--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘আপুনি বহুত জনপ্ৰিয়, আহক মোৰ দলত যোগ দিয়কহি…’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে হাত মিলাই এই প্ৰস্তাৱ দিলে এগৰাকী ৰাষ্ট্ৰনেতাই। মোদীক বিজেপি এৰি তেওঁৰ দলত যোগ দিয়াৰ প্ৰস্তাৱ দিলে নেতাগৰাকীয়ে। এই প্ৰস্তাৱৰ প্ৰত্যুত্তৰ মোদীয়ে দিলে হাঁহিমুখে। এই দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মঙলবাৰে এই ঘটনা ঘটে। COP26 সন্মিলনত ভাগ ল’বলৈ স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাতেই তেওঁৰ সাক্ষাৎ হয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফালী বেনেটৰ সৈতে। এক হাস্যমুখৰ পৰিৱেশত মিলিত হয় দুয়োগৰাকী ৰাষ্ট্ৰনেতা।

তাতেই ইজৰাইলৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী নাফালী বেনেটে মোদীক প্ৰস্তাৱ দিয়ে, ‘আপুনি ইজৰাইলত বহুত জনপ্ৰিয়। আপুনি মোৰ দলত যোগ দিয়কহি।’ বেনেটৰ এই প্ৰস্তাৱ লাভ কৰি মোদীতে তেওঁৰ হাতত থপৰিয়াই প্ৰাণখুলি হাঁহিবলৈ ধৰে। মোদী আৰু বেনেটৰ এই হাস্যমুখৰ মুহূৰ্তৰ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰাৰ লগে লগে ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছে। উল্লেখ্য যে, ইজৰাইলৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে মোদীৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।

নেতান্যাহু শেহতীয়াকৈ নিৰ্বাচনত পৰাজিত হয় আৰু তেওঁৰ স্থানত অধিষ্ঠিত হয় নাফালী বেনেট। বেনেটৰ সৈতে মোদীৰ এয়াই প্ৰথম আনুষ্ঠানিক সাক্ষাৎ। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই প্ৰযুক্তিগত বিষয় আৰু উদ্ভাৱন সম্পৰ্কে বিতংভাৱে আলোচনা কৰা বুলি ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনেটে দুয়ো দেশৰ মাজৰ বন্ধুত্ব অটুট ৰখাৰ বাবে মোদীৰ ধন্যবাদো জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু