--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাছিকৰ চৈধ্য বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰ স্বয়ম পাটিলক ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' লিংকৰ জৰিয়তে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত সোমবাৰে মহাৰাষ্ট্ৰৰ নাছিকৰ চৈধ্য বছৰীয়া স্বয়ম পাটিলক ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’ প্ৰদান কৰে। হাতীগুহাৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ চাৰি ঘণ্টা ন মিনিটত ১৪ কিলোমিটাৰ দূৰত্ব সাঁতুৰিবলৈ সক্ষম হোৱা স্বয়মক এই সন্মানেৰে সন্মানিত কৰা হয়। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বিষয়ববীয়াসকলে কৈছিল যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰৰ দ্বাৰা বিকশিত ব্লকচেইন প্ৰযুক্তি ব্যৱহাৰ কৰি স্বয়ম পাটিলৰ মোবাইল ফোনলৈ এখন ডিজিটেল প্ৰমাণপত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু পুৰস্কাৰৰ অংশ হিচাপে তেওঁৰ বেংক একাউণ্টত ১ লাখ টকা জমা কৰা হৈছিল। স্বয়মৰ লগতে তেওঁৰ পিতৃ-মাতৃ বিলাস পাটিল, বিদ্যা পাটিল আৰু জিলা সংগ্ৰাহক সুৰজ মন্ধাৰে অনুষ্ঠানটোত উপস্থিত আছিল। স্বয়মে ইয়াৰ পূৰ্বে Limca Book of Records 2017, National Award 2018 for the empowerment of Divyang people, Wonder Book of International Record 2018, District Award 2020 আৰু World Record India awards পাবলৈ সক্ষম হৈছে। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী তথা নাছিক জিলাৰ অভিভাৱক মন্ত্ৰী ছগন ভুজবলে স্বয়ম পাটিলৰ ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে ১৪গৰাকী ছোৱালীসহ ২৯টা শিশুক ছটা ক্ষেত্ৰ যেনে উদ্ভাৱন, শিক্ষাগত সাফল্য, ক্ৰীড়া, কলা আৰু সংস্কৃতি, সমাজ সেৱা আৰু সাহসিকতাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল। প্ৰচুৰ জীৱনশক্তি থাকিলে জীৱন যাত্ৰাত আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো কাৰকে যে বাধা দিব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে স্বয়ম পাটিলে। আৰু পঢ়কঃ ৫০০ টকা খুচুৰা কৰিবৰ বাবে কিনিছিল লটাৰী টিকট; কোটিপতি হ’ল দৰিদ্ৰ চিত্ৰকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি