--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘আপুনি বহুত জনপ্ৰিয়, আহক মোৰ দলত যোগ দিয়কহি…’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে হাত মিলাই এই প্ৰস্তাৱ দিলে এগৰাকী ৰাষ্ট্ৰনেতাই। মোদীক বিজেপি এৰি তেওঁৰ দলত যোগ দিয়াৰ প্ৰস্তাৱ দিলে নেতাগৰাকীয়ে। এই প্ৰস্তাৱৰ প্ৰত্যুত্তৰ মোদীয়ে দিলে হাঁহিমুখে। এই দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মঙলবাৰে এই ঘটনা ঘটে। COP26 সন্মিলনত ভাগ ল’বলৈ স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাতেই তেওঁৰ সাক্ষাৎ হয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফালী বেনেটৰ সৈতে। এক হাস্যমুখৰ পৰিৱেশত মিলিত হয় দুয়োগৰাকী ৰাষ্ট্ৰনেতা

তাতেই ইজৰাইলৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী নাফালী বেনেটে মোদীক প্ৰস্তাৱ দিয়ে, ‘আপুনি ইজৰাইলত বহুত জনপ্ৰিয়। আপুনি মোৰ দলত যোগ দিয়কহি।’ বেনেটৰ এই প্ৰস্তাৱ লাভ কৰি মোদীতে তেওঁৰ হাতত থপৰিয়াই প্ৰাণখুলি হাঁহিবলৈ ধৰে। মোদী আৰু বেনেটৰ এই হাস্যমুখৰ মুহূৰ্তৰ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰাৰ লগে লগে ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছে। উল্লেখ্য যে, ইজৰাইলৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে মোদীৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।

নেতান্যাহু শেহতীয়াকৈ নিৰ্বাচনত পৰাজিত হয় আৰু তেওঁৰ স্থানত অধিষ্ঠিত হয় নাফালী বেনেট। বেনেটৰ সৈতে মোদীৰ এয়াই প্ৰথম আনুষ্ঠানিক সাক্ষাৎ। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই প্ৰযুক্তিগত বিষয় আৰু উদ্ভাৱন সম্পৰ্কে বিতংভাৱে আলোচনা কৰা বুলি ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনেটে দুয়ো দেশৰ মাজৰ বন্ধুত্ব অটুট ৰখাৰ বাবে মোদীৰ ধন্যবাদো জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ