--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধ বিদ্ধস্ত গাজাত এতিয়ালৈকে  হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে। ইজৰাইলে গাজা ষ্ট্ৰিপ ধ্বংস কৰাৰ পিছত এইবাৰ ৱেষ্ট বেংকত  আক্ৰমণ আৰম্ভ কৰিছে । ইজৰাইলী সেনাই ৱেষ্ট বেংকৰ  এটা শৰণাৰ্থী শিবিৰত আক্ৰমণ চলাইছে। এই আক্ৰমণত ছজন পেলেষ্টাইনী নিহত হৈছে।   দিন বাগৰাৰ লগে লগে হামাছ আৰু ইজৰাইলৰ  সেনাৰ মাজত যুদ্ধ অধিক ভয়াৱহ হৈ পৰিছে। মৃত্যুৰ সংখ্যা ক্ৰমে বাঢ়ি গৈছে।  

 ইজৰাইলী সেনাই শুক্ৰবাৰে পুৱতি নিশা ৱেষ্ট বেংকৰ ফাৰা শৰণাৰ্থী শিবিৰত আক্ৰমণ চলায় । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে আক্ৰমণৰ ঘটনাটো  নিশ্চিত কৰিছে। স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে ইজৰাইলী সেনাই আহতসকলক চিকিৎসালয়লৈ নিয়াত বাধা দিছে। এম্বুলেন্সবোৰ  ৰখাই দিয়া হৈছে।  উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত কালি হামাছ  সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ আক্ৰমণ চলোৱা  হৈছিল। জাবালিয়া শৰণাৰ্থী শিবিৰত পূৰ্বেও   আক্ৰমণ চলোৱা হৈছিল। উক্ত আক্ৰমণত বহুলোকে প্ৰাণ হেৰুৱাইছিল। 

ইজৰাইলে ৭ অক্টোবৰত হামাছে চলোৱা আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ  গাজা আৰু তাৰ পিছতে ৱেষ্ট বেংকত আক্ৰমণ আৰম্ভ কৰিছে। । উত্তৰ গাজাক চূৰ্ণ-বিচূৰ্ণ কৰাৰ পিছত তেল আভিভে এতিয়া দক্ষিণ গাজাত চকু দিছে। ইজৰাইলী সেনাৰ  আক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ইতিমধ্যে ১৫,০০০ অতিক্ৰম কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ