--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাছিকৰ চৈধ্য বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰ স্বয়ম পাটিলক ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' লিংকৰ জৰিয়তে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত সোমবাৰে মহাৰাষ্ট্ৰৰ নাছিকৰ চৈধ্য বছৰীয়া স্বয়ম পাটিলক ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’ প্ৰদান কৰে। হাতীগুহাৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ চাৰি ঘণ্টা ন মিনিটত ১৪ কিলোমিটাৰ দূৰত্ব সাঁতুৰিবলৈ সক্ষম হোৱা স্বয়মক এই সন্মানেৰে সন্মানিত কৰা হয়। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বিষয়ববীয়াসকলে কৈছিল যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰৰ দ্বাৰা বিকশিত ব্লকচেইন প্ৰযুক্তি ব্যৱহাৰ কৰি স্বয়ম পাটিলৰ মোবাইল ফোনলৈ এখন ডিজিটেল প্ৰমাণপত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু পুৰস্কাৰৰ অংশ হিচাপে তেওঁৰ বেংক একাউণ্টত ১ লাখ টকা জমা কৰা হৈছিল। স্বয়মৰ লগতে তেওঁৰ পিতৃ-মাতৃ বিলাস পাটিল, বিদ্যা পাটিল আৰু জিলা সংগ্ৰাহক সুৰজ মন্ধাৰে অনুষ্ঠানটোত উপস্থিত আছিল। স্বয়মে ইয়াৰ পূৰ্বে Limca Book of Records 2017, National Award 2018 for the empowerment of Divyang people, Wonder Book of International Record 2018, District Award 2020 আৰু World Record India awards পাবলৈ সক্ষম হৈছে। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী তথা নাছিক জিলাৰ অভিভাৱক মন্ত্ৰী ছগন ভুজবলে স্বয়ম পাটিলৰ ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে ১৪গৰাকী ছোৱালীসহ ২৯টা শিশুক ছটা ক্ষেত্ৰ যেনে উদ্ভাৱন, শিক্ষাগত সাফল্য, ক্ৰীড়া, কলা আৰু সংস্কৃতি, সমাজ সেৱা আৰু সাহসিকতাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল। প্ৰচুৰ জীৱনশক্তি থাকিলে জীৱন যাত্ৰাত আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো কাৰকে যে বাধা দিব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে স্বয়ম পাটিলে। আৰু পঢ়কঃ ৫০০ টকা খুচুৰা কৰিবৰ বাবে কিনিছিল লটাৰী টিকট; কোটিপতি হ’ল দৰিদ্ৰ চিত্ৰকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক