--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী নাৰ্চৰ কৰুণ মৃত্যু। জ্যোতি গাৱলী নামৰ নাৰ্চগৰাকীয়ে ৫০০০ মহিলাৰ প্ৰসৱ সুকলমে হোৱাত সেৱা আগবঢ়াইছিল। কিন্তু নিজৰে প্ৰসৱৰ সময়ত কৰুণ মৃত্যুক সাবটিলে ৩৮ বছৰীয়া জ্যোতিয়ে। মহাৰাষ্ট্ৰৰ হিংগোলী জিলাত সংঘটিত হৈছে এই ঘটনা। সন্তান জন্ম দিয়াৰ পাছত প্ৰসৱকালীন জটিলতাৰ ফলত তেওঁৰ মৃত্যু হয়। জ্যোতি গাৱলীক হিংগোলী অসামৰিক চিকিৎসালয়ত সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা হৈছিল। জ্যোতিয়ে প্ৰসব হোৱাৰ আগমূহুৰ্তলৈ কাম কৰিছিল আৰু তাৰপাছত তেওঁ প্ৰসৱৰ বাবে ভৰ্তি হৈছিল।

জ্যোতিয়ে ছিজাৰিয়ান কৰি এটা স্বাস্থ্যৱান কেঁচুৱা জন্ম দিয়ে। সন্তান জন্ম দিয়াৰ পাছতেই নাৰ্চগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁৰ অত্যধিক ৰক্তক্ষৰণ হয়। জ্যোতিক নান্দেদৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু যাত্ৰাপথতে তেওঁৰ মৃত্যু ঘটে।চিকিৎসকসকলে জ্যোতিৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। জ্যোতিয়ে উশাহ লোৱাতো কষ্ট পাইছিল। অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে।

আৰু পঢ়কঃ প্ৰেমিকৰ বয়স ৫৮, প্ৰেমিকাৰ ২৯! ইণ্টাৰনেটত শিহৰণ তোলে এই প্ৰেমিকযুগলে

জ্যোতিয়ে হিংগোলীত কাম কৰাৰ পূৰ্বে গোৰেগাঁও চিকিৎসালয়ত কাম কৰিছিল। জ্যোতি গাৱলীয়ে তেওঁৰ পাঁচ বছৰীয়া সেৱাত ৫০০০ হাজাৰ মহিলাৰ ডেলিভাৰীত সহায় কৰি গ'ল। নাৰ্ছ হিচাপে কাম কৰা জ্যোতি গাৱলী সন্তান ডেলিভাৰীৰ বাবে আটাইতকৈ পছন্দৰ নাৰ্ছ আছিল। জ্যোতিয়ে মহিলাসকলক স্বাভাৱিক প্ৰসৱৰ লগতে অস্ত্ৰোপচাৰ থিয়েটাৰত ছিজাৰিয়ান প্ৰসৱত সহায় কৰিছিল কিন্তু নিজৰ প্ৰসৱৰ সময়তে তেওঁ মৃত্যুক আঁকোৱালি লোৱাত সকলো শোকত ভাঙি পৰিছে। মৃত্যুৰ সময়ত জ্যোতিয়ে নৱজাত শিশুটিৰ লগতে স্বামী আৰু প্ৰথম সন্তানক এৰি থৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা