--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভূত চতুৰ্দশী। ভূত চতুৰ্দশী এক হিন্দু উৎসৱ। কালী পূজাৰ আগদিনা এই ভূত চতুৰ্দশী পালন কৰা হয়।  ভূত অৰ্থাৎ অতীত আৰু চতুৰ্দশী মানে কৃষ্ণপক্ষৰ ১৪তম দিনটোক কোৱা হয়। হিন্দু পঞ্জিকা অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিৱসত ভূত চতুৰ্দশী পালন কৰা হয়। আজিৰ দিনটোত সনাতনীসকলে চৈধ্যটা মাটিৰ চাকি জ্বলায়। ইয়াৰ লগতে চৈধ্যবিধ শাক ৰান্ধি খোৱা হয়। 

ভূত চতুৰ্দশীৰ পৌৰাণিক কাহিনী

ভগৱান বিষ্ণুৰ পৰম ভক্ত প্ৰহ্লাদৰ নাতি আছিল মহাবলী, মহাপ্ৰতাপী বলি। দৈত্য ৰজা বলিয়ে যেতিয়া স্বৰ্গ, মৰ্ত্য আৰু পাতাল দখল কৰি ল’লে, তেতিয়া অসুৰসকলে সকলোকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। বলিয়ে স্বৰ্গ দখল কৰি দেৱতাসকলক খেদিবলৈ পৰিকল্পনা কৰাত উপায়হীন হৈ দেৱতাসকল শ্ৰী বিষ্ণুৰ কাষ চাপে। দেৱতাৰ দুখ-দুৰ্দশা দেখি বিষ্ণুৱে বামনৰ অৱতাৰ লৈ পৃথিৱীলৈ যায়।

বলি আছিল মহান দানী। তাৰে সুযোগ লৈ বিষ্ণুৱে দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি দান হিচাপে তিনিপদ ভূমি বিচাৰে। এই কথাত বলি আনন্দ মনেৰে ৰাজী হ'ল। বলিয়ে এবাৰ কথা দিলে সেই কথা নিজৰ প্ৰাণ দি হ’লেও ৰাখিবই। বলিয়ে ভাবিছিল এইজন বাওনা মানুহক তিনিপদ ভূমি দিয়াতোনো কি ডাঙৰ কথা! বলিয়ে বুজি নাপালে ইয়াৰ আঁৰত যে আছে ভগৱান বিষ্ণুৰ চল-চাতুৰী। বিষ্ণুৰূপী বামনে বিৰাট আকাৰ ধাৰণ কৰি প্ৰথম পদ অৰ্থাৎ ভৰিখন থলে স্বৰ্গত, দ্বিতীয় ভৰি থলে মৰ্ত্যত আৰু তৃতীয় পদৰ মাটি ক’ত পাম বুলি প্ৰশ্ন কৰাত বলিয়ে নিজৰ শিৰ পাতি দিলে। আৰু তেতিয়া বিষ্ণুৱে বলিক পাতাললৈ পঠাই দিলে। বলিয়ে পাছতহে বুজি পালে যে ইয়াৰ আঁৰত আছিল নাৰায়ণ বিষ্ণুৰ গভীৰ ষড়যন্ত্ৰ। 

বলিৰ এই মহান দানত ভগৱান বিষ্ণু সন্তুষ্ট হৈ বলিক অমৰত্ব প্ৰদান কৰি বছৰৰ এই বিশেষ দিনটোত অশৰীৰ আত্মা প্ৰেতাত্মাৰ লগত পৃথিৱীলৈ অহাৰ অনুমতি দিলে। তেতিয়াৰ পৰা কালী পূজাৰ আগৰ নিশা পাতালৰ পৰা ৰজা বলি আহি পৃথিৱীত পূজা ল’বলৈ আহে। এই সময়ত তেওঁৰ লগত হাজাৰ হাজাৰ ভূত, আত্মা আৰু অশৰীৰী সত্তা আহে আৰু এই দিনটোকে জনা যায় ভূত চতুৰ্দশী হিচাপে।

আন এক বিশ্বাস মতে, চামুণ্ডা ৰূপী মায়ে ১৪ ডাকিনী, যোগীনীৰে অশুভ শক্তি নাশ কৰিবলৈ পৃথিৱীলৈ আহে। ভক্তৰ ঘৰৰ পৰা অশুভ শক্তি আঁতৰাবলৈ আজিৰ দিনটোত চামুণ্ডা ৰূপত মাতৃ কালীৰ পৃথিৱীলৈ আগমন ঘটে।

আন এক তথ্য অনুযায়ী ভগৱান শ্ৰী কৃষ্ণই কাতি মাহৰ কৃষ্ণা চতুৰ্দশীত নৰকাসুৰক বধ কৰে আৰু সেয়ে এই চতুৰ্দশীক কোনো কোনো স্থানত নৰক চতুৰ্দশী বুলিও কোৱা হয়। 

হিন্দু ধৰ্মত মৃত পূৰ্বপুৰুষসকল ভূত চতুৰ্দশীত মৰ্ত্যলোকলৈ আহে বুলি বিশ্বাস কৰা হয় তেওঁলোকক সুখী কৰি ৰাখিবলৈ আৰু অতৃপ্ত আত্মাৰ অভিশাপ দূৰ কৰিবলৈ পূজা কৰা হয়। প্ৰথা অনুসৰি এই দিনটোত ১৪ বিধ শাক ৰান্ধি খোৱা হয় আৰু চৈধ্যটা চাকি জ্বলোৱা হয়। 

ভূত চতুৰ্দশীত কিয় জ্বলোৱা হয় ১৪টা চাকি?

জনবিশ্বাস অনুসৰি ভূত চতুৰ্দশীৰ দিনা কিছু সময়ৰ বাবে স্বৰ্গ আৰু নৰকৰ দুৱাৰ মুকলি হয়, তেতিয়া আত্মাবোৰ পৃথিৱীলৈ নামি আহে। বলি ৰজাও আজিৰ দিনটোতে পাতালৰ পৰা ভূত-প্ৰেতৰ সৈতে পৃথিৱীলৈ আহে। আজিৰ দিনটোত অশুভ শক্তিৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায় বুলি জনবিশ্বাস প্ৰচলিত। নিজৰ ঘৰৰ পৰা এই অশুভ শক্তিক আঁতৰাই ৰাখিবলৈ ১৪টা চাকি জ্বলোৱা হয়। দিনটো চতুৰ্দশী হোৱাৰ বাবে ১৪টা চাকি জ্বলাই দিয়া হয়।

আন এটা তত্ত্ব অনুসৰি ভূত চতুৰ্দশী তিথিৰ দিনা পূৰ্বপুৰুষসকলৰ আত্মা পৃথিৱীলৈ আহে। সেইদিনা সাতপুৰুষৰ নামত সন্ধিয়া ১৪ চাকি জ্বলোৱা হয়। অমাৱস্যাৰ আগৰ নিশা ১৪টা চাকি জ্বলাই আন্ধাৰত তেওঁলোকক পথ প্ৰদৰ্শন কৰা হয়। ১৪টা চাকি জ্বলাই ঘৰৰ সদস্যসকলে নিজৰ বিদায়ী পূৰ্বপুৰুষক পাহৰা নাই বুলি প্ৰমাণিত কৰে।  

পদ্মপুৰাণত উল্লেখ থকা অনুসৰি ভূত চতুৰ্দশীত গংগাত স্নান কৰিলে নৰকৰ কষ্ট, যাতনা বেদনা কম হৈ পৰে। 

ভূত চতুৰ্দশীত ১৪ শাক কিয় খোৱা হয়?

ভূত চতুৰ্দশীৰ দিনা ১৪ প্ৰকাৰৰ শাক খোৱাৰ পৰম্পৰা আছে। হিন্দু ধৰ্মৰ মতে মৃত্যুৰ পিছত মানৱ শৰীৰ পঞ্চভূত অৰ্থাৎ ১) মাটি ২) পানী ৩) জুই ৪) বায়ু ৫) আকাশত বিলীন হৈ যায়। বিশ্বাস কৰা হয় যে পানী, মাটি, বায়ু, অগ্নি, আকাশত বিলীন হৈ আছে আমাৰ পূৰ্বপুৰুষসকলৰ আত্মা। তেওঁলোক এই দিনত মৰ্ত্যলৈ আহে। সেয়েহে প্ৰকৃতিৰ পৰা ১৪ শাক গ্ৰহণ কৰি পূৰ্বপুৰুষক স্মৰণ কৰা হয়। আয়ুৰ্বেদিক গুণাগুণ অনুসৰি ঋতু পৰিৱৰ্তনৰ সময়ত এই ১৪ বিধ শাক খালে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

আচলতে হেমন্তকালৰ এই সময়ত লাহে লাহে শীতকালৰো আগমন ঘটে। এই সময়ছোৱাত চৰ্দি, কাহকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে। সেই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শাস্ত্ৰকাৰসকলে এই দিনটোত ১৪ বিধ খাবলৈ নিৰ্দেশ দিছিল বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement