--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী নাৰ্চৰ কৰুণ মৃত্যু। জ্যোতি গাৱলী নামৰ নাৰ্চগৰাকীয়ে ৫০০০ মহিলাৰ প্ৰসৱ সুকলমে হোৱাত সেৱা আগবঢ়াইছিল। কিন্তু নিজৰে প্ৰসৱৰ সময়ত কৰুণ মৃত্যুক সাবটিলে ৩৮ বছৰীয়া জ্যোতিয়ে। মহাৰাষ্ট্ৰৰ হিংগোলী জিলাত সংঘটিত হৈছে এই ঘটনা। সন্তান জন্ম দিয়াৰ পাছত প্ৰসৱকালীন জটিলতাৰ ফলত তেওঁৰ মৃত্যু হয়। জ্যোতি গাৱলীক হিংগোলী অসামৰিক চিকিৎসালয়ত সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা হৈছিল। জ্যোতিয়ে প্ৰসব হোৱাৰ আগমূহুৰ্তলৈ কাম কৰিছিল আৰু তাৰপাছত তেওঁ প্ৰসৱৰ বাবে ভৰ্তি হৈছিল।

জ্যোতিয়ে ছিজাৰিয়ান কৰি এটা স্বাস্থ্যৱান কেঁচুৱা জন্ম দিয়ে। সন্তান জন্ম দিয়াৰ পাছতেই নাৰ্চগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁৰ অত্যধিক ৰক্তক্ষৰণ হয়। জ্যোতিক নান্দেদৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু যাত্ৰাপথতে তেওঁৰ মৃত্যু ঘটে।চিকিৎসকসকলে জ্যোতিৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। জ্যোতিয়ে উশাহ লোৱাতো কষ্ট পাইছিল। অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে।

আৰু পঢ়কঃ প্ৰেমিকৰ বয়স ৫৮, প্ৰেমিকাৰ ২৯! ইণ্টাৰনেটত শিহৰণ তোলে এই প্ৰেমিকযুগলে

জ্যোতিয়ে হিংগোলীত কাম কৰাৰ পূৰ্বে গোৰেগাঁও চিকিৎসালয়ত কাম কৰিছিল। জ্যোতি গাৱলীয়ে তেওঁৰ পাঁচ বছৰীয়া সেৱাত ৫০০০ হাজাৰ মহিলাৰ ডেলিভাৰীত সহায় কৰি গ'ল। নাৰ্ছ হিচাপে কাম কৰা জ্যোতি গাৱলী সন্তান ডেলিভাৰীৰ বাবে আটাইতকৈ পছন্দৰ নাৰ্ছ আছিল। জ্যোতিয়ে মহিলাসকলক স্বাভাৱিক প্ৰসৱৰ লগতে অস্ত্ৰোপচাৰ থিয়েটাৰত ছিজাৰিয়ান প্ৰসৱত সহায় কৰিছিল কিন্তু নিজৰ প্ৰসৱৰ সময়তে তেওঁ মৃত্যুক আঁকোৱালি লোৱাত সকলো শোকত ভাঙি পৰিছে। মৃত্যুৰ সময়ত জ্যোতিয়ে নৱজাত শিশুটিৰ লগতে স্বামী আৰু প্ৰথম সন্তানক এৰি থৈ গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক