৰতিদ্বন্দ্বিতা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ