--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধ বিদ্ধস্ত গাজাত এতিয়ালৈকে  হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে। ইজৰাইলে গাজা ষ্ট্ৰিপ ধ্বংস কৰাৰ পিছত এইবাৰ ৱেষ্ট বেংকত  আক্ৰমণ আৰম্ভ কৰিছে । ইজৰাইলী সেনাই ৱেষ্ট বেংকৰ  এটা শৰণাৰ্থী শিবিৰত আক্ৰমণ চলাইছে। এই আক্ৰমণত ছজন পেলেষ্টাইনী নিহত হৈছে।   দিন বাগৰাৰ লগে লগে হামাছ আৰু ইজৰাইলৰ  সেনাৰ মাজত যুদ্ধ অধিক ভয়াৱহ হৈ পৰিছে। মৃত্যুৰ সংখ্যা ক্ৰমে বাঢ়ি গৈছে।  

 ইজৰাইলী সেনাই শুক্ৰবাৰে পুৱতি নিশা ৱেষ্ট বেংকৰ ফাৰা শৰণাৰ্থী শিবিৰত আক্ৰমণ চলায় । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে আক্ৰমণৰ ঘটনাটো  নিশ্চিত কৰিছে। স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে ইজৰাইলী সেনাই আহতসকলক চিকিৎসালয়লৈ নিয়াত বাধা দিছে। এম্বুলেন্সবোৰ  ৰখাই দিয়া হৈছে।  উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত কালি হামাছ  সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ আক্ৰমণ চলোৱা  হৈছিল। জাবালিয়া শৰণাৰ্থী শিবিৰত পূৰ্বেও   আক্ৰমণ চলোৱা হৈছিল। উক্ত আক্ৰমণত বহুলোকে প্ৰাণ হেৰুৱাইছিল। 

ইজৰাইলে ৭ অক্টোবৰত হামাছে চলোৱা আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ  গাজা আৰু তাৰ পিছতে ৱেষ্ট বেংকত আক্ৰমণ আৰম্ভ কৰিছে। । উত্তৰ গাজাক চূৰ্ণ-বিচূৰ্ণ কৰাৰ পিছত তেল আভিভে এতিয়া দক্ষিণ গাজাত চকু দিছে। ইজৰাইলী সেনাৰ  আক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ইতিমধ্যে ১৫,০০০ অতিক্ৰম কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক